--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা বিবেক অবেৰয়ে নিজৰ চিনেমাতকৈ বেছি ব্যক্তিগত জীৱনৰ বাবেহে চৰ্চা লভে। মাজে মাজে তেওঁ পুৰণি প্ৰেমৰ বাবে চৰ্চালৈ আহে। সকলোৱে জানে যে এটা সময়ত বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বিবেক অৱেৰয়ৰ। শেহতীয়া এক সাক্ষাৎকাৰত বিবেকক ঐশ্বৰ্য ৰায়ৰ বিষয়ে সোধা হৈছিল। পাছে এই বিষয়ে একোকে নকলে বিবেক অৱেৰয়ে।

অভিনেতাজনে এই বিষয়ে কয় ‘মই এই বিষয়ে একো নকওঁ কাৰণ এই সকলোবোৰ শেষ হৈ গৈছে। সেইবোৰ কেতিয়াবাই ধূলি হৈ উৰি গৈছে। সাক্ষাৎকাৰত বিবেকে নিজৰ প্ৰেম জীৱনৰ কথা খুলি ক’ব বুলি আশা কৰা হৈছিল যদিও বিবেকে নিজৰ ষ্টাইলত এই বিষয়টোৰ পৰা পলায়ন কৰিছিল। তেওঁ সাংবাদিকৰ প্ৰশ্নত চেঁচা পানী ঢালিছিল।

এই সাক্ষাৎকাৰ অনুষ্ঠানতে বিবেক অবেৰয়ে যুৱক-যুৱতীসকলক নিজৰ মতামত আগবঢ়াই কয় যে ‘আপুনি কেৱল সম্পূৰ্ণ সততা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ ওপৰত কাম কৰক আৰু আপোনাৰ কামত আপোনাৰ ১০০ শতাংশ দিয়ক, তেতিয়া আপুনি দেখিব যে যদি কোনোবাই আপোনাৰ ক্ষতি কৰিব বিচাৰিলেও কোনেও আপোনাৰ একো লোকচান কৰিব নোৱাৰিব। আপোনাৰ কেৰিয়াৰক আপুনি সদায় অগ্ৰাধিকাৰ দিব লাগে।

উল্লেখ্য যে বিবেক অবেৰয় এতিয়াও বলীউডত অতি সক্ৰিয় আৰু ইয়াৰ লগে লগে তেওঁ ছ’চিয়েল নেটৱৰ্কিং চাইট টুইটাৰ আৰু ইনষ্টাগ্ৰামতো অতি সক্ৰিয়। 
বৰ্তমান বিবেক অবেৰয় নিজৰ আগন্তুক ছবিৰ প্ৰচাৰত ব্যস্ত হৈ আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক