--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচিচিআইয়ে ২০২২ চনৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ তালিকা প্ৰকাশ কৰিছে। আন্তৰ্জাতিক ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত চমৎকাৰ প্ৰদৰ্শন কৰা তাৰকাসকলক সন্মান জনোৱাৰ বাবে বোৰ্ডে সামাজিক মাধ্যমত এই তালিকা  পোষ্ট কৰিছে। কিন্তু সেই তালিকাত বিৰাট কোহলী বা ৰোহিত শৰ্মাৰ দৰে হেভিৱেটসকলৰ নাম নাই। 

অৱশ্যে ঋষভ পন্ত তালিকাত আছে। সদ্যসমাপ্ত বৰ্ষত ঋষভ পন্তক টেষ্টত ভাৰতৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে মনোনীত কৰা হৈছে। সূৰ্যকুমাৰ যাদৱ আৰু যশপ্ৰীত বুমৰাহকো স্বীকৃতি দিয়া হৈছে। যদিও ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফল হোৱা নাছিল, মেন ইন ব্লুয়ে দ্বিপাক্ষিক শৃংখলাত আধিপত্য বিস্তাৰ কৰিছে।

শেহতীয়াকৈ ঋষভ পন্ত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি  তেওঁ কেইবামাহ ধৰি ক্ৰিকেটৰ জগতলৈ  উভতিআহিব নোৱাৰিব। এনে পৰিস্থিতিত তেওঁ ভাৰতৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেনৰ সন্মান লাভ কৰি । এয়া নিশ্চয়কৈ এচটা ভাল খবৰ৷ ২০২২ চনত ভাৰতে মুঠ ৭ খন টেষ্ট খেলিছিল, সকলো বোৰ মেচতে ঋষভ পন্তে খেলিছিল। তেওঁ বিদেশৰ মাটিত দুটা শতকসহ মুঠ ৬৮০ ৰাণ সংগ্ৰহ কৰিছে। আঘাতৰ বাবে কেইখনমান খেলত  যশপ্ৰীত বুমৰাহে খেলিব নোৱাৰিলে। ইয়াৰ পিছতো  তেওঁ ভাৰতৰ শ্ৰেষ্ঠ টেষ্ট বলাৰৰ সন্মান লাভ কৰিছে । বুমৰাহে পাঁচখন খেলত ২২ টা উইকেট দখল কৰিছে। তেওঁ ইংলেণ্ডত টেষ্ট খেলি থাকোতে দলটোক নেতৃত্ব দিছিল।

শ্ৰেয়াছ আয়াৰ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেন হিচাবে বিবেচিত হৈছে।২০২২ চনত তিনিওটা ফৰ্মেটত তেওঁ  সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িছে। অৱশ্যে, তেওঁ ৫০ অভাৰৰ ক্ৰিকেটত সৰ্বাধিক ভাৰতীয় ৰাণ সংগ্ৰহকাৰী। তেওঁ ১৭ খন খেলত ৭২৪ ৰাণ সংগ্ৰহ কৰিছে। শ্ৰেয়াছে এটা শতক আৰু ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে। মহম্মদ চিৰাজ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ। ভাৰতীয় পেচাৰগৰাকীয়ে  ১৫ খন খেলত ২৪ টা উইকেট দখল কৰিছে।সূৰ্যকুমাৰ যাদৱ টি-২০ বিশ্ব ৰেংকিঙত এক নম্বৰত আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ