--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই শনিবাৰে প্ৰয়াত ব্যৱসায়ী পণ্টী চাড্ডাৰ ছটাৰপুৰ ফাৰ্ম হাউচত এখন বুলডজাৰ চলায়। প্ৰায় ১০ একৰ মাটিত বিস্তৃত এই ফাৰ্ম হাউচৰ এটা বৃহৎ অংশ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ মূল্য প্ৰায় ৪০০ কোটি টকা বুলি জানিব পৰা গৈছে।উচ্ছেদৰ সময়ত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছিল। এই ফাৰ্ম হাউচটো ভাঙি পেলোৱাৰ কাম দেওবাৰেও চলি থকা দেখা গ’ল। বিশেষ সূত্ৰই জনোৱা মতে, দক্ষিণ দিল্লীৰ ছাটাৰপুৰত প্ৰায় ১০ একৰ মাটিত নিৰ্মাণ কৰা হৈছিল প্ৰাক্তন সুৰা ব্যৱসায়ী পণ্টী চাড্ডা ওৰফে গুৰদীপ সিঙৰ ফাৰ্ম হাউচ। ইয়াৰ এক বৃহৎ অংশ চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছে।


ইয়াৰ বাবেই বেদখল আঁতৰাবলৈ ডিডিএৰ বিষয়াসকলে নিৰ্দেশ দিছিল। ডিডিএই শুকুৰবাৰৰ পৰাই এই ফাৰ্ম হাউচটো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰিছিল আৰু শনিবাৰেও চলি আছিল। ৰজনীবাসৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে এই ফাৰ্ম হাউছৰ পৰা পাঁচ একৰ বেদখল আঁতৰাই পেলোৱা হৈছে। শনিবাৰে চলি থকা এই উচ্ছেদ কার্যত ব্যাপক জনসমাগম উপস্থিত আছিল।ডি ডি এৰ মতে শনিবাৰে আন্ধাৰ হোৱাৰ লগে লগে এই কার্য বন্ধ কৰি দিয়া হৈছিল যদিও দেওবাৰে অবৈধ নির্মাণ ভাঙি চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ কামত সকলো ব্যস্ত হৈ পৰে৷ সূত্ৰসমূহে জনোৱা মতে, ২০১২ চনৰ নৱেম্বৰ মাহত একেটা ফাৰ্ম হাউচতে গুলীচালনাত পণ্টী চাড্ডা আৰু তেওঁৰ ভাতৃ হৰদীপৰ মৃত্যু হৈছিল।তাৰ পাছতেই সম্পত্তিৰ বিবাদৰ বাবে দুয়োজন ভাতৃয়ে ইজনে সিজনৰ ওপৰত গুলী চলোৱাৰ কথা পোহৰলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু