--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বীৰভূত হোৱা হিংসাক লৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। এই ঘটনাই তীব্ৰ ৰাজনৈতিক ৰূপ লৈছে আৰু শাসক-বিৰোধী সমুখ সমৰত লিপ্ত হৈছে। এনে পৰিস্থিতিৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি বীৰভূমৰ বগটুইত উপস্থিত হৈছে। এই হিংসাত্মক ঘটনাত আঠজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। দুৰ্বৃত্তই এই লোকসকল জীৱন্তে জ্বলাই দিয়াৰ অভিযোগে এতিয়া বংগৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। বিজেপিয়ে এই ঘটনাক লৈ শাসকীয় তৃণমূল কংগ্ৰেছক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছে। এনেদৰে কংগ্ৰেছেও ৰাজ্যখনৰ সাংবিধানিক ব্যৱস্থা ভাঙি পৰা বুলি অভিযোগ কৰি তাত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। এনে অস্থিৰ পৰিস্থিতিৰ মাজতে মমতা বেনাৰ্জী বগটুই গাঁৱত উপস্থিত হয়। প্ৰৱল নিৰাপত্তা বেহুৰ মাজত আৱেষ্টিত হৈ তেওঁ উপস্থিত হয় বগটুইত। মুখ্যমন্ত্ৰী তাত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগীৰ পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে গাঁওবাসীয়ে পথৰ কাষত প্লেকাৰ্ড লৈ ন্যায়ৰ দাবী কৰাও পৰিলক্ষিত হয়। ইফালে মুখ্যমনত্ৰী মমতাই ৰামপুৰহাটলৈ গৈ আহতসকলকো লগ ধৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাগটুই গাঁৱত উপস্থিত হোৱাৰ আগতে এছআইটি (বিশেষ অনুসন্ধান কাৰী দল)ৰ সদস্যসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে। জ্ঞানৱন্ত সিং আৰু মিৰাজ খালিদ ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত এতিয়া একপ্ৰকাৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ চৌধুৰী ৰামপুৰহাটলৈ যোৱাৰ সময়ত তেওঁক বাধা দিয়াৰ অভিযোগ উঠিছে। অভিযোগ কৰা হৈছে যে তেওঁৰ গাড়ীখন বোলপুৰৰ শ্ৰীনিকেতন ক্ৰছিংত ৰখাই দিয়া হৈছিল। কংগ্ৰেছ নেতাজনে ঘটনাটোক লৈ তৃণমূলৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু ধৰ্ণাত বহে। তেওঁ কয়, "মই কোনো ধৰণৰ ব্যাঘাত সৃষ্টি কৰিবলৈ বগটুইলৈ যোৱা নাছিলোঁ। আমাৰ হাতত অস্ত্ৰও নাই। মোক কিয় ১০০ কিলোমিটাৰ আঁতৰতে ৰখাই দিয়া হ’ল? মই কি অপৰাধ কৰিছোঁ?’ ইফালে, বগটুই কাণ্ডৰ ভুক্তভোগী পৰিয়ালক আর্থিক ক্ষতিপূৰণ দিয়াৰ লগতে ১০টা পৰিয়ালৰ লোকক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ এই শোকাৱহ ঘটনাৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি বিহাৰো দাবী জনাইছে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য