--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰম বা ৰ’দত এগিলাচ নেমু পানী খালে শৰীৰ শীতল কৰি ৰখাত যথেষ্ট সহায়ক হয়। নেমুৰ পানীয়ে গৰমৰ দিনত পানীলগা আৰু সঘনাই পিয়াহ লগা সমস্যাৰ পৰা ৰক্ষা কৰে। ই শৰীৰত শক্তি আহৰণত তৎক্ষণাত সহায় কৰে যদিও অত্যধিক পৰিমাণে সেৱন কৰিলে শৰীৰত ইয়াৰ কুপ্ৰভাৱ পৰিব পাৰে।

 নেমুক শৰীৰৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱা ভিটামিন-চিৰ এক উত্তম উৎস বুলি গণ্য কৰা হয়। অৱশ্যে যিকোনো বস্তুৰ অধিক পৰিমাণে সেৱন কৰাটো বিপজ্জনক। নেমুৰ পানী অত্যধিক সেৱনে আপোনাৰ শৰীৰত কেনেদৰে বেয়া প্ৰভাৱ পেলাব পাৰে জানো আহক।

 অত্যধিক নেমু পানী অপকাৰিতা-

১. পেটৰ সমস্যাঃ-খালী পেটত মৌৰ লগত মিহলি লেমনেড খালে হজম শক্তিত যথেষ্ট সহায়ক হয়। কিন্তু বেছিকৈ নেমুৰ পানী সেৱন কৰিলে পেটত জ্বলা-পোৰাৰ অনুভূতি হ’ব পাৰে আৰু পাচন প্ৰক্ৰিয়াও লেহেমীয়া হ’ব পাৰে, ফলত পেটৰ বিষ আশংকা বৃদ্ধি পাব পাৰে।

২. পানীলগা সমস্যাঃ-নেমুৰ পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে বেছিকৈ নেমুৰ পানী খালে মূত্ৰাশয় ফুলি উঠিব পাৰে, অৰ্থাৎ বাৰে বাৰে শৌচাগাৰলৈ যাবলগা হ’ব পাৰে। শৰীৰৰ পৰা অত্যধিক পানী ক্ষয় হ’লে পানীলগা হ’ব পাৰে। এই কাৰণেই নেমুৰ পানী খোৱাৰ পিছত প্ৰচুৰ পৰিমাণে পানীও খাব লাগে, যাতে ডিহাইড্ৰেচন সমস্যা নহয়।

৩. দাঁত ক্ষয়ঃ-নেমুৰ ৰস অতি অম্লীয় আৰু বেছিকৈ সেৱন কৰিলে দাঁতত ঝিনঝিননী হ’ব পাৰে। যাৰ ফলত দাঁত ক্ষয় হয়। যদি আপোনাৰ দাঁতৰ সমস্যা আছে, তেন্তে প্ৰাকৃতিকভাৱে এচিডিক খাদ্য যেনে-নেমু কমকৈ খোৱা উচিত।

৪. চুলিৰ ক্ষতি হয়ঃ-নেমুত এচিডিক গুণ থাকে, যিয়ে আপোনাৰ চুলিৰ পৰা পুষ্টি নোহোৱা কৰি চুলি শুকান আৰু অকালতে বগা কৰি তুলিব পাৰে।

৫. মাইগ্ৰেইনঃ-মাইগ্ৰেইনত আক্ৰান্ত লোকসকলে অত্যধিক নেমু সেৱনৰ পৰা বিৰত থকা উচিত। নেমু আৰু অন্যান্য ছাইট্ৰাছ ফলত মাইগ্ৰেইনৰ সমস্যা তীব্ৰতৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত