--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান অভিনীত বহুপ্ৰত্যাশিত ছৱি ‘পাঠান’ৰ গানৰ প্ৰথমটো ভিডিঅ’ই মুক্তি লাভ কৰিছে। ‘বেছৰম ৰং’ নামৰ গানটোৰ ভিডিঅ’ ইতিমধ্যে চৰ্চাৰ শীৰ্ষত আছে। উন্মাদ হৈ পৰিছে অভিনেত্ৰী দীপিকা পাডুকনৰ অনুৰাগীসকল। গানটোত ‘পাঠান’ ছৱিৰ নায়িকা দীপিকাৰ ৰূপৰ যাদুত মোহিত হৈ পৰিছে সকলো।

কিন্তু গানটোৰ দ্বাৰা বিতৰ্কতো জড়িত হৈ পৰিছে দীপিকা। বহুতে কৈছে যে দীপিকাই গানটোত অত্যধিক দেহ প্ৰদৰ্শন কৰিছে।

‘বেছৰম ৰং’ত দীপিকাক বিকিনি আৰু খোলা-মেলা কাপোৰত দেখা গৈছে। লাস্যময়ী ভংগীত গানটোত নাচ প্ৰদৰ্শন কৰিছে দীপিকাই। স্পেনিছ গানৰ তালত বন্ধা হৈছে গানটো।

গানটোত দীপিকাৰ কাপোৰ দেখি কিছুৱে কৈছে যে বলিউডৰ শীৰ্ষস্থানৰ এগৰাকী অভিনেত্ৰীয়ে এইধৰণে খোলা মেলা কাপোৰ পিন্ধাটো অশুভনীয়। এই নাচ কোনো পৰ্ণ ছৱিৰ নায়িকাইহে কৰিব পাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুকেইবাৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল দীপিকা। নিজৰ পোছাক নিলাম কৰি বিতৰ্কত জড়িত হৈ পৰিছিল দীপিকা। সমালোচকসকলে কৈছিল যে পইচা উপাৰ্জনৰ বাবে দীপিকাই যি মন যায় তাকে কৰিব পাৰে।

২০২০ চনৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল দীপিকা। সমৰ্থন জনাইছিল কানহায়া কুমাৰ নেতৃত্বাধীন বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকল। তেতিয়াও বিতৰ্কৰ সৃষ্টি হৈছিল। সমালোচকসকলে কৈছিল যে ‘ছপক’ নামৰ ছৱিখনৰ প্ৰচাৰৰ বাবে দীপিকাই তাত উপস্থিত হৈছিল।

২০১৫ চনত মুক্তিলাভ কৰিছিল ‘মাই চয়ছ’ নামৰ এখন চৰ্টফিল্ম। তাত অভিনয় কৰিছিল দীপিকাই। মূলতঃ নাৰী অধিকাৰ বিষয়কেন্দ্ৰীক চৰ্টফিল্মখনত দীপিকাৰ এটা সংলাপ আছিল এনেধৰণৰ- “মই বিয়াৰ পাছত আন কাৰোবাৰ স’তে শাৰীৰিক সম্পৰ্ক ৰাখোনে নাৰাখো, সেয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা।” তেতিয়াও বিতৰ্কত সাঙোৰ খাই পৰিছিল দীপিকা।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়তো বিতৰ্কত জড়িত হৈ পৰিছিল দীপিকা। দীপিকাই ড্ৰাগছ সেৱন কৰা বুলি অভিযোগ উঠিছিল। নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৱে দীপিকাৰ ওপৰত তদন্ত আৰম্ভ কৰে।

কিন্তু এইসমূহ বিতৰ্কই চুব পৰা নাই দীপিকাৰ সফলতাৰ জয়যাত্ৰা। কৰি গৈছে ইখনৰ পাছত সিখন সফল ছৱি। শেহতীয়াকৈ ইয়াৰ সৈতে যোগ হৈছে ‘পাঠান’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু