--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই শনিবাৰে প্ৰয়াত ব্যৱসায়ী পণ্টী চাড্ডাৰ ছটাৰপুৰ ফাৰ্ম হাউচত এখন বুলডজাৰ চলায়। প্ৰায় ১০ একৰ মাটিত বিস্তৃত এই ফাৰ্ম হাউচৰ এটা বৃহৎ অংশ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ মূল্য প্ৰায় ৪০০ কোটি টকা বুলি জানিব পৰা গৈছে।উচ্ছেদৰ সময়ত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছিল। এই ফাৰ্ম হাউচটো ভাঙি পেলোৱাৰ কাম দেওবাৰেও চলি থকা দেখা গ’ল। বিশেষ সূত্ৰই জনোৱা মতে, দক্ষিণ দিল্লীৰ ছাটাৰপুৰত প্ৰায় ১০ একৰ মাটিত নিৰ্মাণ কৰা হৈছিল প্ৰাক্তন সুৰা ব্যৱসায়ী পণ্টী চাড্ডা ওৰফে গুৰদীপ সিঙৰ ফাৰ্ম হাউচ। ইয়াৰ এক বৃহৎ অংশ চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছে।


ইয়াৰ বাবেই বেদখল আঁতৰাবলৈ ডিডিএৰ বিষয়াসকলে নিৰ্দেশ দিছিল। ডিডিএই শুকুৰবাৰৰ পৰাই এই ফাৰ্ম হাউচটো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰিছিল আৰু শনিবাৰেও চলি আছিল। ৰজনীবাসৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে এই ফাৰ্ম হাউছৰ পৰা পাঁচ একৰ বেদখল আঁতৰাই পেলোৱা হৈছে। শনিবাৰে চলি থকা এই উচ্ছেদ কার্যত ব্যাপক জনসমাগম উপস্থিত আছিল।ডি ডি এৰ মতে শনিবাৰে আন্ধাৰ হোৱাৰ লগে লগে এই কার্য বন্ধ কৰি দিয়া হৈছিল যদিও দেওবাৰে অবৈধ নির্মাণ ভাঙি চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰাৰ কামত সকলো ব্যস্ত হৈ পৰে৷ সূত্ৰসমূহে জনোৱা মতে, ২০১২ চনৰ নৱেম্বৰ মাহত একেটা ফাৰ্ম হাউচতে গুলীচালনাত পণ্টী চাড্ডা আৰু তেওঁৰ ভাতৃ হৰদীপৰ মৃত্যু হৈছিল।তাৰ পাছতেই সম্পত্তিৰ বিবাদৰ বাবে দুয়োজন ভাতৃয়ে ইজনে সিজনৰ ওপৰত গুলী চলোৱাৰ কথা পোহৰলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী