--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ সংহাৰ চলিছে যোশীমঠত । এতিয়ালৈকে যোশীমঠতমুঠ ৬৭৮ টা ঘৰত বৃহৎ ফাঁট মেলিছে। বহুতো পৰিয়ালে ভীতিগ্ৰস্ত হৈ ঘৰ  এৰিব লগা হৈছে। হঠাতে বহু ঘৰ খহি পৰিছে। যোশীমঠলৈ যোৱা পথটোও ফাঁট মেলি বহল হৈ পৰিছে। 
যোশীমঠৰ আন ৬৮ টা ঘৰত নতুনকৈ ফাঁট মেলা পৰিলক্ষিত হৈছে। 


হিমালয়ৰ পাদদেশৰ  চহৰ খনত  ৬৮ টা ঘৰত ফাঁট মেলাৰ পিছতে প্ৰশাসনে আৱাসীসকলক সোনকালে স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে।  

কেন্দ্ৰৰ প্ৰতিনিধিৰ দল এটাই যোশীমঠত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰি আছে। দলটোক  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে  তালৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে ৫ আৰু ৬ জানুৱাৰীত যোশীমঠৰ পৰিস্থিতি পৰীক্ষা কৰাৰ পিছত বিশেষজ্ঞৰ এটা দলে যোশীমঠৰ ক্ষতিগ্ৰস্ত ঘৰবোৰ তৎক্ষণাৎ ভাঙি পেলাব লাগে বুলি পৰামৰ্শ দিছিল। কেন্দ্ৰীয় প্ৰতিনিধিসকলৰ উপস্থিতিত মঙলবাৰে কামটো আৰম্ভ কৰা হৈছে। 

বৰ্তমান, প্ৰশাসনৰ নটা দলে যোশীমঠত কাম কৰি আছে। ৩ ৰ পৰা ৪ জন সদস্যৰ এই দলবোৰে ঘৰে ঘৰে গৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বিপজ্জনক ঘৰবোৰ চিনাক্ত কৰা হৈছে। সোমবাৰে, দলটোৰ সদস্যসকলে যোশীমঠৰ চাৰিটা পৌৰ নিগম অঞ্চলত ১০০ তকৈও অধিক নতুন বিপজ্জনক  ঘৰ চিনাক্ত কৰিছে।  যোশীমঠৰ খেল  পথাৰ, ৰাস্তা আদিতো বহল ফাঁট মেলিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু