--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱা মানেই সাগৰ আৰু বিনোদন। বহু পৰ্যটকে মন ভাল লগাবলৈ গোৱালৈ যায়। সাগৰৰ পাৰত তেওঁলোকে জীৱনৰ আনন্দ উপভোগ কৰে।

সৌন্দৰ্যেৰে ভৰপূৰ গোৱা। কিন্তু সৌন্দৰ্যৰ আঁৰত কুৎসিত দিশ থাকে বুলি কোৱা হয়। গোৱাতো এনেধৰণৰ কুৎসিত দিশ আছে। অভিযোগ অনুসৰি পৰ্যটকসকলক যৌনতাৰ ফান্দ পাতি বিভিন্ন চক্ৰই গোৱাত প্ৰতাৰণা কৰি অহা হৈছে।

হিন্দী সংবাদ সংস্থা 'দৈনিক ভাস্কৰ'ৰ এক প্ৰতিবেদন অনুসৰি, গোৱাত যৌন প্ৰৱঞ্চনাৰ চক্ৰ বৃদ্ধি পাইছে। বাহিৰৰ পৰা অহা পৰ্যটকসকলক যৌনতাৰ প্ৰলোভন দি প্ৰতাৰণা কৰা হৈছে। হাজাৰ হাজাৰ ডলাৰ কাঢ়ি নিয়া হৈছে।

গোৱাৰ প্ৰৱঞ্চকসকলে পৰ্যটকসকলক 'স্পা' বা 'বডী মালিচ চেণ্টাৰ'ৰ বাবে সাগৰৰ পাৰলৈ যাবলৈ প্ৰলোভিত কৰে। কোৱা হয় যে 'বিশেষ' সেৱা মাত্ৰ ৩,০০০ টকাত উপলব্ধ হ'ব।

আগ্ৰহী পৰ্যটকসকলক তিনি প্ৰকাৰৰ 'অফাৰ' দিয়া হয়। ৩,০০০ আৰু ৪,০০০ টকাৰ বিনিময়ত এক বিশেষ ধৰণৰ 'বডী মালিচ' দিয়া হ’ব বুলি কোৱা হয়। ইয়াৰ উপৰিও 'সম্পূৰ্ণ সেৱা' ৫,০০০ টকাতে উপলব্ধ হ'ব বুলি লোভ দেখুওৱা হয়।

প্ৰতিবেদন অনুসৰি, যদি তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে তেন্তে গ্ৰাহকসকলক এক বিশেষ 'স্পা'লৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁলোকে তাৰ পৰা তেওঁলোকৰ পচন্দৰ যিকোনো মহিলা বাছনি কৰাৰ সুযোগ পায়।

কিন্তু অভিযোগ অনুসৰি প্ৰৱঞ্চকসকলৰ কথা শুনি গ্ৰাহকসকল এবাৰ স্পাত উপস্থিত হ'লে তাৰ পৰা সহজে ওলাই অহাটো কঠিন। ইয়াৰ পৰিৱৰ্তে পানীৰ দৰে খৰচ কৰা হয় টকা।

যদিও ইয়াক ৩,০০০ টকাৰ বিনিময়ত সেৱা প্ৰদান কৰা বুলি কোৱা হয়, ধনৰ পৰিমাণ বাঢ়ি গৈ থাকে। অভিযোগ কৰা হৈছে যে তেওঁলোকক ৩,০০০ টকাত ১০ মিনিটতকৈ অধিক সময় স্পাত থাকিবলৈ অনুমতি দিয়া নহয়। কেতিয়াবা যৌন সেৱাৰ বাবে ১০,০০০ টকা দাবী কৰা হয়, কেতিয়াবা তাতকৈও অধিক। অভিযোগ কৰা হৈছে যে, পৰ্যটকসকলে ২০,০০০ টকা আৰু কেতিয়াবা ২৫,০০০ টকাৰ প্ৰৱঞ্চনাৰ বলি হয়।

প্ৰৱঞ্চকসকলে কিছুমান পৰ্যটকক যৌনতা নহয়, গোটেই ৰাতি মুক্তভাৱে নাচিবলৈ আৰু উদযাপন কৰিবলৈ প্ৰলোভিত কৰে। তাৰ পিছত, তেওঁলোকৰ পৰা একেধৰণে বৃহৎ পৰিমাণৰ ধন লোৱা হৈছিল।

অভিযোগ অনুসৰি, গোৱাৰ প্ৰশাসন এই প্ৰৱঞ্চনা চক্ৰৰ প্ৰতি সম্পূৰ্ণ উদাসীন। 'দেনিক ভাস্কৰ'ৰ প্ৰতিবেদনখনতত আৰক্ষীৰ সহায়ত এই প্ৰতাৰণা  চলি আছে বুলি দাবী কৰা হৈছে। স্থানীয় আৰক্ষীয়েও এই ব্যৱসায়ৰ পৰা কমিছন লাভ কৰা বুলি দাবী কৰা হৈছে।

প্ৰতাৰণাৰ জালত নিয়োজিত বেছিভাগ মহিলাই উত্তৰ-পূব ভাৰতৰ। উত্তৰ প্ৰদেশ, পঞ্জাৱ, মুম্বাই আৰু আনকি বিদেশৰ পৰাও যৌন ব্যৱসায়ত জড়িত হ'বলৈ অনা হয় মহিলাসকলক।

গোৱাৰ স্থানীয় সমাজকৰ্মীসকলে দাবী কৰে যে আৰক্ষী প্ৰশাসন দুৰ্নীতিগ্ৰস্ত। সেইকাৰণে দুৰ্বৃত্তসকলে তেওঁলোক চকুৰ আগতে প্ৰবঞ্চনাৰ জাল বিয়পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement