--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰে হাৰ মানিলে প্ৰবীণ অভিনেতা গুফি পেইণ্টালে। সোমবাৰে ৭৯ বছৰ বয়সত অভিনেতাগৰাকীয়ে মৃত্যুক সাৱটি লয়।  অভিনেতাগৰাকীৰ  পৰিয়ালে এই কথা  নিশ্চিত কৰিছে। বি আৰ চোপ্ৰাৰ টিভি অনুষ্ঠান মহাভাৰত (১৯৮০)ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত  জনাজাত হৈ পৰা অভিনেতাগৰাকীৰ  সোমবাৰে মুম্বাইত বয়স সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হয় বুলি পৰিয়ালে প্ৰকাশ কৰিছে।

 অভিনেতাগৰাকীৰ তেওঁৰ ভতিজা হিতেন পেইণ্টালে কয় " দুৰ্ভাগ্যবশতঃ, তেওঁ আৰু নাই। পুৱা প্ৰায় ৯ বজাত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তেওঁ হাৰ মানিলে। তেওঁ নিদ্ৰাত থকা অৱস্থাতে শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰিছে," । অভিনেতাগৰাকীৰ অতি ঘনিষ্ঠ  নীতিশ ভৰদ্বাজে কয়, "মই এজন অতি নম্ৰ বন্ধু আৰু এজন সহকৰ্মীক হেৰুৱাইছো। তেওঁ এজন মৰমীয়াল প্ৰশংসনীয় সৰল মানুহ  আছিল, যি মোৰ জীৱন যাত্ৰাৰ অংশ আছিল। তেওঁৰ আত্মাই সদগতি  লাভ  কৰক ।  অভিনেতাজনৰ পৰিয়ালে এক বিবৃতিত কয়, "গভীৰ শোকৰ সৈতে আমি আমাৰ দেউতাক  গুফি পেইণ্টাল (শকুনি মামা)ৰ দুখজনক মৃত্যুৰ কথা ঘোষণা কৰিছো। 

আজি পুৱা পৰিয়ালৰ দ্বাৰা পৰিবেষ্টিত হৈ থকাৰ সময়তে  তেওঁ শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে।" উল্লেখ্য অভিনেতাগৰাকীক  শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁৰ অৱস্থা সংকটজনক আছিল। তেওঁৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ সমস্যা আছিল। যোৱা সাতৰ পৰা আঠ দিন ধৰি চিকিৎসালয়তে আছিল। সোমবাৰে  আবেলি মুম্বাইৰ  আন্ধেৰীৰ এখন  শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন  কৰা হয় । 

অভিনেতাগৰাকীয়ে  বাহাদুৰ শ্বাহ জাফৰ, মহাভাৰত, কানুন, ওম নমহ শিৱায়, চিআইডি, শ্বাহে কোই হে , দ্বাৰকাধিশ ভগৱান শ্ৰী কৃষ্ণ, ৰাধাকৃষ্ণ আৰু জয় কনিয়া লাল কিত অভিনয় কৰিছিল। তেওঁ ১৯৭৫ চনৰ ৰাফু চক্কৰ ছবিৰ জড়িয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে দিল্লী, দেশ পৰদেশ আৰু চুহাগকে ধৰি অন্যান্য ছবিত অভিনয় কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু