--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক সুখবৰ। অসমৰ বীৰাংগনা সতী সাধনীৰ ওপৰত নিৰ্মাণ হ'ব এখন ছবি! চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত নিৰ্মাণ হব 'বীৰাংগনা সাধনী' শীৰ্ষক ছবিখন৷ কাহিলীপাৰা জ্যোতি চিত্ৰবনত 'বীৰাংগনা সাধনী' চলচ্চিত্ৰৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয়৷ শনিবাৰে অনুষ্ঠিত হোৱা ছবিখনৰ শুভ মহুৰত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ লগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াও উপস্থিত থাকে৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'বীৰাংগনা সাধনী' ছবিৰ শুভ মহুৰত কৰি সতী সাধনীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  সতী সাধনীৰ ৫০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ সময়তে চুতীয়া উন্নয়ন পৰিষদে লোৱা পদক্ষেপক শলাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ''বীৰাংগনা সতী সাধনীৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ গাথাই আমাক প্ৰতিপল জাতীয় চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি আহিছে। জ্যোতি চিত্ৰবনৰ ফিল্ম ষ্টুডিঅ'ত 'বীৰাংগনা সাধনী' শীৰ্ষক বুৰঞ্জীমূলক চলচ্চিত্ৰৰ শুভ মহুৰত কৰিবলৈ পাই গৌৰৱান্বিত হৈছোঁ।''

এই অনুষ্ঠানতে চুতীয়া উন্নয়ন পৰিষদৰ কামক আন্তৰিক শুভকামনা জনায় মুখ্যমন্ত্ৰী শৰ্মাই৷ ৰাজ্য চৰকাৰৰ বাজেটত চুতীয়া জাতি উন্নয়ন পৰিষদ ১২৫ কোটি টকা আগবঢ়োৱা হৈছিল৷ ইয়াৰে ৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব ছবিখন৷ অহা ২৫ জুনৰ পৰা আৰম্ভ হ'ব ছবিৰ কাম-কাজ৷ চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাই এই ছবিখন পৰিচালনা কৰিব৷ এই ছবিৰ জৰিয়তে জাতীয় ইতিহাসৰ এক পৰিচয় দিবলৈ সক্ষম হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

শুভ মহুৰত অনুষ্ঠানত মৃদুলা বৰুৱা, মলয়া গোস্বামী, প্ৰাঞ্জল শইকীয়া, অৰুণ হাজৰিকা, যতীন বৰা, সীমান্ত শেখৰ, বিদ্যাসাগৰ, দীনেশ দাস, মিনু বনিয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে