--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিজ্ঞ বেগী বলাৰৰ অভাৱত ভুগিছে ভাৰতীয় ক্ৰিকেট দল৷শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ ভ্ৰমণত টেষ্ট শৃংখলা খেলিবলৈ যোৱা ভাৰতীয় দলটোত অভিজ্ঞ বেগী বলাৰ হিচাপে কেৱল মহম্মদ ছিৰাজৰ নাম আছে বুলি ক’ব পাৰি। ইয়াৰ উপৰিও দলটোৰ আন বেগী বলাৰসকলৰ ভিতৰত আছে জয়দেৱ উনাডকড়, নৱদীপ ছেইনী আৰু মুকেশ কুমাৰ। লগতে আছে অল ৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰ। তেওঁলোকৰ কোনো এজনেও এতিয়াও টেষ্ট ফৰ্মেটত ৱেষ্ট ইণ্ডিজত খেলাৰ অভিজ্ঞতা নাই। এই সন্দৰ্ভত কেপ্তেইন ৰোহিত শৰ্মাক প্ৰশ্ন সোধাত বেগী বলাৰ সন্দৰ্ভত তেওঁৰ যন্ত্ৰণা সকলোৰে সন্মুখত পৰিস্ফুট হৈ পৰিছে।


ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলৰ পূৰ্বে সংবাদমেলৰ সময়ত অনভিজ্ঞ বেষ্ট বলিং আক্ৰমণৰ বিষয়ে প্ৰশ্ন কৰা হয়৷ৰোহিতে আৰু কয় যে এই সময়ত আমাৰ বহু বলাৰ আঘাতপ্ৰাপ্ত হৈছে। সেইবাবেই আমি বৰ্তমান বলাৰসমূহ সলনি কৰিবলগীয়া হৈছে। আমাৰ ফাষ্ট বলাৰৰ স্থিৰ লাইন আপ নাই। আমি সেইবোৰো পৰিচালনা কৰিব লাগিব। সেইবাবেই আমি অভিজ্ঞ বেগী বলাৰ লৈ এই ভ্ৰমণলৈ অহা নাই৷


উল্লেখযোগ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পাছত প্ৰবীণ বেগী বলাৰ মহম্মদ ছামীক ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰা জিৰণি দিয়া হৈছে যাতে তেওঁ আগন্তুক এছিয়া কাপ আৰু পৰৱৰ্তী এদিনীয়া বিশ্বকাপৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাব পাৰে। একে সময়তে আঘাতপ্ৰাপ্ত হোৱা যশপ্ৰীত বুমৰাহ এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই। এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ হৈ এই টেষ্ট শৃংখলাত মহম্মদ ছিৰাজে দ্ৰুত বলিং আক্ৰমণৰ নেতৃত্ব দিয়া দেখা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে