--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এটা খবৰ বিয়পি পৰিছে যে গোবিন্দাৰ বোৱাৰী হ'ব অজয় দেৱগন আৰু কাজলৰ কন্যা ন্যাসা। অজয়ৰ পৰিয়াল আৰু গোবিন্দাৰ পৰিয়াল অতি সোনকালে আত্মীয় হ'বলৈ গৈ আছে। অজয় বা গোবিন্দাৰ পৰিয়ালৰ পৰা এই সন্দৰ্ভত কোনো কথা কোৱা নাই যদিও পাপ্পাৰাজীয়ে বাহিৰ কৰিছে এই খবৰ। ন্যাসা দেৱগন আৰু গোবিন্দাৰ পুত্ৰ যশবৰ্ধনে ইজনে সিজনক ডেট কৰি আছে আৰু একেলগে সময় অতিবাহিত কৰিছে। অজয় আৰু কাজলৰ দুটা সন্তান আছে। পুত্ৰীৰ নাম নাম ন্যাসা আৰু সৰু পুত্ৰৰ নাম যুগ দেৱগন। অজয়ৰ দৰে গোবিন্দাৰো আছে দুটা সন্তান। পুত্ৰীৰ নাম টিনা আৰু পুত্ৰৰ নাম যশবৰ্ধন। ন্যাসাৰ বয়স বৰ্তমান ১৮। তেওঁ চিনেমাত ভৰি দিয়াৰ কথা বৰ্তমানলৈকে চিন্তা কৰা নাই। ন্যাসাক প্ৰায়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰা দেখা যায়। ছ'চিয়েল মিডিয়াতো যথেষ্ট এক্টিভ ন্যাসা। তেওঁ এতিয়ালৈকে চিনেমা কৰা নাই যদিও অনুৰাগীৰ সংখ্যা কম নহয়। ন্যাসা য'লৈকে যায় সংবাদ মাধ্যমবোৰে তেওঁক অনুসৰণ কৰে। শেহতীয়াকৈ ন্যাসাক এখন ৰেষ্টুৰেণ্টৰ পৰা বাহিৰলৈ ওলাই অহা দেখা গৈছিল য'ত তেওঁ পাপাৰাজ্জীৰ কেমেৰাৰ পৰা বাচিব নোৱাৰিলে। ন্যাসাৰ সৈতে দেখা গৈছিল গোবিন্দা পুত্ৰ যশবৰ্ধন আহুজাক। তেতিয়াই খবৰটো বিয়পি পৰে যে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে। তেওঁলোক দুয়োকে একেলগে হাতত হাত ধৰি ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল। মুম্বাইৰ এখন বিলাসী ৰেষ্টুৰেণ্টলৈ কেণ্ডেল লাইট ডিনাৰৰ বাবে ন্যাসাক লৈ গৈছিল যশবৰ্ধন আহুজাই। বলীউডত বিয়পি পৰা এই খবৰক লৈ মুখ খোলা নাই ন্যাসা আৰু যশবৰ্ধনে। আৰু পঢ়কঃ বেডমিণ্টন খেলুৱৈ তথা পিতৃ প্ৰকাশ পাডুকনৰ বায়’পিক নিৰ্মাণ কৰিব কন্যা দীপিকাই

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু