--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিচিআইয়ে ২০২২ চনৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ তালিকা প্ৰকাশ কৰিছে। আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত চমৎকাৰ প্ৰদৰ্শন কৰা তাৰকাসকলক সন্মান জনোৱাৰ বাবে বোৰ্ডে সামাজিক মাধ্যমত এই তালিকা  পোষ্ট কৰিছে। কিন্তু সেই তালিকাত বিৰাট কোহলী বা ৰোহিত শৰ্মাৰ দৰে হেভিৱেটসকলৰ নাম নাই। 

অৱশ্যে ঋষভ পন্ত তালিকাত আছে। সদ্যসমাপ্ত বৰ্ষত ঋষভ পন্তক টেষ্টত ভাৰতৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে মনোনীত কৰা হৈছে। সূৰ্যকুমাৰ যাদৱ আৰু যশপ্ৰীত বুমৰাহকো স্বীকৃতি দিয়া হৈছে। যদিও ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফল হোৱা নাছিল, মেন ইন ব্লুয়ে দ্বিপাক্ষিক শৃংখলাত আধিপত্য বিস্তাৰ কৰিছে।

শেহতীয়াকৈ ঋষভ পন্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি  তেওঁ কেইবামাহ ধৰি ক্ৰিকেটৰ জগতলৈ  উভতিআহিব নোৱাৰিব। এনে পৰিস্থিতিত তেওঁ ভাৰতৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেনৰ সন্মান লাভ কৰি । এয়া নিশ্চয়কৈ এচটা ভাল খবৰ৷ ২০২২ চনত ভাৰতে মুঠ ৭ খন টেষ্ট খেলিছিল, সকলো বোৰ মেচতে ঋষভ পন্তে খেলিছিল। তেওঁ বিদেশৰ মাটিত দুটা শতকসহ মুঠ ৬৮০ ৰাণ সংগ্ৰহ কৰিছে। আঘাতৰ বাবে কেইখনমান খেলত  যশপ্ৰীত বুমৰাহে খেলিব নোৱাৰিলে। ইয়াৰ পিছতো  তেওঁ ভাৰতৰ শ্ৰেষ্ঠ টেষ্ট বলাৰৰ সন্মান লাভ কৰিছে । বুমৰাহে পাঁচখন খেলত ২২ টা উইকেট দখল কৰিছে। তেওঁ ইংলেণ্ডত টেষ্ট খেলি থাকোতে দলটোক নেতৃত্ব দিছিল।

শ্ৰেয়াছ আয়াৰ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেন হিচাবে বিবেচিত হৈছে।২০২২ চনত তিনিওটা ফৰ্মেটত তেওঁ  সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে। অৱশ্যে, তেওঁ ৫০ অভাৰৰ ক্ৰিকেটত সৰ্বাধিক ভাৰতীয় ৰাণ সংগ্ৰহকাৰী। তেওঁ ১৭ খন খেলত ৭২৪ ৰাণ সংগ্ৰহ কৰিছে। শ্ৰেয়াছে এটা শতক আৰু ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে। মহম্মদ চিৰাজ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ। ভাৰতীয় পেচাৰগৰাকীয়ে  ১৫ খন খেলত ২৪ টা উইকেট দখল কৰিছে।সূৰ্যকুমাৰ যাদৱ টি-২০ বিশ্ব ৰেংকিঙত এক নম্বৰত আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক