--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ তৎপৰতা ক্ৰমাৎবৃদ্ধি পাইছে। এনে সময়তে সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। ইস্তাহাৰ খনত নেতাজনে কংগ্ৰেছত কেতবোৰ আমূল পৰিৱৰ্তনৰ ইংগিত দিছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ৩০ ছেপ্টেম্বৰত  নতুন দিল্লীৰ এআইচিচি মুখ্য কাৰ্যালয়ত দলৰ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। 

তিৰুৱন্তপুৰমৰ সাংসদজনে দলৰ বাবে  কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিশ্ৰুতি দিছে।শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত থাৰুৰে নিজকে ’কংগ্ৰেছৰ ভৱিষ্যত’ বুলি উল্লেখ কৰি এখন ইস্তাহাৰ প্ৰকাশ কৰে। "কাইলৈৰ কথা চিন্তা কৰক, থাৰুৰৰ কথা ভাবক" টেগলাইন ব্যৱহাৰ কৰি, তেওঁ দলটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ১০ টা নীতিৰ বিৱৰণ দিছে।

তাৰে ভিতৰত "পিচিচি (প্ৰদেশ কংগ্ৰেছ কমিটি)ৰ সভাপতিসকলক প্ৰকৃত কৰ্তৃত্ব প্ৰদান কৰি" আৰু সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ (এআইচিচি) মুখ্য কাৰ্যালয়ৰ ভূমিকা পুনৰ  নিৰ্ধাৰণ কৰি সংগঠনটোৰ বিকেন্দ্ৰীকৰণ কৰাৰ পোষকতা কৰিছে থাৰুৰে। তেওঁ প্ৰস্তাৱ কৰা আভ্যন্তৰীণ পৰিৱৰ্তনবোৰৰ ভিতৰত আছে দলৰ সভাপতি আৰু অন্যান্য কাৰ্য্যালয়ৰ পদসমূহ  পাঁচ বছৰীয়া কাৰ্যকাললৈ সীমিত কৰা আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি ) ২৩ টাৰ ভিতৰত ১২টা পদত নিৰ্বাচন অনুষ্ঠিত কৰা। 
থাৰুৰে ইস্তাহাৰত উল্লেখ কৰিছে  "কংগ্ৰেছে এক মান নিৰ্ধাৰণ কৰিব পাৰে । এক আকৰ্ষণীয় আৰ্হি প্ৰতিষ্ঠা কৰিব পাৰে।দলটো গণতান্ত্ৰিক ভাৰতৰ এক স্বতন্ত্ৰ ভৱিষ্যতৰ বাবে সৰ্বশ্ৰেষ্ঠ বাহন হৈ পৰিব পাৰে।"

সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত থাৰুৰে কয় যে "নতুন মুখ আৰু যুৱ প্ৰজন্মক  অনাৰ বিষয়ত  গুৰুত্ব দিয়া উচিত"। তেওঁ কয়  , "পুনৰুজ্জীৱিত কংগ্ৰেছ হৈছে যুৱ ভাৰতীয়সকলক আকৌ এবাৰ বুজাই দিয়াৰ মূল শক্তি যে আমি (কংগ্ৰেছে) তেওঁলোকৰ আকাংক্ষা বুজি পাওঁ আৰু তেওঁলোকক  বিশ্বাস কৰিব পাৰি।"

তেওঁ এইবুলিও  উল্লেখ কৰে  যে কংগ্ৰেছে "মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ মাধ্যমকে ধৰি নাগৰিকৰ স্বাধীনতা, আৰু নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাব।"

শক্তিৰ নৱীকৰণ; ৫০ বছৰৰ তলৰ লোকসকলৰ বাবে ৫০ শতাংশ  টিকট, মহিলা, যুৱ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ'বিচি আৰু দলীয় পদত সংখ্যালঘুসকলৰ বাবে বৰ্ধিত প্ৰতিনিধিত্বৰ কথাও ইস্তাহাৰ খনত কোৱা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু