--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী দক্ষিণ কোৰিয়াৰ ছবি 'পেৰাছাইট'ৰ অন্যতম অভিনেতা লী চন কেনৰ মৃত্যু হৈছে। জানিব পৰা মতে  অভিনেতাগৰাকীৰ মৃতদেহ  চিউলৰ এখন পাৰ্কত ৰখাই থোৱা গাড়ী এখনৰ ভিতৰত উদ্ধাৰ হৈছে। 

অভিনেতাগৰাকীৰ পত্নীয়ে আৰক্ষীক জনোৱা অনুসৰি তেওঁ ঘৰৰ পৰা অভিনেতাজনে লিখি থৈ যোৱা  এটা চুইচাইড নোট পাইছে। অভিনেতাজনৰ পত্নী, অভিনেত্ৰী জিয়ন হিজেন আৰু তেওঁলোকৰ দুই সন্তান অভিনেতাজনৰ মৃত্যুত স্বাভাৱিকতে বিধ্বস্ত হৈ পৰিছে। অভিনেতাজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। 

লী কেনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০১ চনত টিভি শৃংখলা 'লাভাৰ্ছ'ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।

 দক্ষিণ কোৰিয়াৰ অভিনেতাজনে ২০১৯ চনত মুক্তি লাভ কৰা অস্কাৰ বিজয়ী চলচ্চিত্ৰ 'পেৰছাইট'ত অভিনয় কৰি সকলোৰে পৰিচিত হৈ পৰিছিল।অত্যাধিক ড্ৰাগ সেৱনৰ বাবে অভিনেতাজনে পূৰ্বে বহুবাৰ আইনী সমস্যাত পৰিছিল। তেওঁ সামাজিক মাধ্যমত বহুবাৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ