--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলাত পৰাজীত হোৱাৰ পাছত ভাৰতৰ বিৰুদ্ধে ১৭ মাৰ্চৰ পৰা এদিনীয়া শৃংখলা খেলিব অষ্ট্ৰেলিয়াই। কিন্তু এদিনীয়া শৃংখলাটোত অংশ ল’ব  নোৱাৰে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে। আহমেদাবাদ টেষ্টৰ সময়তে তেওঁৰ মাতৃৰ মৃত্যু হয়। গতিকে তেওঁ পৰিয়ালৰ লগত থাকিবলগা হৈছে। এই পৰিস্থিতিত ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াক এদিনীয়া শৃংখলাটোত নেতৃত্ব দিব। ক্ৰিকেট অষ্ট্ৰেলিয়াই তেওঁৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে।

কঠিন সময়ত দলটোৱে কামিন্সৰ কাষত থিয় দিছে। অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক এণ্ড্ৰু মেকড’নাল্ডে কয়- ''এই পৰিস্থিতিত আমি কামিন্স আৰু তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছো।'' প্ৰথমতে কামিন্সৰ সলনি জে ৰিচাৰ্ডছনক অনা হৈছিল। এতিয়াও তেওঁ আঘাতমুক্ত নহয়। গতিকে ৰিচাৰ্ডছনৰ সলনি নাথান এলিছক দলত লোৱা হৈছে। নিৰ্বাচিত দলটোক লৈ সুখী অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক। মেকড’নাল্ডৰ মতে দলটোত যথেষ্ট ভাৰসাম্য আছে।

এদিনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দল : ষ্টিভ স্মিথ (অধিনায়ক), ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, মাৰ্কাছ ষ্ট’ইনিছ, এলেক্স কেৰী, গ্লেন মেক্সৱেল, কেমেৰন গ্ৰীণ, জোছ ইংলিছ, শ্বেন এবট, এষ্টন আগৰ, মিচেল ষ্টাৰক, নাথান এলিছ , এডাম জাম্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত