--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠাণ্ডা বুলি ক’লেই বহুতৰে পেটতে হাত-ভৰি লুকায়। এই দিন কেইটাত বহুতৰেই গাত বহুদিনলৈ পানী নপৰেই। বহুতে আকৌ গাৰ গোন্ধ দূৰ কৰিবলৈ পাৰফিউম মাৰিয়েই স্নানৰ কাম ফেৰা স্পূৰ্ণ কৰি থয়। গা নোধোৱাকৈ থকাসকলৰ ভিতৰত বলীউডৰ অভিনেতা আমিৰ খানো আছে।

 আমিৰ খানেও নিতৌ গা নুধুৱে। এই কথা আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাৱেই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। লিভ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত কিৰণ ৰাৱে কৈছিল, "তেওঁৰ বিষয়ে মই ভাল নোপোৱা এটা কথা হ'ল তেওঁ নিতৌ গা নুধুৱে। আৰু একথাকলৈয়েই আমাৰ মাজত খকা-খুন্দাও লাগে ।" পত্নীৰ অভিযোগ সন্দৰ্ভত  অভিনেতাজনে কৈছিল, "মই কামৰ বাবে বাহিৰলৈ যাওঁতে গা ধুই যাওঁ।  যেতিয়া মই বাহিৰলৈ ওলাই নাযাওঁ বা যেতিয়া মই ঘৰতে থাকো তেতিয়াহে গা ধুব নোৱাৰো।"আমিৰৰ ঘনিষ্ঠ মহলৰ মতে অভিনেতাজনৰ সেই স্বভাৱ এতিয়াও সলনি হোৱা নাই। এতিয়াও তেওঁ বহুদিন গা নোধোৱাকৈয়ে থাকে। 

মাজতে কথা ওলাইছে যে আমিৰে আন এগৰাকী যুৱতীৰ সৈতে ডেটিং কৰি আছে। মুখ বাগৰি অহা কথাৰ সত্যতা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। বহুতে কৈছে যে আমিৰ খানৰ গা নোধোৱা কথাটোৰ বাবেই বহু যুৱতীয়ে তেওঁৰ পৰা ফালৰি কাটি থাকিব বিচাৰে। অৱশ্যে দ্বিতীয় বিবাহ কৰোৱা আমিৰ খানৰ যুৱতীৰ সৈতে থকা সম্পৰ্কৰ খবৰ কমেইহে ওলায়। সাংসাৰিক জীৱনত আমিৰ যথেষ্ট দায়বদ্ধ  বুলি তেওঁৰ সুনাম এটা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু