--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে পুনৰ নিজৰ দম্ভালি প্ৰদৰ্শন কৰিছে। যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা সন্দর্ভত প্রশ্ন সোধাত এগৰাকী সাংবাদিকৰ মাইক ভাঙি দিয়াৰ এটা ভিডিঅ’ শেহতীয়াকৈ প্ৰকাশ পাইছে। 

১২ বছৰ ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নেতৃত্বত থকা সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বিনয়ৰ ক্ষোভৰ উদ্দেশ্যেৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৩৫৪এ (যৌন নিৰ্যাতন) আৰু ৩৫৪ডি (ষ্টকিং) ধাৰাত অভিযোগ উত্থাপন হৈছে। ৩৫৪ ধাৰাত দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ পাঁচ বছৰ, ৩৫৪ এ ধাৰাত তিনি বছৰ আৰু ৩৫৪ ডি ধাৰাত তিনি বছৰৰ কাৰাদণ্ড বিহা হ’ব।

তাৰপাছতে টাইমছ নাওৰ এগৰাকী সাংবাদিকে সিঙক সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰিব নেকি বুলি সোধে। প্ৰশ্নটোত ক্ষুব্ধ হৈ পৰা সিঙে কয়, “মই কিয় পদত্যাগ কৰিম? কিয় পদত্যাগ কৰাটো বিচাৰিছে?”

সাংবাদিকগৰাকীয়ে দিল্লী আৰক্ষীৰ অভিযোগনামাৰ বিষয়ে ক’বলৈ চেষ্টা কৰাৰ সময়তে সাংসদজনে “চুপ’’ বুলি কৈ দম্ভালি মাৰে। উত্তৰ পাবলৈ সাংবাদিকগৰাকী সিঙৰ পাছে পাছে তেওঁৰ গাড়ীৰ ওচৰলৈ লৈ যায়। তেনে সময়তে তেওঁ সাংবাদিকগৰাকীৰ মাইকটো দলিয়াই ভাঙি পেলায়।

টাইমছ নাও-ত উক্ত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে- “কল্পনা কৰকচোন যেতিয়া তেওঁৰ কেমেৰাত এগৰাকী মহিলা সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ সাহস থাকে, তেনেস্থলত তেওঁ কেমেৰাৰ বাহিৰত মহিলাৰ সৈতে কেনে আচৰণ কৰি আছে! এই মানুহজনৰ ঠাই সংসদত নহয়, বৰঞ্চ জেলত হ’ব লাগে।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে