--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৰ চালকৰ অমনোযোগিতাৰ বাবে কিমান যে কি অঘটন ঘটিব পাৰে তাৰেই শেহতীয়া উমান পোৱা গ’ল ৰে’ল মন্ত্ৰীৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে।  চনটো আছিল  ২০২৩। সেই  চনৰে  ২৯ অক্টোবৰত অন্ধ্ৰপ্ৰদেশত দুখন যাত্ৰীবাহী ৰে'লৰ মুখামুখি সংঘৰ্ষত ১৪ গৰাকী  যাত্ৰীৰ মৃত্যু ঘটিছিল । 

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাটোৰ কাৰণ অৱশেষত নিশ্চিত কৰিছে। ৰ’ল মন্ত্ৰীগৰাকীয়ে কয় যে  ৰে’ল এখনৰ চালক আৰু তেওঁৰ সহকাৰীয়ে মোবাইল ফোনত এখনত ক্ৰিকেট খেল চোৱাত  মগ্ন  হৈ আছিল।  সেইবাবেই উক্ত  মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হৈছিল।  

অক্টোবৰত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰে’লখন বিশাখাপত্তনমৰ পৰা ৰায়গদালৈ গৈ আছিল। সেয়া  এখন যাত্ৰীবাহী ৰে’ল আছিল। আনখন ৰে’ল এক্সপ্ৰেছ আছিল । পলাচা এক্সপ্ৰেছ নামৰ ৰে’লখন বিশাখাপত্তনমলৈ গৈ আছিল।

ৰে’ল মন্ত্ৰীয়ে লগতে কয় যে  এতিয়া এটা এনে  প্ৰণালী স্থাপন কৰা হৈছে যাৰ দ্বাৰা চালকক নিৰীক্ষণ কৰিব পাৰি। মন্ত্ৰীগৰাকীয়ে লগতে কয়  যে কেন্দ্ৰই ৰে’ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈবিভিন্ন ব্যৱস্থা হাতত লৈছে। তেওঁ কয় যে প্ৰতিটো দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰা হৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে সমাধানৰ বিষয়ে চিন্তা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী