--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলমান খানৰ সোঁ হাতত এডাল ব্ৰেচলেট দেখা যায়। বগা ধাতুৰে নিৰ্মিত শিকলিডালৰ মাজত এটা উজ্জ্বল নীলা ফিৰোজা  ৰঙৰ শিল থাকে। এই ব্ৰেচলেট ছলমানৰ ২৪ ঘণ্টীয়া সংগী।

ছলমানে ভাবে যে তেওঁৰ সোঁহাতৰ এই ব্ৰেচলেটডাল তেওঁৰ সৌভাগ্যৰ প্ৰতীক। ব্ৰেচলেটত থকা শিল- 'ফিৰোজা’ক লৈও ছলমানৰ বিশ্বাস আছে।  তেওঁ আৰু এটা দাবীও কৰে। বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ ভাষাত "ফিৰোজাই প্ৰতিবাৰেই মোৰ কিবা বেয়া হ'লে বুজি পায়।"

কিন্তু শেহতীয়াকৈ শুনা হৈছে যে ছলমানে তেওঁৰ বহুমূলীয়া এই ব্ৰেচলেটডাল  এজন বন্ধুক দি দিছে। ছলমানৰ ভগ্নী অৰ্পিতা খানৰ ঘৰত ঈদৰ পাৰ্টিত তাৰকাৰে ভৰি পৰে। আমিৰ খান তাত উপস্থিত থাকে। কুৰ্তা, জিন্সৰ সৈতে - এই ৰূপত দেখা গ’ল আমিৰক। কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বস্তুটো আছিল আমিৰৰ হাতৰ ব্ৰেচলেট। বহুতে সেই ব্ৰেচলেটটো ছলমানৰ বুলিয়ে ভাবে।

ছলমানে আমিৰৰ সৈতে ফটোও তোলে আৰু  ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।  খান দুজনক এটা ফ্ৰেমত দেখি বহুতে ভাবে যে অতি সোনকালে যিকোনো নতুন খবৰ দিব।

ঘৰৰ বেলকনিলৈ যোৱাৰ সময়ত ছলমানৰ হাতত ব্ৰেচলেটটো দেখা পোৱা নগ’ল। তেতিয়াৰ পৰাই বহুতে চৰ্চা আৰম্ভ কৰিলে। ছলমানৰ অনুৰাগীসকলে ক’বলৈ ধৰিছে যে ভাইজানে নিজৰ সৌভাগ্যৰ প্ৰতীক ব্ৰেচলেটডাল আমিৰ খানক দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ