--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকক সততা অনুসৰণ কৰিবলৈ কোৱা আৰক্ষী বিষয়াই নিজেই উলংঘা কৰিছে আইন৷পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে চৰকাৰী কাৰ্যবিধি প্ৰভাৱিত কৰিবলৈ তেওঁৰ ভুৱা হোৱাটছএপ প্ৰফাইল তৈয়াৰ কৰাৰ অভিযোগত অভিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আদিত্য কুমাৰে মঙলবাৰে পাটনাৰ আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰে।

এবছৰৰো অধিক সময় ধৰি পলাতক হৈ থকা আই পি এছ বিষয়াগৰাকীয়ে গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পাছতে আত্মসমৰ্পণ কৰে।অধীক্ষক পদৰ আৰক্ষী বিষয়া কুমাৰে প্ৰফাইল পিকচাৰ হিচাপে প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জয় কেৰলৰ ফটো থকা ভুৱা হোৱাটছএপ একাউণ্টৰ জৰিয়তে তেতিয়াৰ বিহাৰৰ ডিজিপি এছ কে সিংঘলক প্ৰতাৰণা কৰিছিল বুলি অভিযোগ উঠিছে।


অভিযোগ অনুসৰি এজন সহ অভিযুক্তই হোৱাটছএপ নম্বৰৰ পৰা বিহাৰৰ শীৰ্ষ পুলিচজনৰ সৈতে যোগাযোগ কৰি সুৰা মাফিয়াৰ সৈতে জড়িত থকাৰ অভিযোগত কুমাৰৰ বিৰুদ্ধে গোচৰটো বাদ দিবলৈ কয়।নিম্ন আদালতে জামিন আবেদন নাকচ কৰাৰ পাছত কুমাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে যদিও শীৰ্ষ আদালতেও আবেদনখন নাকচ কৰি আই পি এছ বিষয়াজনক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।


ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ, অনিৰুদ্ধ বসু, আৰু অগাস্টিন জৰ্জ মাছিহৰ বিভাগীয় বিচাৰপীঠে লক্ষ্য কৰিছিল যে আই পি এছ বিষয়া আৰু আন দুজন ন্যায়িক বিষয়াৰ সৈতে জড়িত বিষয়টোক অৱহেলা কৰিব নোৱাৰি, যাৰ বাবে কুমাৰক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা