--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেন ষ্টোকছৰ বেগ চুৰি হ’ল। লণ্ডনৰ কিংছ ক্ৰাছ ষ্টেচনৰ পৰা ইংলেণ্ডৰ টেষ্ট অধিনায়কৰ কাপোৰেৰে ভৰা এটা বেগ চুৰি হৈছে। ক্ষুব্ধ ষ্ট’কছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ড ভ্ৰমণ সম্পূৰ্ণ কৰি ঘৰলৈ উভতি অহাৰ পিছতে এইদৰে ক্ষোভিত হৈ পৰিছে ষ্ট’কছ।

ৰেল ষ্টেচনত তেওঁৰ বেগ চুৰি হোৱাৰ বাবে খং উঠিছে ষ্টোকছৰ। তেওঁ জনায় যে কাপোৰৰ বাহিৰেও বেগটোত আৰু কিছুমান বস্তু আছিল। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “যিয়েই মোৰ বেগটো কিংছ ক্ৰাছৰ পৰা চুৰি কৰিছিল, মই ভাবো মোৰ কাপোৰবোৰ তেওঁৰ বাবে ডাঙৰ হ’ব।”

নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলি ঘৰলৈ উভতি আহিছিল ষ্টকছ। কিছুদিনৰ পিছত ভাৰতলৈ আহিব আই পি এল খেলিবলৈ। ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব।

যোৱা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত ষ্ট’কছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ষ্ট’কছে। ক্ৰিকেট প্ৰেমীৰ এটা অংশই ষ্টকছক অৱসৰ লোৱাৰ সলনি পুনৰ এদিনীয়া ক্ৰিকেট খেলিবলৈ আহ্বান জনায়। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত ইংলেণ্ড দলত ষ্টকছক দেখা পাব বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল