--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান অভিনীত বহুপ্ৰত্যাশিত ছৱি ‘পাঠান’ৰ গানৰ প্ৰথমটো ভিডিঅ’ই মুক্তি লাভ কৰিছে। ‘বেছৰম ৰং’ নামৰ গানটোৰ ভিডিঅ’ ইতিমধ্যে চৰ্চাৰ শীৰ্ষত আছে। উন্মাদ হৈ পৰিছে অভিনেত্ৰী দীপিকা পাডুকনৰ অনুৰাগীসকল। গানটোত ‘পাঠান’ ছৱিৰ নায়িকা দীপিকাৰ ৰূপৰ যাদুত মোহিত হৈ পৰিছে সকলো।

কিন্তু গানটোৰ দ্বাৰা বিতৰ্কতো জড়িত হৈ পৰিছে দীপিকা। বহুতে কৈছে যে দীপিকাই গানটোত অত্যধিক দেহ প্ৰদৰ্শন কৰিছে।

‘বেছৰম ৰং’ত দীপিকাক বিকিনি আৰু খোলা-মেলা কাপোৰত দেখা গৈছে। লাস্যময়ী ভংগীত গানটোত নাচ প্ৰদৰ্শন কৰিছে দীপিকাই। স্পেনিছ গানৰ তালত বন্ধা হৈছে গানটো।

গানটোত দীপিকাৰ কাপোৰ দেখি কিছুৱে কৈছে যে বলিউডৰ শীৰ্ষস্থানৰ এগৰাকী অভিনেত্ৰীয়ে এইধৰণে খোলা মেলা কাপোৰ পিন্ধাটো অশুভনীয়। এই নাচ কোনো পৰ্ণ ছৱিৰ নায়িকাইহে কৰিব পাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুকেইবাৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল দীপিকা। নিজৰ পোছাক নিলাম কৰি বিতৰ্কত জড়িত হৈ পৰিছিল দীপিকা। সমালোচকসকলে কৈছিল যে পইচা উপাৰ্জনৰ বাবে দীপিকাই যি মন যায় তাকে কৰিব পাৰে।

২০২০ চনৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল দীপিকা। সমৰ্থন জনাইছিল কানহায়া কুমাৰ নেতৃত্বাধীন বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকল। তেতিয়াও বিতৰ্কৰ সৃষ্টি হৈছিল। সমালোচকসকলে কৈছিল যে ‘ছপক’ নামৰ ছৱিখনৰ প্ৰচাৰৰ বাবে দীপিকাই তাত উপস্থিত হৈছিল।

২০১৫ চনত মুক্তিলাভ কৰিছিল ‘মাই চয়ছ’ নামৰ এখন চৰ্টফিল্ম। তাত অভিনয় কৰিছিল দীপিকাই। মূলতঃ নাৰী অধিকাৰ বিষয়কেন্দ্ৰীক চৰ্টফিল্মখনত দীপিকাৰ এটা সংলাপ আছিল এনেধৰণৰ- “মই বিয়াৰ পাছত আন কাৰোবাৰ স’তে শাৰীৰিক সম্পৰ্ক ৰাখোনে নাৰাখো, সেয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা।” তেতিয়াও বিতৰ্কত সাঙোৰ খাই পৰিছিল দীপিকা।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়তো বিতৰ্কত জড়িত হৈ পৰিছিল দীপিকা। দীপিকাই ড্ৰাগছ সেৱন কৰা বুলি অভিযোগ উঠিছিল। নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৱে দীপিকাৰ ওপৰত তদন্ত আৰম্ভ কৰে।

কিন্তু এইসমূহ বিতৰ্কই চুব পৰা নাই দীপিকাৰ সফলতাৰ জয়যাত্ৰা। কৰি গৈছে ইখনৰ পাছত সিখন সফল ছৱি। শেহতীয়াকৈ ইয়াৰ সৈতে যোগ হৈছে ‘পাঠান’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক