--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ছলমান খানৰ বডি ডাবল সাগৰ পাণ্ডে। ছবিত প্ৰায়ে বডি ডাবল ব্যৱহাৰ কৰা হয়, বডি ডাবল মানে "ডুপ্লিকেট ব্যক্তি" অৰ্থাৎ যি জন ব্যক্তিক ছবিৰ কিছুমান কঠিন আৰু কঠিন দৃশ্যত অভিনেতাৰ ঠাইত ব্যৱহাৰ কৰা হয়।

যোৱা কালি সাগৰ পাণ্ডে জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হঠাতে অজ্ঞান হৈ পৰে। লগে লগে তেওঁক মুম্বাইৰ জোগেশ্বৰী ইষ্টৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। সাগৰ পাণ্ডেৰ বয়স ৪৫ৰ পৰা ৫০ বছৰৰ ভিতৰৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সাগৰে বহু ছবিত ছলমানৰ বাবে বডি ডাবলৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁক ছলমানৰ লুকলাইক বুলি কোৱা হৈছিল। সাগৰ পাণ্ডেৰ মৃত্যুত এতিয়া ছলমানে নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে এটা আৱেগিক পোষ্ট যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে।

সাগৰ পাণ্ডেৰ সৈতে ছলমানে শ্বেয়াৰ কৰিছে এখন ছবি। ছবিখনত RIP লিখা আছে। কেপচনত ছলমানে লিখিছে- ‘মোৰ লগত থকাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ। সাগৰ ভাই আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।'


সাগৰ পাণ্ডে মূলতঃ উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ আছিল।অভিনেতা হ’বলৈ তেওঁ মুম্বাইলৈ আহিছিল। যেতিয়া তেওঁ অভিনয়ৰ বিশেষ কাম নাপালে তেতিয়া তেওঁ বডি ডাবল হোৱাৰ সিদ্ধান্ত লৈছিল। 

'কুচ কুচ হোটা হায়'ত প্ৰথমবাৰৰ বাবে ছলমানৰ বডি ডাবল হৈ পৰিছিল সাগৰ। ইয়াৰ পিছতে তেওঁ ‘বজৰংগী ভাই জান’, ‘টিউবলাইট’, ‘দবাং’, ‘দবাং ২’, ‘দবাং ৩’ আদি আন আন ছবিও কৰিছে। এটা পুৰণি সাক্ষাৎকাৰত সাগৰে কৈছিল যে তেওঁ ৫০ খনতকৈও অধিক ছবিত বডি ডাবল হৈ পৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু