--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ তৎপৰতা ক্ৰমাৎবৃদ্ধি পাইছে। এনে সময়তে সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। ইস্তাহাৰ খনত নেতাজনে কংগ্ৰেছত কেতবোৰ আমূল পৰিৱৰ্তনৰ ইংগিত দিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ৩০ ছেপ্টেম্বৰত  নতুন দিল্লীৰ এআইচিচি মুখ্য কাৰ্যালয়ত দলৰ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। 

তিৰুৱন্তপুৰমৰ সাংসদজনে দলৰ বাবে  কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিশ্ৰুতি দিছে।শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত থাৰুৰে নিজকে ’কংগ্ৰেছৰ ভৱিষ্যত’ বুলি উল্লেখ কৰি এখন ইস্তাহাৰ প্ৰকাশ কৰে। "কাইলৈৰ কথা চিন্তা কৰক, থাৰুৰৰ কথা ভাবক" টেগলাইন ব্যৱহাৰ কৰি, তেওঁ দলটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ১০ টা নীতিৰ বিৱৰণ দিছে।

তাৰে ভিতৰত "পিচিচি (প্ৰদেশ কংগ্ৰেছ কমিটি)ৰ সভাপতিসকলক প্ৰকৃত কৰ্তৃত্ব প্ৰদান কৰি" আৰু সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ (এআইচিচি) মুখ্য কাৰ্যালয়ৰ ভূমিকা পুনৰ  নিৰ্ধাৰণ কৰি সংগঠনটোৰ বিকেন্দ্ৰীকৰণ কৰাৰ পোষকতা কৰিছে থাৰুৰে। তেওঁ প্ৰস্তাৱ কৰা আভ্যন্তৰীণ পৰিৱৰ্তনবোৰৰ ভিতৰত আছে দলৰ সভাপতি আৰু অন্যান্য কাৰ্য্যালয়ৰ পদসমূহ  পাঁচ বছৰীয়া কাৰ্যকাললৈ সীমিত কৰা আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি ) ২৩ টাৰ ভিতৰত ১২টা পদত নিৰ্বাচন অনুষ্ঠিত কৰা। 
থাৰুৰে ইস্তাহাৰত উল্লেখ কৰিছে  "কংগ্ৰেছে এক মান নিৰ্ধাৰণ কৰিব পাৰে । এক আকৰ্ষণীয় আৰ্হি প্ৰতিষ্ঠা কৰিব পাৰে।দলটো গণতান্ত্ৰিক ভাৰতৰ এক স্বতন্ত্ৰ ভৱিষ্যতৰ বাবে সৰ্বশ্ৰেষ্ঠ বাহন হৈ পৰিব পাৰে।"

সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত থাৰুৰে কয় যে "নতুন মুখ আৰু যুৱ প্ৰজন্মক  অনাৰ বিষয়ত  গুৰুত্ব দিয়া উচিত"। তেওঁ কয়  , "পুনৰুজ্জীৱিত কংগ্ৰেছ হৈছে যুৱ ভাৰতীয়সকলক আকৌ এবাৰ বুজাই দিয়াৰ মূল শক্তি যে আমি (কংগ্ৰেছে) তেওঁলোকৰ আকাংক্ষা বুজি পাওঁ আৰু তেওঁলোকক  বিশ্বাস কৰিব পাৰি।"

তেওঁ এইবুলিও  উল্লেখ কৰে  যে কংগ্ৰেছে "মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ মাধ্যমকে ধৰি নাগৰিকৰ স্বাধীনতা, আৰু নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাব।"

শক্তিৰ নৱীকৰণ; ৫০ বছৰৰ তলৰ লোকসকলৰ বাবে ৫০ শতাংশ  টিকট, মহিলা, যুৱ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ'বিচি আৰু দলীয় পদত সংখ্যালঘুসকলৰ বাবে বৰ্ধিত প্ৰতিনিধিত্বৰ কথাও ইস্তাহাৰ খনত কোৱা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ