--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ১২ জুলাইৰ পৰা ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ খেলিব। টিম ইণ্ডিয়াৰ প্ৰবীণ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এই টেষ্ট শৃংখলাত এক বৃহৎ অভিলেখ গঢ়াৰ সুযোগ আছে। বৰ্তমান আইচিচি টেষ্ট বলাৰ ৰেংকিঙত অশ্বিনে প্ৰথম স্থান দখল কৰিছে। যদিহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেট সম্পূৰ্ণ কৰিব।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলৰ পৰা বাহিৰ হোৱা অশ্বিনে এই টেষ্ট ছিৰিজত সুযোগ পোৱাৰ সম্ভাৱনা আছে। অশ্বিনে ৩টা উইকেট দখল কৰি ৭০০টা আন্তঃৰাষ্ট্ৰীয় উইকেট সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থকাৰ লগতে বৰ্তমান তেওঁৰ নামত ৪০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰানো আছে।তিনিটা উইকেট দখল  কৰাৰ লগে লগে অশ্বিন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেট আৰু ৪০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব।


টিম ইণ্ডিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত প্ৰাক্তন অধিনায়ক অনিল কুম্বলেৰ নাম প্ৰথমতেই আছে। কুম্বলেই নিজৰ কেৰিয়াৰত মুঠ ৯৫৬টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰে। আনহাতে, প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙৰ নামত ৭১১টা আন্তঃৰাষ্ট্ৰীয় উইকেট আছে। ৬৯৭টা উইকেটৰে তালিকাৰ তৃতীয় স্থানত আছে অশ্বিন।

ভাৰতীয় দলৰ হৈ এতিয়ালৈকে অশ্বিনে ২৩.৯৩ গড়ে ৯২খন টেষ্টত ৪৭৪টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁ ৩২ বাৰ এটা ইনিংছত ৫টা আৰু ৭ বাৰ এখন মেচত ১০টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। অশ্বিনে এদিনীয়াত ১৫১টা উইকেট দখল কৰাৰ বিপৰীতে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৭২টা উইকেট দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে