--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেন ষ্টোকছৰ বেগ চুৰি হ’ল। লণ্ডনৰ কিংছ ক্ৰাছ ষ্টেচনৰ পৰা ইংলেণ্ডৰ টেষ্ট অধিনায়কৰ কাপোৰেৰে ভৰা এটা বেগ চুৰি হৈছে। ক্ষুব্ধ ষ্ট’কছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ড ভ্ৰমণ সম্পূৰ্ণ কৰি ঘৰলৈ উভতি অহাৰ পিছতে এইদৰে ক্ষোভিত হৈ পৰিছে ষ্ট’কছ।

ৰেল ষ্টেচনত তেওঁৰ বেগ চুৰি হোৱাৰ বাবে খং উঠিছে ষ্টোকছৰ। তেওঁ জনায় যে কাপোৰৰ বাহিৰেও বেগটোত আৰু কিছুমান বস্তু আছিল। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “যিয়েই মোৰ বেগটো কিংছ ক্ৰাছৰ পৰা চুৰি কৰিছিল, মই ভাবো মোৰ কাপোৰবোৰ তেওঁৰ বাবে ডাঙৰ হ’ব।”

নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলি ঘৰলৈ উভতি আহিছিল ষ্টকছ। কিছুদিনৰ পিছত ভাৰতলৈ আহিব আই পি এল খেলিবলৈ। ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব।

যোৱা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত ষ্ট’কছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ষ্ট’কছে। ক্ৰিকেট প্ৰেমীৰ এটা অংশই ষ্টকছক অৱসৰ লোৱাৰ সলনি পুনৰ এদিনীয়া ক্ৰিকেট খেলিবলৈ আহ্বান জনায়। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত ইংলেণ্ড দলত ষ্টকছক দেখা পাব বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement