--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিনৰ দিনা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হয় নাইজেৰিয়া। সোমবাৰৰ পৰা আফ্ৰিকান দেশখনত খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলি আহিছে। হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০ৰো অধিক। এই ঘটনাৰ আঁৰত ইছলামিক উগ্ৰপন্থী সংগঠন বকো হাৰাম আৰু ইয়াৰ কিছু সংযুক্ত সংগঠন আছে বুলি অভিযোগ উত্থাপন হৈছে।

পশ্চিমীয়া কেইবাখনো সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেওবাৰৰ পৰা মধ্য নাইজেৰিয়াৰ মালভূমি প্ৰদেশত প্ৰথম আক্ৰমণ আৰম্ভ হয়। ইয়াৰ পিছতে আশে-পাশে থকা কিছুমান অঞ্চলত আক্ৰমণ আৰম্ভ হয়। মূলতঃ খ্ৰীষ্টান আৰু পৰম্পৰাগত খিলঞ্জীয়া ধৰ্মৰ ২০টা সম্প্ৰদায়ক আক্ৰমণ কৰা হয়। হত্যাৰ লগতে জুই, ধৰ্ষণ, লুণ্ঠন আদিও মুক্তভাৱে চলি থাকে। নাইজেৰিয়াৰ সেনাই এই পৰিস্থিতি চম্ভালিবলৈ সক্ৰিয় হৈ পৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি প্লেট’ প্ৰদেশৰ বক্কোছ অঞ্চলত কমেও ১১৩ জন লোকৰ মৃত্যু হৈছে। স্থানীয় একাংশ অপৰাধী চক্ৰও আক্ৰমণ আৰু লুণ্ঠনত জড়িত হোৱাৰ খবৰ পোৱা গৈছে।

বকোছ প্ৰশাসনৰ মুৰব্বী মণ্ডে কাছাৰ মতে, এই আক্ৰমণত কমেও ৩০০ লোক গুৰুতৰভাৱে আহত হৈছে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে। কাকতলীয়াকৈ ক’বলৈ গ’লে মধ্য নাইজেৰিয়া দীৰ্ঘদিন ধৰি ‘সাম্প্ৰদায়িক সংবেদনশীল অঞ্চল’ হিচাপে পৰিচিত। বিগত সময়ত এই অঞ্চলত খ্ৰীষ্টান আৰু জনজাতীয় লোককো আক্ৰমণ কৰা হৈছে। যোৱা দুটা দশকত তাত ইছলামিক জেহাদীৰ আক্ৰমণত কমেও ৬২ হাজাৰ অমুছলমান নাগৰিকৰ মৃত্যু হৈছে। ৫০ লাখৰো অধিক লোকক উচ্ছেদ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন