--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম বা ৰ’দত এগিলাচ নেমু পানী খালে শৰীৰ শীতল কৰি ৰখাত যথেষ্ট সহায়ক হয়। নেমুৰ পানীয়ে গৰমৰ দিনত পানীলগা আৰু সঘনাই পিয়াহ লগা সমস্যাৰ পৰা ৰক্ষা কৰে। ই শৰীৰত শক্তি আহৰণত তৎক্ষণাত সহায় কৰে যদিও অত্যধিক পৰিমাণে সেৱন কৰিলে শৰীৰত ইয়াৰ কুপ্ৰভাৱ পৰিব পাৰে।

 নেমুক শৰীৰৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱা ভিটামিন-চিৰ এক উত্তম উৎস বুলি গণ্য কৰা হয়। অৱশ্যে যিকোনো বস্তুৰ অধিক পৰিমাণে সেৱন কৰাটো বিপজ্জনক। নেমুৰ পানী অত্যধিক সেৱনে আপোনাৰ শৰীৰত কেনেদৰে বেয়া প্ৰভাৱ পেলাব পাৰে জানো আহক।

 অত্যধিক নেমু পানী অপকাৰিতা-

১. পেটৰ সমস্যাঃ-খালী পেটত মৌৰ লগত মিহলি লেমনেড খালে হজম শক্তিত যথেষ্ট সহায়ক হয়। কিন্তু বেছিকৈ নেমুৰ পানী সেৱন কৰিলে পেটত জ্বলা-পোৰাৰ অনুভূতি হ’ব পাৰে আৰু পাচন প্ৰক্ৰিয়াও লেহেমীয়া হ’ব পাৰে, ফলত পেটৰ বিষ আশংকা বৃদ্ধি পাব পাৰে।

২. পানীলগা সমস্যাঃ-নেমুৰ পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে বেছিকৈ নেমুৰ পানী খালে মূত্ৰাশয় ফুলি উঠিব পাৰে, অৰ্থাৎ বাৰে বাৰে শৌচাগাৰলৈ যাবলগা হ’ব পাৰে। শৰীৰৰ পৰা অত্যধিক পানী ক্ষয় হ’লে পানীলগা হ’ব পাৰে। এই কাৰণেই নেমুৰ পানী খোৱাৰ পিছত প্ৰচুৰ পৰিমাণে পানীও খাব লাগে, যাতে ডিহাইড্ৰেচন সমস্যা নহয়।

৩. দাঁত ক্ষয়ঃ-নেমুৰ ৰস অতি অম্লীয় আৰু বেছিকৈ সেৱন কৰিলে দাঁতত ঝিনঝিননী হ’ব পাৰে। যাৰ ফলত দাঁত ক্ষয় হয়। যদি আপোনাৰ দাঁতৰ সমস্যা আছে, তেন্তে প্ৰাকৃতিকভাৱে এচিডিক খাদ্য যেনে-নেমু কমকৈ খোৱা উচিত।

৪. চুলিৰ ক্ষতি হয়ঃ-নেমুত এচিডিক গুণ থাকে, যিয়ে আপোনাৰ চুলিৰ পৰা পুষ্টি নোহোৱা কৰি চুলি শুকান আৰু অকালতে বগা কৰি তুলিব পাৰে।

৫. মাইগ্ৰেইনঃ-মাইগ্ৰেইনত আক্ৰান্ত লোকসকলে অত্যধিক নেমু সেৱনৰ পৰা বিৰত থকা উচিত। নেমু আৰু অন্যান্য ছাইট্ৰাছ ফলত মাইগ্ৰেইনৰ সমস্যা তীব্ৰতৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক