--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ শেষত কোভিডৰ জেএন.১ প্ৰজাতিয়ে দেশত নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিছে।   খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ  পূৰ্বে ভাৰতত দৈনিক কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে।  যোৱা দুদিনত জিনোম অনুক্ৰম পৰীক্ষাই  তিনিখন ৰাজ্যত কৰোনাত আক্ৰান্ত হোৱাৰ ২১  টা ঘটনা ধৰা পেলাইছে। 


 বিশেষজ্ঞসকলে দাবী কৰিছে যেকোভিডৰ নতুন প্ৰজাতিয়ে অধিক ক্ষতি কৰি পেলাব পাৰে। । যোৱা ২৪  ঘণ্টাতৃ দেশত কোভিডৰ ৩৫৮  টা নতুন ঘটনা ধৰা পৰিছে। সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান সক্ৰিয় কোভিড  ৰোগীৰ সংখ্যা হৈছে ২৬৬৯ গৰাকী। 

কেৰালা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কৰ্ণাটকত কোভিড সংক্ৰমণৰ  উৰ্ধমুখী প্ৰৱণতাই বহুতকে চিন্তিত কৰি তুলিছে। কৰ্ণাটকত কোভিডৰ নতুন ঢৌৰ সময়তে এগৰাকী ৬৪ বছৰীয়া লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।   বিশেষজ্ঞসকলৰ মতে কোভিডৰ জে.এন.১ স্ট্ৰেইন অধিক সংক্ৰামক।কিন্তু এই ভাইৰাছ বিধ পূৰ্বৰ প্ৰজাতি সমূহৰ তুলনাত কম মাৰাত্মক। 
 কেইদিনমানৰ ভিতৰত উত্তৰ কেৰালাত কোভিডৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় যে ২০২০  চনত এই দক্ষিণৰ ৰাজ্যখনে কোভিডৰ ক্ষেত্ৰত   সমগ্ৰ ভাৰততে  উদ্বেগৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ কোজিকোড জিলাৰ কালিয়াট্টুপাৰামবাথা কুমাৰন (৭৭) আৰু কান্নুৰ জিলাৰ ৮২ বছৰীয়া পালাক্কান্দি আব্দুল্লাৰ কোভিদত মৃত্যু হৈছে। শুক্ৰবাৰে আব্দুল্লাৰ মৃত্যু হয়। খবৰ অনুসৰি তেওঁ কাহ আৰু উশাহ চুটি হোৱা লক্ষণত ভুগি আছিল। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। কেৰালাত যোৱা কেইদিনমানৰ পৰা কোভিড সংক্ৰমণৰ  ঘটনা  বৃদ্ধি পাইছে। নৱেম্বৰত কেৰালাত ৪৭০  টা কোভিড সংক্ৰমণৰ ঘটনা ঘটিছিল। ডিচেম্বৰৰ প্ৰথম ১০  দিনত ৰাজ্যখনত ৮২৫  টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। 

কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰ্দি, কাহ, উশাহ চুটি হোৱা, নিম্ন ৰক্তচাপ, খোৱাত অসুবিধা পোৱা  লোকসকলে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগিব। যদি কোনোবাই  ভাবে যে তেওঁৰ  কোভিড হৈছে, তেওঁ  তেজ পৰীক্ষা কৰিব লাগিব,  যাতে চিকিৎসা সোনকালে আৰম্ভ কৰিব পাৰি। অৱশ্যে, চিকিৎসকসকলে কৈছে  যে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো এনে লক্ষণবোৰে দেখা দিব পাৰে।  শেহতীয়াকৈ  কেৰালাত কোভিডৰ নতুন প্ৰজাতি  জে.এন.১ ত এগৰাকী মহিলা আক্ৰান্ত হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক