--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ ৰাটলামৰ বাসিন্দা ললিত পাটিদাৰৰ বয়স মাত্ৰ ১৭ বছৰ আৰু তেওঁ এক বিৰল ৰোগত আক্ৰান্ত, যাৰ বাবে তেওঁৰ মুখৰ চুলি ৫ ছেণ্টিমিটাৰপৰ্যন্ত দীঘল হৈ পৰিছে। ললিত ৱেৰউলফ চিণ্ড্ৰম ৰোগত আক্ৰান্ত। এই ৰোগত মুখত চুলি গজে যাৰ ফলত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখখন পহুৰ দৰে দেখাবলৈ আৰম্ভ কৰে।

 ললিত মধ্যপ্ৰদেশৰ ৰাটলামৰ নন্দলেটা গাঁৱৰ বাসিন্দা। এক সংবাদ মাধ্যমৰ আগত ললিতে কয় যে তেওঁৰ দেউতাক এজন খেতিয়ক আৰু তেওঁ এজন সাধাৰণ ঘৰৰ ল’ৰা হোৱাৰ লগতে তেওঁ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত। ইয়াৰ উপৰি ললিতে কয় যে তেওঁক সৰু ল’ৰা-ছোৱালীয়ে দেখি ভয় খাইছিল। সেই সময়ত ললিতে বুজিব পৰা নাছিল যে মানুহে তেওঁক দেখি কিয় ভয় কৰে, তাৰ পাছত লাহে লাহে উপলব্ধি কৰিলে যে বাকী লোকতকৈ তেওঁ অলপ দেখিবলৈ পৃথক।

দৰাচলতে হাইপাৰট্ৰাইক’ছিছ ৰোগত শৰীৰত অস্বাভাৱিক পৰিমাণৰ চুলি গজিবলৈ আৰম্ভ কৰে। হাইপাৰট্ৰাইক’ছিছ দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে সাধাৰণীকৃত হাইপাৰট্ৰাইক’ছিছ য’ত গোটেই শৰীৰত চুলি থাকে। দ্বিতীয়তে, স্থানীয় হাইপাৰট্ৰাইক’ছিছ। য’ত চুলি কেৱল এটা নিৰ্দিষ্ট স্থানতহে গজে।

 উল্লেখ্য যে ৬ৰ পৰা ৭ বছৰ বয়সলৈকে ললিতে এই পৰিৱৰ্তন অনুভৱ কৰিব পৰা নাছিল যদিও লাহে লাহে তেওঁ নিজকে বাকীবোৰতকৈ পৃথক বুলি আৱিষ্কাৰ কৰিলে। ল’ৰা-ছোৱালীয়ে ললিতক ভূত-বান্দৰ আদি নামেৰে জোকাইছিল আৰু ভয়ংকৰ আখ্যা দিছিল। ললিতে কয় যে তেওঁ বহু কথা শিকিবলৈ পাইছিল আৰু শিকি অহা আটাইতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁ লাখৰ ভিতৰত এজন লোক। এই উপলব্ধিৰ পাছতে তেওঁৰ মনোবল দুগুণে বৃদ্ধি কৰিছিল আৰু তেওঁ কেতিয়াও হাৰ নামানিছিল। তেওঁ জীৱন যুঁজত মুকলিভাৱে জীয়াই থাকিবলৈ বদ্ধপৰিকৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক