--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত তাৰকাসকলক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হয়। কিছুমান তাৰকাই এইসমূহৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু এই ঠাট্টা-মস্কৰা, নেতিবাচক প্ৰতিক্ৰিয়াক লৈ একাংশই চিন্তিত হৈ পৰিছে।

বলীউডৰ অভিনেতা সুনীল শ্বেট্টীয়ে অনুভৱ কৰে যে ছ’চিয়েল মিডিয়াত নেতিবাচক প্ৰতিক্ৰিয়াই মানুহৰ জীৱন ধ্বংস কৰিব পাৰে। সেইবাবেই তেওঁ কেতিয়াবা ছ’চিয়েল মিডিয়াত কথা ক’বলৈ ভয় কৰে। সুনীলে কয় যে যেতিয়া তেওঁৰ কন্যা আথিয়া শ্বেট্টীক লৈ ছ’চিয়েল মিডিয়াত ঠাট্টা কৰা হয় তেতিয়া সঁচাকৈয়ে তেওঁক আঘাত দিয়ে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সুনীলে কয়, ''ছ’চিয়েল মিডিয়াত গোপনীয়তা বুলি কোনো কথা নাই। ই জীৱন ধ্বংস কৰিব পাৰে। এটা বাক্য বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। একেটা শব্দৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কথা পাতিবলৈ ভয় লাগে।"

তেওঁ আৰু ক'লে, "অচিনাকি মানুহ আহি ফেচবুক আৰু টুইটাৰত মোৰ আৰু মোৰ পৰিয়ালৰ বিষয়ে বেয়া কথা কয়। মোৰ ছোৱালীজনীৰ বিষয়ে অশ্লীল কথা কয়, মাকক অপমান কৰে। কিয়? "

সুনীলৰ দাবী, এইবোৰে তেওঁৰ মনত প্ৰভাৱ পেলাইছে। কাৰণ, তেওঁ এজন প্ৰাচীনপন্থী ব্যক্তি। সকলো ক্ষেত্ৰতে শান্ত হৈ থাকিব নোৱাৰে বুলি অভিনেতা গৰাকীয়ে কয়।

শেহতীয়াকৈ সুনীলক দেখা গৈছিল ৱেব শ্ব’ ‘হাণ্টাৰ’ত। ‘হেৰা ফেৰী ৩’ৰ শ্বুটিংও চলি আছে। সুনীলৰ সৈতে এই ছবিখনত অক্ষয় কুমাৰ, পৰেশ ৰাৱাল, সঞ্জয় দত্তই অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement