--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে আহমেদাবাদত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ অন্তিম দিনটোত আচৰিত এটা সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মাই। শেষৰ অভাৰকেইটাৰ সময়তে ৰোহিতে হঠাৎ চেতেশ্বৰ পূজাৰাক বল কৰিবলৈ দিয়ে। পূজাৰাইও আনন্দত বলিং কৰিবলৈ ৰান আপ ল’বলৈ ধৰে। পূজাৰাৰ এগৰাকী দক্ষ বেটাৰে এনেদৰে বলিং কৰাটো দুৰ্লব দৃশ্য।

পূজাৰাই শেষবাৰৰ বাবে ৮ বছৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দিল্লী টেষ্টত বলিং কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেইটোৱেই তেওঁৰ প্ৰথম আৰু একমাত্ৰ অভাৰ আছিল। আহমেদাবাদৰ নিৰ্জীৱ উইকেটত তিনিজন স্পিনাৰক বলিং কৰিবলৈ দি ভাগৰি পৰাত ৰোহিতে পূজাৰাক মাতিছিল। এটা অভাৰ বলিং কৰি পূজাৰাই এক ৰান খৰচ কৰে।

টুইটাৰত বলিং কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট পোষ্ট কৰি সতীৰ্থ স্পীনাৰ অশ্বিনে লিখিছে, ‘তেন্তে এইবাৰ মই কি কৰিম? চাকৰি এৰিম নেকি?” অনুৰাগীসকলে বুজিবলৈ বাকী নাথাকিল যে অশ্বিনে বলিং এৰি দিয়াৰ কথা কৈছে।



পূজাৰাইও এই কথাৰ উত্তৰ দিলে। তেওঁ লিখিছে, "একদম নহয়। আচলতে নাগপুৰত প্ৰথমটো উইকেট যোৱাৰ পাছত তুমি বেট কৰিবলৈ অহাৰ বাবে ধন্যবাদহে এয়া।" 

উল্লেখ্য যে নাগপুৰ টেষ্টত দিনৰ শেষৰ ফালে বেটিং কৰিবলৈ আহিছিল ভাৰত। সেয়ে উইকেট পতন হোৱাৰ পাছত অশ্বিনক নৈশপ্ৰহৰী হিচাপে বেটিং কৰিবলৈ নমোৱা হয়। অশ্বিনেও বেছি বেয়া খেলা নাছিল। ২৩ ৰান সংগ্ৰহ কৰে। পূজাৰাই ৭ ৰান সংগ্ৰহ কৰে।

পূজাৰাৰ এই টুইটৰ উত্তৰত অশ্বিনে লিখিছে, “মই বুজি নাপাওঁ যে ই কেনেধৰণৰ ঋণ পৰিশোধ।”

যৌথভাৱে অশ্বিনে চিৰিজটোৰ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হয়। ৰবীন্দ্ৰ জাডেজাৰ সৈতে এই বঁটা শ্বেয়াৰ কৰিলে। অশিবনে কয়, ‘জাডেজাৰ সৈতে বলিং কৰি বৰ ভাল লাগে। দিল্লী টেষ্টতো তেওঁ ভাল বলিং কৰিছিল। সেইবাবেই আমি ছিৰিজটো জিকিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক