--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰে হাৰ মানিলে প্ৰবীণ অভিনেতা গুফি পেইণ্টালে। সোমবাৰে ৭৯ বছৰ বয়সত অভিনেতাগৰাকীয়ে মৃত্যুক সাৱটি লয়।  অভিনেতাগৰাকীৰ  পৰিয়ালে এই কথা  নিশ্চিত কৰিছে। বি আৰ চোপ্ৰাৰ টিভি অনুষ্ঠান মহাভাৰত (১৯৮০)ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত  জনাজাত হৈ পৰা অভিনেতাগৰাকীৰ  সোমবাৰে মুম্বাইত বয়স সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হয় বুলি পৰিয়ালে প্ৰকাশ কৰিছে।

 অভিনেতাগৰাকীৰ তেওঁৰ ভতিজা হিতেন পেইণ্টালে কয় " দুৰ্ভাগ্যবশতঃ, তেওঁ আৰু নাই। পুৱা প্ৰায় ৯ বজাত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তেওঁ হাৰ মানিলে। তেওঁ নিদ্ৰাত থকা অৱস্থাতে শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰিছে," । অভিনেতাগৰাকীৰ অতি ঘনিষ্ঠ  নীতিশ ভৰদ্বাজে কয়, "মই এজন অতি নম্ৰ বন্ধু আৰু এজন সহকৰ্মীক হেৰুৱাইছো। তেওঁ এজন মৰমীয়াল প্ৰশংসনীয় সৰল মানুহ  আছিল, যি মোৰ জীৱন যাত্ৰাৰ অংশ আছিল। তেওঁৰ আত্মাই সদগতি  লাভ  কৰক ।  অভিনেতাজনৰ পৰিয়ালে এক বিবৃতিত কয়, "গভীৰ শোকৰ সৈতে আমি আমাৰ দেউতাক  গুফি পেইণ্টাল (শকুনি মামা)ৰ দুখজনক মৃত্যুৰ কথা ঘোষণা কৰিছো। 

আজি পুৱা পৰিয়ালৰ দ্বাৰা পৰিবেষ্টিত হৈ থকাৰ সময়তে  তেওঁ শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে।" উল্লেখ্য অভিনেতাগৰাকীক  শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁৰ অৱস্থা সংকটজনক আছিল। তেওঁৰ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ সমস্যা আছিল। যোৱা সাতৰ পৰা আঠ দিন ধৰি চিকিৎসালয়তে আছিল। সোমবাৰে  আবেলি মুম্বাইৰ  আন্ধেৰীৰ এখন  শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন  কৰা হয় । 

অভিনেতাগৰাকীয়ে  বাহাদুৰ শ্বাহ জাফৰ, মহাভাৰত, কানুন, ওম নমহ শিৱায়, চিআইডি, শ্বাহে কোই হে , দ্বাৰকাধিশ ভগৱান শ্ৰী কৃষ্ণ, ৰাধাকৃষ্ণ আৰু জয় কনিয়া লাল কিত অভিনয় কৰিছিল। তেওঁ ১৯৭৫ চনৰ ৰাফু চক্কৰ ছবিৰ জড়িয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে দিল্লী, দেশ পৰদেশ আৰু চুহাগকে ধৰি অন্যান্য ছবিত অভিনয় কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে