--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱা মানেই সাগৰ আৰু বিনোদন। বহু পৰ্যটকে মন ভাল লগাবলৈ গোৱালৈ যায়। সাগৰৰ পাৰত তেওঁলোকে জীৱনৰ আনন্দ উপভোগ কৰে।

সৌন্দৰ্যেৰে ভৰপূৰ গোৱা। কিন্তু সৌন্দৰ্যৰ আঁৰত কুৎসিত দিশ থাকে বুলি কোৱা হয়। গোৱাতো এনেধৰণৰ কুৎসিত দিশ আছে। অভিযোগ অনুসৰি পৰ্যটকসকলক যৌনতাৰ ফান্দ পাতি বিভিন্ন চক্ৰই গোৱাত প্ৰতাৰণা কৰি অহা হৈছে।

হিন্দী সংবাদ সংস্থা 'দৈনিক ভাস্কৰ'ৰ এক প্ৰতিবেদন অনুসৰি, গোৱাত যৌন প্ৰৱঞ্চনাৰ চক্ৰ বৃদ্ধি পাইছে। বাহিৰৰ পৰা অহা পৰ্যটকসকলক যৌনতাৰ প্ৰলোভন দি প্ৰতাৰণা কৰা হৈছে। হাজাৰ হাজাৰ ডলাৰ কাঢ়ি নিয়া হৈছে।

গোৱাৰ প্ৰৱঞ্চকসকলে পৰ্যটকসকলক 'স্পা' বা 'বডী মালিচ চেণ্টাৰ'ৰ বাবে সাগৰৰ পাৰলৈ যাবলৈ প্ৰলোভিত কৰে। কোৱা হয় যে 'বিশেষ' সেৱা মাত্ৰ ৩,০০০ টকাত উপলব্ধ হ'ব।

আগ্ৰহী পৰ্যটকসকলক তিনি প্ৰকাৰৰ 'অফাৰ' দিয়া হয়। ৩,০০০ আৰু ৪,০০০ টকাৰ বিনিময়ত এক বিশেষ ধৰণৰ 'বডী মালিচ' দিয়া হ’ব বুলি কোৱা হয়। ইয়াৰ উপৰিও 'সম্পূৰ্ণ সেৱা' ৫,০০০ টকাতে উপলব্ধ হ'ব বুলি লোভ দেখুওৱা হয়।

প্ৰতিবেদন অনুসৰি, যদি তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে তেন্তে গ্ৰাহকসকলক এক বিশেষ 'স্পা'লৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁলোকে তাৰ পৰা তেওঁলোকৰ পচন্দৰ যিকোনো মহিলা বাছনি কৰাৰ সুযোগ পায়।

কিন্তু অভিযোগ অনুসৰি প্ৰৱঞ্চকসকলৰ কথা শুনি গ্ৰাহকসকল এবাৰ স্পাত উপস্থিত হ'লে তাৰ পৰা সহজে ওলাই অহাটো কঠিন। ইয়াৰ পৰিৱৰ্তে পানীৰ দৰে খৰচ কৰা হয় টকা।

যদিও ইয়াক ৩,০০০ টকাৰ বিনিময়ত সেৱা প্ৰদান কৰা বুলি কোৱা হয়, ধনৰ পৰিমাণ বাঢ়ি গৈ থাকে। অভিযোগ কৰা হৈছে যে তেওঁলোকক ৩,০০০ টকাত ১০ মিনিটতকৈ অধিক সময় স্পাত থাকিবলৈ অনুমতি দিয়া নহয়। কেতিয়াবা যৌন সেৱাৰ বাবে ১০,০০০ টকা দাবী কৰা হয়, কেতিয়াবা তাতকৈও অধিক। অভিযোগ কৰা হৈছে যে, পৰ্যটকসকলে ২০,০০০ টকা আৰু কেতিয়াবা ২৫,০০০ টকাৰ প্ৰৱঞ্চনাৰ বলি হয়।

প্ৰৱঞ্চকসকলে কিছুমান পৰ্যটকক যৌনতা নহয়, গোটেই ৰাতি মুক্তভাৱে নাচিবলৈ আৰু উদযাপন কৰিবলৈ প্ৰলোভিত কৰে। তাৰ পিছত, তেওঁলোকৰ পৰা একেধৰণে বৃহৎ পৰিমাণৰ ধন লোৱা হৈছিল।

অভিযোগ অনুসৰি, গোৱাৰ প্ৰশাসন এই প্ৰৱঞ্চনা চক্ৰৰ প্ৰতি সম্পূৰ্ণ উদাসীন। 'দেনিক ভাস্কৰ'ৰ প্ৰতিবেদনখনতত আৰক্ষীৰ সহায়ত এই প্ৰতাৰণা  চলি আছে বুলি দাবী কৰা হৈছে। স্থানীয় আৰক্ষীয়েও এই ব্যৱসায়ৰ পৰা কমিছন লাভ কৰা বুলি দাবী কৰা হৈছে।

প্ৰতাৰণাৰ জালত নিয়োজিত বেছিভাগ মহিলাই উত্তৰ-পূব ভাৰতৰ। উত্তৰ প্ৰদেশ, পঞ্জাৱ, মুম্বাই আৰু আনকি বিদেশৰ পৰাও যৌন ব্যৱসায়ত জড়িত হ'বলৈ অনা হয় মহিলাসকলক।

গোৱাৰ স্থানীয় সমাজকৰ্মীসকলে দাবী কৰে যে আৰক্ষী প্ৰশাসন দুৰ্নীতিগ্ৰস্ত। সেইকাৰণে দুৰ্বৃত্তসকলে তেওঁলোক চকুৰ আগতে প্ৰবঞ্চনাৰ জাল বিয়পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু