--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলাত পৰাজীত হোৱাৰ পাছত ভাৰতৰ বিৰুদ্ধে ১৭ মাৰ্চৰ পৰা এদিনীয়া শৃংখলা খেলিব অষ্ট্ৰেলিয়াই। কিন্তু এদিনীয়া শৃংখলাটোত অংশ ল’ব  নোৱাৰে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে। আহমেদাবাদ টেষ্টৰ সময়তে তেওঁৰ মাতৃৰ মৃত্যু হয়। গতিকে তেওঁ পৰিয়ালৰ লগত থাকিবলগা হৈছে। এই পৰিস্থিতিত ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াক এদিনীয়া শৃংখলাটোত নেতৃত্ব দিব। ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে।

কঠিন সময়ত দলটোৱে কামিন্সৰ কাষত থিয় দিছে। অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক এণ্ড্ৰু মেকড’নাল্ডে কয়- ''এই পৰিস্থিতিত আমি কামিন্স আৰু তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছো।'' প্ৰথমতে কামিন্সৰ সলনি জে ৰিচাৰ্ডছনক অনা হৈছিল। এতিয়াও তেওঁ আঘাতমুক্ত নহয়। গতিকে ৰিচাৰ্ডছনৰ সলনি নাথান এলিছক দলত লোৱা হৈছে। নিৰ্বাচিত দলটোক লৈ সুখী অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক। মেকড’নাল্ডৰ মতে দলটোত যথেষ্ট ভাৰসাম্য আছে।

এদিনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দল : ষ্টিভ স্মিথ (অধিনায়ক), ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, মাৰ্কাছ ষ্ট’ইনিছ, এলেক্স কেৰী, গ্লেন মেক্সৱেল, কেমেৰন গ্ৰীণ, জোছ ইংলিছ, শ্বেন এবট, এষ্টন আগৰ, মিচেল ষ্টাৰক, নাথান এলিছ , এডাম জাম্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement