--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ ৰাটলামৰ বাসিন্দা ললিত পাটিদাৰৰ বয়স মাত্ৰ ১৭ বছৰ আৰু তেওঁ এক বিৰল ৰোগত আক্ৰান্ত, যাৰ বাবে তেওঁৰ মুখৰ চুলি ৫ ছেণ্টিমিটাৰপৰ্যন্ত দীঘল হৈ পৰিছে। ললিত ৱেৰউলফ চিণ্ড্ৰম ৰোগত আক্ৰান্ত। এই ৰোগত মুখত চুলি গজে যাৰ ফলত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখখন পহুৰ দৰে দেখাবলৈ আৰম্ভ কৰে।

 ললিত মধ্যপ্ৰদেশৰ ৰাটলামৰ নন্দলেটা গাঁৱৰ বাসিন্দা। এক সংবাদ মাধ্যমৰ আগত ললিতে কয় যে তেওঁৰ দেউতাক এজন খেতিয়ক আৰু তেওঁ এজন সাধাৰণ ঘৰৰ ল’ৰা হোৱাৰ লগতে তেওঁ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত। ইয়াৰ উপৰি ললিতে কয় যে তেওঁক সৰু ল’ৰা-ছোৱালীয়ে দেখি ভয় খাইছিল। সেই সময়ত ললিতে বুজিব পৰা নাছিল যে মানুহে তেওঁক দেখি কিয় ভয় কৰে, তাৰ পাছত লাহে লাহে উপলব্ধি কৰিলে যে বাকী লোকতকৈ তেওঁ অলপ দেখিবলৈ পৃথক।

দৰাচলতে হাইপাৰট্ৰাইক’ছিছ ৰোগত শৰীৰত অস্বাভাৱিক পৰিমাণৰ চুলি গজিবলৈ আৰম্ভ কৰে। হাইপাৰট্ৰাইক’ছিছ দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে সাধাৰণীকৃত হাইপাৰট্ৰাইক’ছিছ য’ত গোটেই শৰীৰত চুলি থাকে। দ্বিতীয়তে, স্থানীয় হাইপাৰট্ৰাইক’ছিছ। য’ত চুলি কেৱল এটা নিৰ্দিষ্ট স্থানতহে গজে।

 উল্লেখ্য যে ৬ৰ পৰা ৭ বছৰ বয়সলৈকে ললিতে এই পৰিৱৰ্তন অনুভৱ কৰিব পৰা নাছিল যদিও লাহে লাহে তেওঁ নিজকে বাকীবোৰতকৈ পৃথক বুলি আৱিষ্কাৰ কৰিলে। ল’ৰা-ছোৱালীয়ে ললিতক ভূত-বান্দৰ আদি নামেৰে জোকাইছিল আৰু ভয়ংকৰ আখ্যা দিছিল। ললিতে কয় যে তেওঁ বহু কথা শিকিবলৈ পাইছিল আৰু শিকি অহা আটাইতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁ লাখৰ ভিতৰত এজন লোক। এই উপলব্ধিৰ পাছতে তেওঁৰ মনোবল দুগুণে বৃদ্ধি কৰিছিল আৰু তেওঁ কেতিয়াও হাৰ নামানিছিল। তেওঁ জীৱন যুঁজত মুকলিভাৱে জীয়াই থাকিবলৈ বদ্ধপৰিকৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু