--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে আহমেদাবাদত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ অন্তিম দিনটোত আচৰিত এটা সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মাই। শেষৰ অভাৰকেইটাৰ সময়তে ৰোহিতে হঠাৎ চেতেশ্বৰ পূজাৰাক বল কৰিবলৈ দিয়ে। পূজাৰাইও আনন্দত বলিং কৰিবলৈ ৰান আপ ল’বলৈ ধৰে। পূজাৰাৰ এগৰাকী দক্ষ বেটাৰে এনেদৰে বলিং কৰাটো দুৰ্লব দৃশ্য।

পূজাৰাই শেষবাৰৰ বাবে ৮ বছৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দিল্লী টেষ্টত বলিং কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেইটোৱেই তেওঁৰ প্ৰথম আৰু একমাত্ৰ অভাৰ আছিল। আহমেদাবাদৰ নিৰ্জীৱ উইকেটত তিনিজন স্পিনাৰক বলিং কৰিবলৈ দি ভাগৰি পৰাত ৰোহিতে পূজাৰাক মাতিছিল। এটা অভাৰ বলিং কৰি পূজাৰাই এক ৰান খৰচ কৰে।

টুইটাৰত বলিং কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট পোষ্ট কৰি সতীৰ্থ স্পীনাৰ অশ্বিনে লিখিছে, ‘তেন্তে এইবাৰ মই কি কৰিম? চাকৰি এৰিম নেকি?” অনুৰাগীসকলে বুজিবলৈ বাকী নাথাকিল যে অশ্বিনে বলিং এৰি দিয়াৰ কথা কৈছে।



পূজাৰাইও এই কথাৰ উত্তৰ দিলে। তেওঁ লিখিছে, "একদম নহয়। আচলতে নাগপুৰত প্ৰথমটো উইকেট যোৱাৰ পাছত তুমি বেট কৰিবলৈ অহাৰ বাবে ধন্যবাদহে এয়া।" 

উল্লেখ্য যে নাগপুৰ টেষ্টত দিনৰ শেষৰ ফালে বেটিং কৰিবলৈ আহিছিল ভাৰত। সেয়ে উইকেট পতন হোৱাৰ পাছত অশ্বিনক নৈশপ্ৰহৰী হিচাপে বেটিং কৰিবলৈ নমোৱা হয়। অশ্বিনেও বেছি বেয়া খেলা নাছিল। ২৩ ৰান সংগ্ৰহ কৰে। পূজাৰাই ৭ ৰান সংগ্ৰহ কৰে।

পূজাৰাৰ এই টুইটৰ উত্তৰত অশ্বিনে লিখিছে, “মই বুজি নাপাওঁ যে ই কেনেধৰণৰ ঋণ পৰিশোধ।”

যৌথভাৱে অশ্বিনে চিৰিজটোৰ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হয়। ৰবীন্দ্ৰ জাডেজাৰ সৈতে এই বঁটা শ্বেয়াৰ কৰিলে। অশিবনে কয়, ‘জাডেজাৰ সৈতে বলিং কৰি বৰ ভাল লাগে। দিল্লী টেষ্টতো তেওঁ ভাল বলিং কৰিছিল। সেইবাবেই আমি ছিৰিজটো জিকিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত