--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনজীৱনলৈ আতংক কঢ়িয়াই অনাৰ সমান্তৰালভাৱে বিশ্ব অৰ্থনীতিলৈয়ো বিপদ কঢ়িয়াই আনিছিল ক’ভিড মহামাৰীয়ে৷ক’ভিডে মন্দাৱস্থাৰো সৃষ্টি কৰিছিল বহু দেশত৷হঠাৎ সৃষ্টি হোৱা আৰ্থিক সংকটৰ সৈতে এতিয়াও বহু দেশে এতিয়াও যুঁজি আছে৷

শেহতীয়াকৈ ২০২৩ বৰ্ষতো বিশ্ব অৰ্থনীতিৰ এই মন্দাৱস্থা বাহাল থাকিব বুলি এক প্ৰতিবেদনত স্পষ্ট কৰিছে আন্তজাৰ্তিক মুদ্ৰা নিধিয়ে৷ একেখন প্ৰতিবেদনত মুদ্ৰানিধিয়ে ইয়াকো স্পষ্ট কৰিছে যে, ২০২৩ বৰ্ষত সমগ্ৰ বিশ্বৰে অৰ্থনীতি কিছু অস্থিৰ হৈ উঠিব৷ কিন্তু ইয়াৰ বিপৰীতে  যথেষ্ট সবল হৈ থাকিব ভাৰতৰ অৰ্থনীতিৰ ভেটি৷

আইএমএফৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হৈছে - ৬.৮ শতাংশ৷ ২০২৩-২৪ বৰ্ষতো এই হাৰ ৬.১ শতাংশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে৷

সমান্তৰালভাৱে আইএমএফৰ প্ৰতিবেদনত উল্লেখ আছে যে বিশ্বৰ অন্যান্য দেশৰ লগতে মাৰ্কিন অৰ্থনীতিতো মন্দাৱস্থাই দেখা দিয়াৰ সম্ভাৱনা আছে৷

তথ্য অনুসৰি , ক’ভিড সংক্ৰমণৰ ব্যাপক ক্ষতিৰ পিছতো ভাৰতৰ অৰ্থনীতি ক্ৰমে সবল হ’বলৈ ধৰিছে৷ বাস্তৱত ভাৰতৰ জিডিপিৰ হাৰ ৮.৭ শতাংশ৷ চলিত বিত্তীয় বৰ্ষতো বৃদ্ধিৰ হাৰ অব্যাহত আছে ভাৰতীয় অৰ্থীনীতিৰ৷

দেশৰ ২০২২-২৩ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৯ শতাংশত আৱদ্ধ থাকিব৷ অৱশে্য ইয়াৰ পিছত ভাৰতত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে আইএমএফৰ প্ৰতিবেদনত৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু