--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো দিন। আজিৰ দিনটোতে বাংলাদেশৰ " ছেক্স বোম" হিচাবে পৰিচিত অভিনেত্ৰী পৰীমণিয়ে ফুটাই দিলে এটা বোমা৷ পৰীমণি  বাংলাদেশৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত যৌন আবোদনময়ী নায়িকা। 

এই বছৰৰ আৰম্ভণিতে তেওঁ অভিনেতা শ্বৰীফুল ৰাজৰ সৈতে পঞ্চমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহৰ কেইমাহমানৰফিচতে সংসাৰলৈ আহিছিল তেওঁলোকৰ পুত্ৰ৷  কিন্তু বছৰটোৰ শেষৰ দিনটোতে  পৰীমণিয়ে  শ্বৰীফুল ৰাজৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ ইংগিত দিলে৷


বিস্ফোৰক মন্তব্য কৰি পৰিমণিয়ে কৈছে যে  তেওঁ ৰাজক তেওঁৰ জীৱনৰ পৰা সম্পূৰ্ণ বিৰতি দিব বিচাৰিছে। কেইবা মাহ ধৰি পৰীমণিৰ স্বামী ৰাজে অভিনেত্ৰী  বিদ্যা সিনহা মিমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে৷ সেইবাবেই পৰিমণিয়েও তেওঁৰ  পঞ্চমগৰাকী স্বামীশ্বৰীফুল ৰাজৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে । 


পৰীমণিয়ে  তেওঁৰ ফেচবুক পৃষ্ঠাত লিখিছে, "আজি মই ৰাজক মোৰ জীৱনৰ পৰা বিৰতি দিলো আৰু নিজকে একঘূণীয়া  সম্পৰ্কৰ পৰা মুক্ত কৰিলো। জীৱনত স্বাস্থ্যৱান আনন্দপূৰ্ণ  জীৱন যাপন কৰাতকৈ গুৰুত্বপূৰ্ণ একো কথা নাই। "চলিতবৰ্ষৰ ১ অক্টোবৰত বাংলাদেশৰ ব্ৰহ্মনবাৰিয়াত দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল গিয়াছুদ্দিন চেলিমৰ 'গুনিন' চলচ্চিত্ৰ। ছবি খনত পৰীমণিয়ে  ৰাজৰ বিপৰীতে অভিনয় কৰিছে। দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ মাত্ৰ পাঁচ দিন পিছত তেওঁলোকে ১৭ অক্টোবৰত বিবাহপাশত আৱদ্ধ হয়। অৱশ্যে, পিছত তেওঁলোকে  আড়ম্বৰপূৰ্ণভাৱে বিয়াৰ আয়োজন কৰিছিল।


পৰীমণিয়ে  ২০১২ ৰ পৰা ২০২০ চনৰ ভিতৰত  ইছমাইল হোছেইন, ফিৰদৌছ কবিৰ সৌৰভ, তামি হাছান আৰু কামৰুজ্জমান ৰনিৰ সৈতে বিয়া হৈছিল৷  অৱশ্যে কোনো সম্পৰ্কই স্থায়ী নহ'ল। এইবাৰ পৰীমণিয়ে ৰাজৰ সৈতেও বিয়া ভঙাৰ কথা ঘোষণা কৰিছে   ছ'চিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে হয়তো এইবাৰ সন্ধান কৰিব তেওঁৰ ষষ্ঠগৰাকী স্বামীৰ৷  হয়তো মণে বিচৰা স্বামী পালে পৰীমণিয়ে শীঘ্ৰে বিয়াতো বহিব পাৰে বুলি অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক