--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বীৰভূত হোৱা হিংসাক লৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। এই ঘটনাই তীব্ৰ ৰাজনৈতিক ৰূপ লৈছে আৰু শাসক-বিৰোধী সমুখ সমৰত লিপ্ত হৈছে। এনে পৰিস্থিতিৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি বীৰভূমৰ বগটুইত উপস্থিত হৈছে। এই হিংসাত্মক ঘটনাত আঠজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। দুৰ্বৃত্তই এই লোকসকল জীৱন্তে জ্বলাই দিয়াৰ অভিযোগে এতিয়া বংগৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। বিজেপিয়ে এই ঘটনাক লৈ শাসকীয় তৃণমূল কংগ্ৰেছক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছে। এনেদৰে কংগ্ৰেছেও ৰাজ্যখনৰ সাংবিধানিক ব্যৱস্থা ভাঙি পৰা বুলি অভিযোগ কৰি তাত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। এনে অস্থিৰ পৰিস্থিতিৰ মাজতে মমতা বেনাৰ্জী বগটুই গাঁৱত উপস্থিত হয়। প্ৰৱল নিৰাপত্তা বেহুৰ মাজত আৱেষ্টিত হৈ তেওঁ উপস্থিত হয় বগটুইত। মুখ্যমন্ত্ৰী তাত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগীৰ পৰিয়ালৰ লোক কান্দোনত ভাঙি পৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ইফালে গাঁওবাসীয়ে পথৰ কাষত প্লেকাৰ্ড লৈ ন্যায়ৰ দাবী কৰাও পৰিলক্ষিত হয়। ইফালে মুখ্যমনত্ৰী মমতাই ৰামপুৰহাটলৈ গৈ আহতসকলকো লগ ধৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাগটুই গাঁৱত উপস্থিত হোৱাৰ আগতে এছআইটি (বিশেষ অনুসন্ধান কাৰী দল)ৰ সদস্যসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে। জ্ঞানৱন্ত সিং আৰু মিৰাজ খালিদ ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত এতিয়া একপ্ৰকাৰ নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ চৌধুৰী ৰামপুৰহাটলৈ যোৱাৰ সময়ত তেওঁক বাধা দিয়াৰ অভিযোগ উঠিছে। অভিযোগ কৰা হৈছে যে তেওঁৰ গাড়ীখন বোলপুৰৰ শ্ৰীনিকেতন ক্ৰছিংত ৰখাই দিয়া হৈছিল। কংগ্ৰেছ নেতাজনে ঘটনাটোক লৈ তৃণমূলৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু ধৰ্ণাত বহে। তেওঁ কয়, "মই কোনো ধৰণৰ ব্যাঘাত সৃষ্টি কৰিবলৈ বগটুইলৈ যোৱা নাছিলোঁ। আমাৰ হাতত অস্ত্ৰও নাই। মোক কিয় ১০০ কিলোমিটাৰ আঁতৰতে ৰখাই দিয়া হ’ল? মই কি অপৰাধ কৰিছোঁ?’ ইফালে, বগটুই কাণ্ডৰ ভুক্তভোগী পৰিয়ালক আর্থিক ক্ষতিপূৰণ দিয়াৰ লগতে ১০টা পৰিয়ালৰ লোকক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ এই শোকাৱহ ঘটনাৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি বিহাৰো দাবী জনাইছে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement