--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ অহা ৮ নৱেম্বৰত হ’ব। এই চন্দ্ৰগ্ৰহণে বহুতো অশুভ ফল প্ৰদান কৰিব। কাৰণ এই চন্দ্ৰগ্ৰহণৰ ফলত গঢ় লৈ উঠিছে শনি-মংগলৰ শদাষ্টক যোগ। ইয়াৰ ফল ১২টা ৰাশিৰ ওপৰতে কম-বেছি পৰিমাণে প্ৰভাৱ পেলাব। জ্যোতিষশাস্ত্ৰ অনুসৰি এই চন্দ্ৰগ্ৰহণৰ ক্ষেত্ৰত সকলোৱে সাৱধানে থকাৰ বিপৰীতে বেয়া প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ বাবে কি কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জানো আহক।

 ৰাশি অনুসৰি চন্দ্ৰ গ্ৰহনৰ বেয়া প্ৰভাৱৰ প্ৰতিকাৰসমূহ-

মেষ ৰাশিঃ-মানসিক উত্তেজনা বৃদ্ধি পাব। প্ৰতিকাৰ হিচাপে মিচিৰি মিহলি পানীৰে চন্দ্ৰক অৰ্ঘ্য আগবঢ়াওক।

বৃষ ৰাশিঃ-চকুৰ সমস্যাত ভুগিব পাৰে। নিমখৰ পৰিমাণ হ্ৰাস কৰিব।

মিথুন ৰাশিঃ-আৰ্থিক সমস্যা হ’ব পাৰে। কেঁচা গাখীৰেৰে মহাদেৱৰ অভিষেক কৰিব।

কৰ্কট ৰাশিঃ-শাৰীৰিক সমস্যা হ’ব পাৰে। 'ॐ सोमाय नमः' জপ কৰক।

সিংহ ৰাশিঃ-স্বাস্থ্য সমস্যাৰ বাবে ধনৰ ব্যয় বৃদ্ধি পাব, 'नमः शिवाय' জপ কৰক।

কন্যা ৰাশিঃ-টকা পোৱাত অসুবিধা হ’ব। শিৱলিংগত এমুঠি চাউল আগবঢ়াওক।

তুলা ৰাশিঃ-চাকৰিৰ ক্ষেত্ৰত অসুবিধা হ’ব। ‘শিৱ চালিছা’ পাঠ কৰক।

বৃশ্চিক ৰাশিঃ-পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ৰূপৰ পাত্ৰৰ পৰা পানী খাব।

ধনুঃ-সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। খাদ্য আৰু কাপোৰ দান কৰক।

মকৰ ৰাশিঃ-ব্যৱসায়ত সমস্যা বাঢ়িব পাৰে। চন্দ্ৰ স্তোত্ৰ পাঠ কৰক।

কুম্ভ ৰাশিঃ-গোপন শত্ৰুৱে আপোনাক অশান্তি দিব। শিৱস্তক পাঠ কৰক।

মীন ৰাশিঃ-প্ৰেমৰ সম্পৰ্কত সমস্যা হ’ব। মুকুতা পিন্ধক।

 চন্দ্ৰগ্ৰহণৰ সময়-

ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৪১ বজাৰ পৰা সন্ধিয়া ৬:১৮ বজালৈ।

ভাৰতত দৃশ্যমানৰ সময় বিয়লি ৫:৩২ বজাৰ পৰা ৬:১৮ বজালৈ।

সুতক কালঃ ৮ নৱেম্বৰৰ পুৱা ৮.২০ বজাৰ পৰা আৰম্ভ।

 জ্যোতিষীসকলৰ মতে এইবাৰ চন্দ্ৰগ্ৰহণ আংশিক হ’ব আৰু ভাৰতকে ধৰি মাত্ৰ কেইখনমান দেশতহে চন্দ্ৰগ্ৰহণ দেখা যাব। এই সময়ছোৱাত যিকোনো ধৰণৰ শুভ বা ধৰ্মীয় কামৰ পৰা বিৰত থকা উচিত। এই দিনটোত মংগল, শনি, সূৰ্য্য আৰু ৰাহুৰ মুখামুখি হ’ব, ইয়াৰ লগতে তুলা ৰাশিত চন্দ্ৰ, বুধ, সূৰ্য্য আৰু শুক্ৰৰ এক ধ্বংসাত্মক যোগৰ সৃষ্টি হৈছে। গতিকে এই চন্দ্ৰগ্ৰহণৰ সময়ত সকলো লোকেই সজাগ হৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক