--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূবৰি বন সকলোৱে চিনি পোৱা এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। দূবৰিৰ আছে বহু ঔষধি গুণ। ভাৰতীয় সংস্কৃতিত দূবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দূবৰি বন ব্যৱহাৰ কৰা হয়। দূৱৰিৰ মূল আদিভূমি আফ্ৰিকা মহাদেশ বুলি জনা যায়। আয়ুৰ্বেদত দূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দূবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দূূবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়। 

দূবৰি বনৰ স্বাস্থ্য উপকাৰিতা

১) দূবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হ'লে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰমতে দূবৰি বন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ। গৰ্ভধাৰণৰত অসমৰ্থ হʼলে দূবৰি বন আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি/চাৰিদিনকৈ খালে উপকাৰ পোৱা যায়। 

২) আমাশয় আৰু উদৰাময়েত দূবৰি বনৰ ৰস ঔষধ হিচাপে খোৱা হয়। 

৩) আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দূবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দূবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। 

৪) চুলি সৰা ৰোগতো দূবৰি ব্যৱহাৰ কৰা হয়। 

৫) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগত বা পায়োৰিয়া ৰোগত দূবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। 

৬) কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।

৭) নিয়ৰত তিতা কোমল দূবৰি বনৰ ওপৰত খোজ কাঢ়িলে স্বাস্থ্য ভালে থাকে। 

৮) এনিমিয়া বা ৰক্তহীনতাত দূবৰি বন উপযোগী

৯) দূবৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyllৰ  দ্বাৰ পৰিষ্কাৰ কৰে। 

১০) দূবৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ ছুগাৰৰ মাত্ৰা কমায়। অকল দূবৰি বনৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক হʼব পাৰে।

১১) দূবৰি বনৰ ৰসে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ প্ৰাকৃতিকভাবে শৰীৰৰ পৰা উলিয়াই দিব পাৰে। লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী ইনফেক্সন আৰোগ্য কৰে। 

১২) দূবৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানি ৰোগ নিৰাময় কৰে।  

১৩) দূবৰি বনৰ ৰসে অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি Obesity দূৰ কৰে। 

১৪) দূবৰি বনত ভিটামিন A  আৰু C আছে যি এন্টিঅক্সিডেণ্ট হিচাপে হাৰ্ট ষ্ট্ৰোক আৰু কেন্সাৰ (Cancer) প্ৰতিৰোধ কৰে।

উল্লেখ্য যে উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি বনৰ উপকাৰিতা ল’বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি।

অৰ্শ বা পাইলছ ৰোগীসকলে দূৱৰি বন সেৱন কৰিব নালাগে। ই দেহৰ ক্ষতি কৰিব পাৰে।
























FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement