--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকক সততা অনুসৰণ কৰিবলৈ কোৱা আৰক্ষী বিষয়াই নিজেই উলংঘা কৰিছে আইন৷পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে চৰকাৰী কাৰ্যবিধি প্ৰভাৱিত কৰিবলৈ তেওঁৰ ভুৱা হোৱাটছএপ প্ৰফাইল তৈয়াৰ কৰাৰ অভিযোগত অভিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আদিত্য কুমাৰে মঙলবাৰে পাটনাৰ আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰে।

এবছৰৰো অধিক সময় ধৰি পলাতক হৈ থকা আই পি এছ বিষয়াগৰাকীয়ে গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পাছতে আত্মসমৰ্পণ কৰে।অধীক্ষক পদৰ আৰক্ষী বিষয়া কুমাৰে প্ৰফাইল পিকচাৰ হিচাপে প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জয় কেৰলৰ ফটো থকা ভুৱা হোৱাটছএপ একাউণ্টৰ জৰিয়তে তেতিয়াৰ বিহাৰৰ ডিজিপি এছ কে সিংঘলক প্ৰতাৰণা কৰিছিল বুলি অভিযোগ উঠিছে।


অভিযোগ অনুসৰি এজন সহ অভিযুক্তই হোৱাটছএপ নম্বৰৰ পৰা বিহাৰৰ শীৰ্ষ পুলিচজনৰ সৈতে যোগাযোগ কৰি সুৰা মাফিয়াৰ সৈতে জড়িত থকাৰ অভিযোগত কুমাৰৰ বিৰুদ্ধে গোচৰটো বাদ দিবলৈ কয়।নিম্ন আদালতে জামিন আবেদন নাকচ কৰাৰ পাছত কুমাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে যদিও শীৰ্ষ আদালতেও আবেদনখন নাকচ কৰি আই পি এছ বিষয়াজনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।


ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ, অনিৰুদ্ধ বসু, আৰু অগাস্টিন জৰ্জ মাছিহৰ বিভাগীয় বিচাৰপীঠে লক্ষ্য কৰিছিল যে আই পি এছ বিষয়া আৰু আন দুজন ন্যায়িক বিষয়াৰ সৈতে জড়িত বিষয়টোক অৱহেলা কৰিব নোৱাৰি, যাৰ বাবে কুমাৰক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক