--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখবৰ। অসমৰ বীৰাংগনা সতী সাধনীৰ ওপৰত নিৰ্মাণ হ'ব এখন ছবি! চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত নিৰ্মাণ হব 'বীৰাংগনা সাধনী' শীৰ্ষক ছবিখন৷ কাহিলীপাৰা জ্যোতি চিত্ৰবনত 'বীৰাংগনা সাধনী' চলচ্চিত্ৰৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয়৷ শনিবাৰে অনুষ্ঠিত হোৱা ছবিখনৰ শুভ মহুৰত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ লগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'বীৰাংগনা সাধনী' ছবিৰ শুভ মহুৰত কৰি সতী সাধনীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  সতী সাধনীৰ ৫০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ সময়তে চুতীয়া উন্নয়ন পৰিষদে লোৱা পদক্ষেপক শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ''বীৰাংগনা সতী সাধনীৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ গাথাই আমাক প্ৰতিপল জাতীয় চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি আহিছে। জ্যোতি চিত্ৰবনৰ ফিল্ম ষ্টুডিঅ'ত 'বীৰাংগনা সাধনী' শীৰ্ষক বুৰঞ্জীমূলক চলচ্চিত্ৰৰ শুভ মহুৰত কৰিবলৈ পাই গৌৰৱান্বিত হৈছোঁ।''

এই অনুষ্ঠানতে চুতীয়া উন্নয়ন পৰিষদৰ কামক আন্তৰিক শুভকামনা জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ ৰাজ্য চৰকাৰৰ বাজেটত চুতীয়া জাতি উন্নয়ন পৰিষদ ১২৫ কোটি টকা আগবঢ়োৱা হৈছিল৷ ইয়াৰে ৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ছবিখন৷ অহা ২৫ জুনৰ পৰা আৰম্ভ হ'ব ছবিৰ কাম-কাজ৷ চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাই এই ছবিখন পৰিচালনা কৰিব৷ এই ছবিৰ জৰিয়তে জাতীয় ইতিহাসৰ এক পৰিচয় দিবলৈ সক্ষম হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

শুভ মহুৰত অনুষ্ঠানত মৃদুলা বৰুৱা, মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, অৰুণ হাজৰিকা, যতীন বৰা, সীমান্ত শেখৰ, বিদ্যাসাগৰ, দীনেশ দাস, মিনু বনিয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু