--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিনৰ দিনা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হয় নাইজেৰিয়া। সোমবাৰৰ পৰা আফ্ৰিকান দেশখনত খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলি আহিছে। হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০ৰো অধিক। এই ঘটনাৰ আঁৰত ইছলামিক উগ্ৰপন্থী সংগঠন বকো হাৰাম আৰু ইয়াৰ কিছু সংযুক্ত সংগঠন আছে বুলি অভিযোগ উত্থাপন হৈছে।

পশ্চিমীয়া কেইবাখনো সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ পৰা মধ্য নাইজেৰিয়াৰ মালভূমি প্ৰদেশত প্ৰথম আক্ৰমণ আৰম্ভ হয়। ইয়াৰ পিছতে আশে-পাশে থকা কিছুমান অঞ্চলত আক্ৰমণ আৰম্ভ হয়। মূলতঃ খ্ৰীষ্টান আৰু পৰম্পৰাগত খিলঞ্জীয়া ধৰ্মৰ ২০টা সম্প্ৰদায়ক আক্ৰমণ কৰা হয়। হত্যাৰ লগতে জুই, ধৰ্ষণ, লুণ্ঠন আদিও মুক্তভাৱে চলি থাকে। নাইজেৰিয়াৰ সেনাই এই পৰিস্থিতি চম্ভালিবলৈ সক্ৰিয় হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি প্লেট’ প্ৰদেশৰ বক্কোছ অঞ্চলত কমেও ১১৩ জন লোকৰ মৃত্যু হৈছে। স্থানীয় একাংশ অপৰাধী চক্ৰও আক্ৰমণ আৰু লুণ্ঠনত জড়িত হোৱাৰ খবৰ পোৱা গৈছে।

বকোছ প্ৰশাসনৰ মুৰব্বী মণ্ডে কাছাৰ মতে, এই আক্ৰমণত কমেও ৩০০ লোক গুৰুতৰভাৱে আহত হৈছে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে। কাকতলীয়াকৈ ক’বলৈ গ’লে মধ্য নাইজেৰিয়া দীৰ্ঘদিন ধৰি ‘সাম্প্ৰদায়িক সংবেদনশীল অঞ্চল’ হিচাপে পৰিচিত। বিগত সময়ত এই অঞ্চলত খ্ৰীষ্টান আৰু জনজাতীয় লোককো আক্ৰমণ কৰা হৈছে। যোৱা দুটা দশকত তাত ইছলামিক জেহাদীৰ আক্ৰমণত কমেও ৬২ হাজাৰ অমুছলমান নাগৰিকৰ মৃত্যু হৈছে। ৫০ লাখৰো অধিক লোকক উচ্ছেদ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ