--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া লাহে লাহে ভাতকেৰেলাৰ বতৰ আৰম্ভ হ’ব৷ ভাত কেৰেলাৰ পুষ্টি গুণ বহু বেছি৷ সেয়ে ইয়াৰ দামো বজাৰত তুলনামূলকভাবে আন পাচলিতকৈ বেছি হয়৷ ভাত কেৰালা বিভিন্ন ৰোগ প্ৰতিৰোধী পাচলি৷ ভাতকেৰেলাত মাংসত থকাতকৈ প্ৰায় ৫০ গুণে বেছি প্ৰ’টিন থকা বুলি খাদ্য বিশেষজ্ঞসকলে কৈ আহিছে৷ভাতকেৰেলাই দেহত  পুষ্টি যোগোৱাৰ লগতে বিভিন্ন ৰোগৰ ক্ষেত্ৰতো সহায় কৰে৷

ভাতকেৰেলাৰ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

 ওজন হ্ৰাস কৰেঃ দেহৰ ওজন হ্ৰাস কৰিবলৈ নিয়মিত বতৰৰ পাচলি ভাতকেৰেলা খাব পাৰি৷ তথ্য অনুসৰি প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধিত সহায় কৰে। এই পাচলি বিধ কম কেলৰিযুক্ত হোৱাৰ লগতে  ফাইবাৰযুক্তও৷
 
ডিঙিৰ সুৰসুৰণি দূৰ কৰাত সহায় কৰেঃ বাৰিষা কালত  বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে প্ৰধানকৈ শিশুসকলৰ কাহ হোৱা দেখা যায়৷ শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা থাকিলে  ভাতকেৰেলা খুৱালে বহু সুফল পোৱা যায়৷

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাত  হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সঠিক ৰূপত  ৰখাত সহায় কৰে৷ ই ইনছ্যুলিন নি:সৰণ বৃদ্ধি কৰি  ডায়েবেটিছ নিয়ন্ত্ৰণতসহায় কৰে৷

কেন্সাৰ প্ৰতিৰোধীঃ  কেন্সাৰ প্ৰতিৰোধী পাচলি হিচাবে ভাতকেৰেলা অতি উত্তম পাচলি৷শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কেন্সাৰ সৃষ্টি হ’ব পাৰে। ভাতকেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে ৷ ই  প্ৰাকৃতিক এন্টিঅক্সিডেন্ট হিচাবে কাম কৰে। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে৷

কোষ্ঠকাঠিন্যতা  দূৰ কৰে: কোষ্ঠকাঠিন্যতা  দূৰ কৰিবলৈ নিয়মিত ভাতকেৰেলা খালে ভাল৷ এই পাচলি বিধত  হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ দূৰ কৰে।

ছাল ভালে ৰাখেঃছাল খন ভালে ৰখাত ভাতকেৰেলাই সহায় কৰে৷ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে৷সেয়ে পাচলি বিধে  ছালৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু