--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১২ জুলাইৰ পৰা ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ খেলিব। টিম ইণ্ডিয়াৰ প্ৰবীণ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এই টেষ্ট শৃংখলাত এক বৃহৎ অভিলেখ গঢ়াৰ সুযোগ আছে। বৰ্তমান আইচিচি টেষ্ট বলাৰ ৰেংকিঙত অশ্বিনে প্ৰথম স্থান দখল কৰিছে। যদিহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেট সম্পূৰ্ণ কৰিব।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলৰ পৰা বাহিৰ হোৱা অশ্বিনে এই টেষ্ট ছিৰিজত সুযোগ পোৱাৰ সম্ভাৱনা আছে। অশ্বিনে ৩টা উইকেট দখল কৰি ৭০০টা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থকাৰ লগতে বৰ্তমান তেওঁৰ নামত ৪০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰানো আছে।তিনিটা উইকেট দখল  কৰাৰ লগে লগে অশ্বিন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেট আৰু ৪০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব।


টিম ইণ্ডিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত প্ৰাক্তন অধিনায়ক অনিল কুম্বলেৰ নাম প্ৰথমতেই আছে। কুম্বলেই নিজৰ কেৰিয়াৰত মুঠ ৯৫৬টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰে। আনহাতে, প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙৰ নামত ৭১১টা আন্তঃৰাষ্ট্ৰীয় উইকেট আছে। ৬৯৭টা উইকেটৰে তালিকাৰ তৃতীয় স্থানত আছে অশ্বিন।

ভাৰতীয় দলৰ হৈ এতিয়ালৈকে অশ্বিনে ২৩.৯৩ গড়ে ৯২খন টেষ্টত ৪৭৪টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁ ৩২ বাৰ এটা ইনিংছত ৫টা আৰু ৭ বাৰ এখন মেচত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। অশ্বিনে এদিনীয়াত ১৫১টা উইকেট দখল কৰাৰ বিপৰীতে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৭২টা উইকেট দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু