--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূবৰি বন সকলোৱে চিনি পোৱা এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। দূবৰিৰ আছে বহু ঔষধি গুণ। ভাৰতীয় সংস্কৃতিত দূবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দূবৰি বন ব্যৱহাৰ কৰা হয়। দূৱৰিৰ মূল আদিভূমি আফ্ৰিকা মহাদেশ বুলি জনা যায়। আয়ুৰ্বেদত দূবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দূবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দূূবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়। 

দূবৰি বনৰ স্বাস্থ্য উপকাৰিতা

১) দূবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হ'লে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰমতে দূবৰি বন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ। গৰ্ভধাৰণৰত অসমৰ্থ হʼলে দূবৰি বন আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি/চাৰিদিনকৈ খালে উপকাৰ পোৱা যায়। 

২) আমাশয় আৰু উদৰাময়েত দূবৰি বনৰ ৰস ঔষধ হিচাপে খোৱা হয়। 

৩) আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দূবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দূবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। 

৪) চুলি সৰা ৰোগতো দূবৰি ব্যৱহাৰ কৰা হয়। 

৫) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগত বা পায়োৰিয়া ৰোগত দূবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। 

৬) কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।

৭) নিয়ৰত তিতা কোমল দূবৰি বনৰ ওপৰত খোজ কাঢ়িলে স্বাস্থ্য ভালে থাকে। 

৮) এনিমিয়া বা ৰক্তহীনতাত দূবৰি বন উপযোগী

৯) দূবৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyllৰ  দ্বাৰ পৰিষ্কাৰ কৰে। 

১০) দূবৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ ছুগাৰৰ মাত্ৰা কমায়। অকল দূবৰি বনৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক হʼব পাৰে।

১১) দূবৰি বনৰ ৰসে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ প্ৰাকৃতিকভাবে শৰীৰৰ পৰা উলিয়াই দিব পাৰে। লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী ইনফেক্সন আৰোগ্য কৰে। 

১২) দূবৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানি ৰোগ নিৰাময় কৰে।  

১৩) দূবৰি বনৰ ৰসে অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি Obesity দূৰ কৰে। 

১৪) দূবৰি বনত ভিটামিন A  আৰু C আছে যি এন্টিঅক্সিডেণ্ট হিচাপে হাৰ্ট ষ্ট্ৰোক আৰু কেন্সাৰ (Cancer) প্ৰতিৰোধ কৰে।

উল্লেখ্য যে উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি বনৰ উপকাৰিতা ল’বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি।

অৰ্শ বা পাইলছ ৰোগীসকলে দূৱৰি বন সেৱন কৰিব নালাগে। ই দেহৰ ক্ষতি কৰিব পাৰে।
























FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু