--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো দিন। আজিৰ দিনটোতে বাংলাদেশৰ " ছেক্স বোম" হিচাবে পৰিচিত অভিনেত্ৰী পৰীমণিয়ে ফুটাই দিলে এটা বোমা৷ পৰীমণি  বাংলাদেশৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত যৌন আবোদনময়ী নায়িকা। 

এই বছৰৰ আৰম্ভণিতে তেওঁ অভিনেতা শ্বৰীফুল ৰাজৰ সৈতে পঞ্চমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহৰ কেইমাহমানৰফিচতে সংসাৰলৈ আহিছিল তেওঁলোকৰ পুত্ৰ৷  কিন্তু বছৰটোৰ শেষৰ দিনটোতে  পৰীমণিয়ে  শ্বৰীফুল ৰাজৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ ইংগিত দিলে৷


বিস্ফোৰক মন্তব্য কৰি পৰিমণিয়ে কৈছে যে  তেওঁ ৰাজক তেওঁৰ জীৱনৰ পৰা সম্পূৰ্ণ বিৰতি দিব বিচাৰিছে। কেইবা মাহ ধৰি পৰীমণিৰ স্বামী ৰাজে অভিনেত্ৰী  বিদ্যা সিনহা মিমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে৷ সেইবাবেই পৰিমণিয়েও তেওঁৰ  পঞ্চমগৰাকী স্বামীশ্বৰীফুল ৰাজৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে । 


পৰীমণিয়ে  তেওঁৰ ফেচবুক পৃষ্ঠাত লিখিছে, "আজি মই ৰাজক মোৰ জীৱনৰ পৰা বিৰতি দিলো আৰু নিজকে একঘূণীয়া  সম্পৰ্কৰ পৰা মুক্ত কৰিলো। জীৱনত স্বাস্থ্যৱান আনন্দপূৰ্ণ  জীৱন যাপন কৰাতকৈ গুৰুত্বপূৰ্ণ একো কথা নাই। "চলিতবৰ্ষৰ ১ অক্টোবৰত বাংলাদেশৰ ব্ৰহ্মনবাৰিয়াত দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল গিয়াছুদ্দিন চেলিমৰ 'গুনিন' চলচ্চিত্ৰ। ছবি খনত পৰীমণিয়ে  ৰাজৰ বিপৰীতে অভিনয় কৰিছে। দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ মাত্ৰ পাঁচ দিন পিছত তেওঁলোকে ১৭ অক্টোবৰত বিবাহপাশত আৱদ্ধ হয়। অৱশ্যে, পিছত তেওঁলোকে  আড়ম্বৰপূৰ্ণভাৱে বিয়াৰ আয়োজন কৰিছিল।


পৰীমণিয়ে  ২০১২ ৰ পৰা ২০২০ চনৰ ভিতৰত  ইছমাইল হোছেইন, ফিৰদৌছ কবিৰ সৌৰভ, তামি হাছান আৰু কামৰুজ্জমান ৰনিৰ সৈতে বিয়া হৈছিল৷  অৱশ্যে কোনো সম্পৰ্কই স্থায়ী নহ'ল। এইবাৰ পৰীমণিয়ে ৰাজৰ সৈতেও বিয়া ভঙাৰ কথা ঘোষণা কৰিছে   ছ'চিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে হয়তো এইবাৰ সন্ধান কৰিব তেওঁৰ ষষ্ঠগৰাকী স্বামীৰ৷  হয়তো মণে বিচৰা স্বামী পালে পৰীমণিয়ে শীঘ্ৰে বিয়াতো বহিব পাৰে বুলি অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু