--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ শেষত কোভিডৰ জেএন.১ প্ৰজাতিয়ে দেশত নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিছে।   খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ  পূৰ্বে ভাৰতত দৈনিক কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে।  যোৱা দুদিনত জিনোম অনুক্ৰম পৰীক্ষাই  তিনিখন ৰাজ্যত কৰোনাত আক্ৰান্ত হোৱাৰ ২১  টা ঘটনা ধৰা পেলাইছে। 


 বিশেষজ্ঞসকলে দাবী কৰিছে যেকোভিডৰ নতুন প্ৰজাতিয়ে অধিক ক্ষতি কৰি পেলাব পাৰে। । যোৱা ২৪  ঘণ্টাতৃ দেশত কোভিডৰ ৩৫৮  টা নতুন ঘটনা ধৰা পৰিছে। সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান সক্ৰিয় কোভিড  ৰোগীৰ সংখ্যা হৈছে ২৬৬৯ গৰাকী। 

কেৰালা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কৰ্ণাটকত কোভিড সংক্ৰমণৰ  উৰ্ধমুখী প্ৰৱণতাই বহুতকে চিন্তিত কৰি তুলিছে। কৰ্ণাটকত কোভিডৰ নতুন ঢৌৰ সময়তে এগৰাকী ৬৪ বছৰীয়া লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।   বিশেষজ্ঞসকলৰ মতে কোভিডৰ জে.এন.১ স্ট্ৰেইন অধিক সংক্ৰামক।কিন্তু এই ভাইৰাছ বিধ পূৰ্বৰ প্ৰজাতি সমূহৰ তুলনাত কম মাৰাত্মক। 
 কেইদিনমানৰ ভিতৰত উত্তৰ কেৰালাত কোভিডৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় যে ২০২০  চনত এই দক্ষিণৰ ৰাজ্যখনে কোভিডৰ ক্ষেত্ৰত   সমগ্ৰ ভাৰততে  উদ্বেগৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ কোজিকোড জিলাৰ কালিয়াট্টুপাৰামবাথা কুমাৰন (৭৭) আৰু কান্নুৰ জিলাৰ ৮২ বছৰীয়া পালাক্কান্দি আব্দুল্লাৰ কোভিদত মৃত্যু হৈছে। শুক্ৰবাৰে আব্দুল্লাৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ কাহ আৰু উশাহ চুটি হোৱা লক্ষণত ভুগি আছিল। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। কেৰালাত যোৱা কেইদিনমানৰ পৰা কোভিড সংক্ৰমণৰ  ঘটনা  বৃদ্ধি পাইছে। নৱেম্বৰত কেৰালাত ৪৭০  টা কোভিড সংক্ৰমণৰ ঘটনা ঘটিছিল। ডিচেম্বৰৰ প্ৰথম ১০  দিনত ৰাজ্যখনত ৮২৫  টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। 

কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰ্দি, কাহ, উশাহ চুটি হোৱা, নিম্ন ৰক্তচাপ, খোৱাত অসুবিধা পোৱা  লোকসকলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। যদি কোনোবাই  ভাবে যে তেওঁৰ  কোভিড হৈছে, তেওঁ  তেজ পৰীক্ষা কৰিব লাগিব,  যাতে চিকিৎসা সোনকালে আৰম্ভ কৰিব পাৰি। অৱশ্যে, চিকিৎসকসকলে কৈছে  যে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো এনে লক্ষণবোৰে দেখা দিব পাৰে।  শেহতীয়াকৈ  কেৰালাত কোভিডৰ নতুন প্ৰজাতি  জে.এন.১ ত এগৰাকী মহিলা আক্ৰান্ত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement