--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দমদম বিমান বন্দৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। কলকাতা অভিমুখী বিমান খনে অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে উজ্জ্বল লেজাৰ লাইটে পাইলটৰ চকু ছাট মাৰি ধৰে।  পাইলটে  অভিযোগ কৰা অনুসৰি  সেউজীয়া লেজাৰ পোহৰে পাইলট আৰু সহ-পাইলটসকলক কিছু সময়লৈ একো নেদেখা কৰি তোলে।

পাইলটে মুহূৰ্তৰ বাবে  দিশ নিৰ্ধাৰণ কৰাত সমস্যাৰ সন্মুখীন হয়। কিন্তু পাইলটে লগে লগে পৰিস্থিতি চম্ভালি লোৱাত বিমান খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।  বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত গোচৰ  ৰুজু কৰিছে।

কলকাতা বিমান বন্দৰৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, বাংগালুৰুৰ পৰা অহা বিমানখনে কলকাতাৰ দমদম বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে নাৰায়ণপুৰৰ ফালৰ পৰা লেজাৰ লাইটৰ সেউজীয়া পোহৰে ককপিটখন পোহৰাই তোলে। ইয়াৰ ফলত পাইলট আৰু সহ-পাইলটৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়।  বিমানখনত  ১৮০ গৰাকী  যাত্ৰী আৰু ছয়জন কেবিন ক্ৰু  আছিল। 
 বিমানবন্দৰ কৰ্তৃপক্ষই নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত  অভিযোগ দাখিল কৰিছে। 

বাংগালুৰুৰ পৰা কলকাতালৈ  আহি থকা ইণ্ডিগ'ৰ এখন বিমানতো কেইদিনমান পূৰ্বে  একে ধৰণৰ ঘটনাই ঘটিছিল। একেদৰে কিছুদিন পূৰ্বে আগৰতলাৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমানৰ অৱতৰণৰ সময়তো একে ঘটনাই ঘটিছিল। কিন্তু প্ৰশ্ন হৈছে পাইলটক বিভ্ৰান্ত কৰিবলৈ এনেদৰে লেজাৰ লাইট কোনে মাৰি আহিছে? 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু