--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ছলমান খানৰ বডি ডাবল সাগৰ পাণ্ডে। ছবিত প্ৰায়ে বডি ডাবল ব্যৱহাৰ কৰা হয়, বডি ডাবল মানে "ডুপ্লিকেট ব্যক্তি" অৰ্থাৎ যি জন ব্যক্তিক ছবিৰ কিছুমান কঠিন আৰু কঠিন দৃশ্যত অভিনেতাৰ ঠাইত ব্যৱহাৰ কৰা হয়।

যোৱা কালি সাগৰ পাণ্ডে জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হঠাতে অজ্ঞান হৈ পৰে। লগে লগে তেওঁক মুম্বাইৰ জোগেশ্বৰী ইষ্টৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। সাগৰ পাণ্ডেৰ বয়স ৪৫ৰ পৰা ৫০ বছৰৰ ভিতৰৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সাগৰে বহু ছবিত ছলমানৰ বাবে বডি ডাবলৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁক ছলমানৰ লুকলাইক বুলি কোৱা হৈছিল। সাগৰ পাণ্ডেৰ মৃত্যুত এতিয়া ছলমানে নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে এটা আৱেগিক পোষ্ট যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে।

সাগৰ পাণ্ডেৰ সৈতে ছলমানে শ্বেয়াৰ কৰিছে এখন ছবি। ছবিখনত RIP লিখা আছে। কেপচনত ছলমানে লিখিছে- ‘মোৰ লগত থকাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ। সাগৰ ভাই আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।'


সাগৰ পাণ্ডে মূলতঃ উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ আছিল।অভিনেতা হ’বলৈ তেওঁ মুম্বাইলৈ আহিছিল। যেতিয়া তেওঁ অভিনয়ৰ বিশেষ কাম নাপালে তেতিয়া তেওঁ বডি ডাবল হোৱাৰ সিদ্ধান্ত লৈছিল। 

'কুচ কুচ হোটা হায়'ত প্ৰথমবাৰৰ বাবে ছলমানৰ বডি ডাবল হৈ পৰিছিল সাগৰ। ইয়াৰ পিছতে তেওঁ ‘বজৰংগী ভাই জান’, ‘টিউবলাইট’, ‘দবাং’, ‘দবাং ২’, ‘দবাং ৩’ আদি আন আন ছবিও কৰিছে। এটা পুৰণি সাক্ষাৎকাৰত সাগৰে কৈছিল যে তেওঁ ৫০ খনতকৈও অধিক ছবিত বডি ডাবল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ