--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দমদম বিমান বন্দৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। কলকাতা অভিমুখী বিমান খনে অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে উজ্জ্বল লেজাৰ লাইটে পাইলটৰ চকু ছাট মাৰি ধৰে।  পাইলটে  অভিযোগ কৰা অনুসৰি  সেউজীয়া লেজাৰ পোহৰে পাইলট আৰু সহ-পাইলটসকলক কিছু সময়লৈ একো নেদেখা কৰি তোলে।

পাইলটে মুহূৰ্তৰ বাবে  দিশ নিৰ্ধাৰণ কৰাত সমস্যাৰ সন্মুখীন হয়। কিন্তু পাইলটে লগে লগে পৰিস্থিতি চম্ভালি লোৱাত বিমান খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।  বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত গোচৰ  ৰুজু কৰিছে।

কলকাতা বিমান বন্দৰৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, বাংগালুৰুৰ পৰা অহা বিমানখনে কলকাতাৰ দমদম বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে নাৰায়ণপুৰৰ ফালৰ পৰা লেজাৰ লাইটৰ সেউজীয়া পোহৰে ককপিটখন পোহৰাই তোলে। ইয়াৰ ফলত পাইলট আৰু সহ-পাইলটৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়।  বিমানখনত  ১৮০ গৰাকী  যাত্ৰী আৰু ছয়জন কেবিন ক্ৰু  আছিল। 
 বিমানবন্দৰ কৰ্তৃপক্ষই নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত  অভিযোগ দাখিল কৰিছে। 

বাংগালুৰুৰ পৰা কলকাতালৈ  আহি থকা ইণ্ডিগ'ৰ এখন বিমানতো কেইদিনমান পূৰ্বে  একে ধৰণৰ ঘটনাই ঘটিছিল। একেদৰে কিছুদিন পূৰ্বে আগৰতলাৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমানৰ অৱতৰণৰ সময়তো একে ঘটনাই ঘটিছিল। কিন্তু প্ৰশ্ন হৈছে পাইলটক বিভ্ৰান্ত কৰিবলৈ এনেদৰে লেজাৰ লাইট কোনে মাৰি আহিছে? 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী