--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে পুনৰ নিজৰ দম্ভালি প্ৰদৰ্শন কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা সন্দর্ভত প্রশ্ন সোধাত এগৰাকী সাংবাদিকৰ মাইক ভাঙি দিয়াৰ এটা ভিডিঅ’ শেহতীয়াকৈ প্ৰকাশ পাইছে। 

১২ বছৰ ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নেতৃত্বত থকা সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বিনয়ৰ ক্ষোভৰ উদ্দেশ্যেৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৩৫৪এ (যৌন নিৰ্যাতন) আৰু ৩৫৪ডি (ষ্টকিং) ধাৰাত অভিযোগ উত্থাপন হৈছে। ৩৫৪ ধাৰাত দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ পাঁচ বছৰ, ৩৫৪ এ ধাৰাত তিনি বছৰ আৰু ৩৫৪ ডি ধাৰাত তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব।

তাৰপাছতে টাইমছ নাওৰ এগৰাকী সাংবাদিকে সিঙক সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি সোধে। প্ৰশ্নটোত ক্ষুব্ধ হৈ পৰা সিঙে কয়, “মই কিয় পদত্যাগ কৰিম? কিয় পদত্যাগ কৰাটো বিচাৰিছে?”

সাংবাদিকগৰাকীয়ে দিল্লী আৰক্ষীৰ অভিযোগনামাৰ বিষয়ে ক’বলৈ চেষ্টা কৰাৰ সময়তে সাংসদজনে “চুপ’’ বুলি কৈ দম্ভালি মাৰে। উত্তৰ পাবলৈ সাংবাদিকগৰাকী সিঙৰ পাছে পাছে তেওঁৰ গাড়ীৰ ওচৰলৈ লৈ যায়। তেনে সময়তে তেওঁ সাংবাদিকগৰাকীৰ মাইকটো দলিয়াই ভাঙি পেলায়।

টাইমছ নাও-ত উক্ত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে- “কল্পনা কৰকচোন যেতিয়া তেওঁৰ কেমেৰাত এগৰাকী মহিলা সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ সাহস থাকে, তেনেস্থলত তেওঁ কেমেৰাৰ বাহিৰত মহিলাৰ সৈতে কেনে আচৰণ কৰি আছে! এই মানুহজনৰ ঠাই সংসদত নহয়, বৰঞ্চ জেলত হ’ব লাগে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু