--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণৰ প্ৰতিবাদ কৰা বিৰোধী দলৰ শতাধিক সাংসদক   নিলম্বন কৰাৰ বিৰুদ্ধে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটে বৃহস্পতিবাৰে পদযাত্ৰা কৰে।  বিৰোধী দলৰ সাংসদসকলে সংসদৰ নিৰাপত্তা ব্যৱস্থাৰ  ত্ৰুটিৰ বিৰুদ্ধে সৰব হৈ পৰে।  আজি অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে  বিভিন্ন বিজেপি বিৰোধী দলৰ সাংসদসকলে পুৰণি সংসদ ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা বিজয় চকলৈ পদযাত্ৰা কৰে। তেওঁলোকে "গণতন্ত্ৰ বচাওক" বুলি লিখা বেনাৰপ্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। 

কংগ্ৰেছৰ জ্যেষ্ঠ  নেতাসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, সঞ্জয় ৰাউত আৰু ৰাম গোপাল যাদৱে পদযাত্ৰাত ভাগলৈ  মোদী বিৰোধী শ্ল'গান দিয়ে। সাংসদসকলে কয়, "স্বৈৰাচাৰীতাৰে কাম নকৰিব।’’ পিছত, নিলম্বিত সাংসদসকলে নতুন সংসদলৈ যায় আৰু গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত একত্ৰিত হয়। ৰাহুল গান্ধীয়েও এই পদযাত্ৰাীত  যোগদান কৰে।

সংসদত নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহৰ বিবৃতি দাবী কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, "আমি সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি বিচাৰিছিলো। মই গৃহমন্ত্ৰীৰ পৰা এটা বিবৃতি বিচাৰিছিলো। কিন্তু তেওঁলোক সংসদলৈ অহা নাই। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত এই সন্দৰ্ভত বক্তব্য ৰাখিছে। কিন্তু তেওঁ সংসদত একো কোৱা নাই। এয়া নিয়ম বিৰোধী। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে সংসদত বক্তব্য ৰখা উচিত।’’ খাৰ্গেই সাংসদসকলক নিলম্বন কৰাৰ বিষয়েওপ্ৰশ্ন উত্থাপন কৰে। তেওঁ দাবী কৰে  যে চৰকাৰে সংসদ সুস্থিৰভাবে চলাবলৈ নিদিয়ে। এই নিলম্বন সংসদীয় নিয়মৰ বিৰুদ্ধে আৰু এয়া অবৈধ।

 কংগ্ৰেছৰ  সভাপতিজনে অভিযোগ কৰে  যে ধনখৰে তেওঁৰ 'জাট' পৰিচয়ৰ প্ৰসংগ  উলিয়াই জাতিগত সহানুভূতি লাভ কৰাৰ চেষ্টা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক