--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ সংহাৰ চলিছে যোশীমঠত । এতিয়ালৈকে যোশীমঠতমুঠ ৬৭৮ টা ঘৰত বৃহৎ ফাঁট মেলিছে। বহুতো পৰিয়ালে ভীতিগ্ৰস্ত হৈ ঘৰ  এৰিব লগা হৈছে। হঠাতে বহু ঘৰ খহি পৰিছে। যোশীমঠলৈ যোৱা পথটোও ফাঁট মেলি বহল হৈ পৰিছে। 
যোশীমঠৰ আন ৬৮ টা ঘৰত নতুনকৈ ফাঁট মেলা পৰিলক্ষিত হৈছে। 


হিমালয়ৰ পাদদেশৰ  চহৰ খনত  ৬৮ টা ঘৰত ফাঁট মেলাৰ পিছতে প্ৰশাসনে আৱাসীসকলক সোনকালে স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে।  

কেন্দ্ৰৰ প্ৰতিনিধিৰ দল এটাই যোশীমঠত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰি আছে। দলটোক  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে  তালৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে ৫ আৰু ৬ জানুৱাৰীত যোশীমঠৰ পৰিস্থিতি পৰীক্ষা কৰাৰ পিছত বিশেষজ্ঞৰ এটা দলে যোশীমঠৰ ক্ষতিগ্ৰস্ত ঘৰবোৰ তৎক্ষণাৎ ভাঙি পেলাব লাগে বুলি পৰামৰ্শ দিছিল। কেন্দ্ৰীয় প্ৰতিনিধিসকলৰ উপস্থিতিত মঙলবাৰে কামটো আৰম্ভ কৰা হৈছে। 

বৰ্তমান, প্ৰশাসনৰ নটা দলে যোশীমঠত কাম কৰি আছে। ৩ ৰ পৰা ৪ জন সদস্যৰ এই দলবোৰে ঘৰে ঘৰে গৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বিপজ্জনক ঘৰবোৰ চিনাক্ত কৰা হৈছে। সোমবাৰে, দলটোৰ সদস্যসকলে যোশীমঠৰ চাৰিটা পৌৰ নিগম অঞ্চলত ১০০ তকৈও অধিক নতুন বিপজ্জনক  ঘৰ চিনাক্ত কৰিছে।  যোশীমঠৰ খেল  পথাৰ, ৰাস্তা আদিতো বহল ফাঁট মেলিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক