--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণৰ প্ৰতিবাদ কৰা বিৰোধী দলৰ শতাধিক সাংসদক   নিলম্বন কৰাৰ বিৰুদ্ধে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটে বৃহস্পতিবাৰে পদযাত্ৰা কৰে।  বিৰোধী দলৰ সাংসদসকলে সংসদৰ নিৰাপত্তা ব্যৱস্থাৰ  ত্ৰুটিৰ বিৰুদ্ধে সৰব হৈ পৰে।  আজি অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে  বিভিন্ন বিজেপি বিৰোধী দলৰ সাংসদসকলে পুৰণি সংসদ ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা বিজয় চকলৈ পদযাত্ৰা কৰে। তেওঁলোকে "গণতন্ত্ৰ বচাওক" বুলি লিখা বেনাৰপ্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। 

কংগ্ৰেছৰ জ্যেষ্ঠ  নেতাসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰী, সঞ্জয় ৰাউত আৰু ৰাম গোপাল যাদৱে পদযাত্ৰাত ভাগলৈ  মোদী বিৰোধী শ্ল'গান দিয়ে। সাংসদসকলে কয়, "স্বৈৰাচাৰীতাৰে কাম নকৰিব।’’ পিছত, নিলম্বিত সাংসদসকলে নতুন সংসদলৈ যায় আৰু গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত একত্ৰিত হয়। ৰাহুল গান্ধীয়েও এই পদযাত্ৰাীত  যোগদান কৰে।

সংসদত নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহৰ বিবৃতি দাবী কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, "আমি সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি বিচাৰিছিলো। মই গৃহমন্ত্ৰীৰ পৰা এটা বিবৃতি বিচাৰিছিলো। কিন্তু তেওঁলোক সংসদলৈ অহা নাই। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত এই সন্দৰ্ভত বক্তব্য ৰাখিছে। কিন্তু তেওঁ সংসদত একো কোৱা নাই। এয়া নিয়ম বিৰোধী। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে সংসদত বক্তব্য ৰখা উচিত।’’ খাৰ্গেই সাংসদসকলক নিলম্বন কৰাৰ বিষয়েওপ্ৰশ্ন উত্থাপন কৰে। তেওঁ দাবী কৰে  যে চৰকাৰে সংসদ সুস্থিৰভাবে চলাবলৈ নিদিয়ে। এই নিলম্বন সংসদীয় নিয়মৰ বিৰুদ্ধে আৰু এয়া অবৈধ।

 কংগ্ৰেছৰ  সভাপতিজনে অভিযোগ কৰে  যে ধনখৰে তেওঁৰ 'জাট' পৰিচয়ৰ প্ৰসংগ  উলিয়াই জাতিগত সহানুভূতি লাভ কৰাৰ চেষ্টা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক