--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ অহা ৮ নৱেম্বৰত হ’ব। এই চন্দ্ৰগ্ৰহণে বহুতো অশুভ ফল প্ৰদান কৰিব। কাৰণ এই চন্দ্ৰগ্ৰহণৰ ফলত গঢ় লৈ উঠিছে শনি-মংগলৰ শদাষ্টক যোগ। ইয়াৰ ফল ১২টা ৰাশিৰ ওপৰতে কম-বেছি পৰিমাণে প্ৰভাৱ পেলাব। জ্যোতিষশাস্ত্ৰ অনুসৰি এই চন্দ্ৰগ্ৰহণৰ ক্ষেত্ৰত সকলোৱে সাৱধানে থকাৰ বিপৰীতে বেয়া প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ বাবে কি কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জানো আহক।

 ৰাশি অনুসৰি চন্দ্ৰ গ্ৰহনৰ বেয়া প্ৰভাৱৰ প্ৰতিকাৰসমূহ-

মেষ ৰাশিঃ-মানসিক উত্তেজনা বৃদ্ধি পাব। প্ৰতিকাৰ হিচাপে মিচিৰি মিহলি পানীৰে চন্দ্ৰক অৰ্ঘ্য আগবঢ়াওক।

বৃষ ৰাশিঃ-চকুৰ সমস্যাত ভুগিব পাৰে। নিমখৰ পৰিমাণ হ্ৰাস কৰিব।

মিথুন ৰাশিঃ-আৰ্থিক সমস্যা হ’ব পাৰে। কেঁচা গাখীৰেৰে মহাদেৱৰ অভিষেক কৰিব।

কৰ্কট ৰাশিঃ-শাৰীৰিক সমস্যা হ’ব পাৰে। ' सोमाय नमः' জপ কৰক।

সিংহ ৰাশিঃ-স্বাস্থ্য সমস্যাৰ বাবে ধনৰ ব্যয় বৃদ্ধি পাব, 'नमः शिवायজপ কৰক।

কন্যা ৰাশিঃ-টকা পোৱাত অসুবিধা হ’ব। শিৱলিংগত এমুঠি চাউল আগবঢ়াওক।

তুলা ৰাশিঃ-চাকৰিৰ ক্ষেত্ৰত অসুবিধা হ’ব। ‘শিৱ চালিছা’ পাঠ কৰক।

বৃশ্চিক ৰাশিঃ-পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ৰূপৰ পাত্ৰৰ পৰা পানী খাব।

ধনুঃ-সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। খাদ্য আৰু কাপোৰ দান কৰক।

মকৰ ৰাশিঃ-ব্যৱসায়ত সমস্যা বাঢ়িব পাৰে। চন্দ্ৰ স্তোত্ৰ পাঠ কৰক।

কুম্ভ ৰাশিঃ-গোপন শত্ৰুৱে আপোনাক অশান্তি দিব। শিৱস্তক পাঠ কৰক।

মীন ৰাশিঃ-প্ৰেমৰ সম্পৰ্কত সমস্যা হ’ব। মুকুতা পিন্ধক।

 চন্দ্ৰগ্ৰহণৰ সময়-

ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৪১ বজাৰ পৰা সন্ধিয়া ৬:১৮ বজালৈ।

ভাৰতত দৃশ্যমানৰ সময় বিয়লি ৫:৩২ বজাৰ পৰা ৬:১৮ বজালৈ।

সুতক কালঃ ৮ নৱেম্বৰৰ পুৱা ৮.২০ বজাৰ পৰা আৰম্ভ।

 জ্যোতিষীসকলৰ মতে এইবাৰ চন্দ্ৰগ্ৰহণ আংশিক হ’ব আৰু ভাৰতকে ধৰি মাত্ৰ কেইখনমান দেশতহে চন্দ্ৰগ্ৰহণ দেখা যাব। এই সময়ছোৱাত যিকোনো ধৰণৰ শুভ বা ধৰ্মীয় কামৰ পৰা বিৰত থকা উচিত। এই দিনটোত মংগল, শনি, সূৰ্য্য আৰু ৰাহুৰ মুখামুখি হ’ব, ইয়াৰ লগতে তুলা ৰাশিত চন্দ্ৰ, বুধ, সূৰ্য্য আৰু শুক্ৰৰ এক ধ্বংসাত্মক যোগৰ সৃষ্টি হৈছে। গতিকে এই চন্দ্ৰগ্ৰহণৰ সময়ত সকলো লোকেই সজাগ হৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক