--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোবল দৃঢ় হলে মানুহে যিকোনো কাম কৰিব পাৰে। জন্মতেই দুয়োখন হাত নাছিল এগৰাকী যুৱতীৰ কিন্তু যুৱতীগৰাকীৰ সপোন আঠিল গাড়ী চলোৱাৰ। তেওঁৰ নাম জিলুমোল মেৰিয়েট থমাছ। হাত নোহোৱাকৈ জন্ম লোৱা কেৰালাৰ জিলুমোলৰ সপোন অৱশেষত পূৰণ হ’ল। 

পালাক্কাডত এক কাৰ্যসূচীৰ সময়ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে জিলুমোলক ড্ৰাইভিং লাইচেন্স প্ৰদান কৰে। জিলুমোলৰ দুয়োখন হাত নাই যদিও ভৰিৰে গাড়ী চলাবলৈ শিকিছে আৰু এতিয়া ড্ৰাইভিং লাইচেন্সো পাইছে। 

জন্মৰ সময়ত তেওঁৰ হাত নাছিল যদিও মনত প্ৰবল ইচ্ছা আছিল যে এদিন তেওঁ গাড়ী চলাব আৰু আইন অনুসৰি তাৰ বাবে সম্পূৰ্ণ অনুমতি পাব।

ড্ৰাইভিং লাইচেন্সৰ বাবে ৬ বছৰৰ অক্লান্ত প্ৰচেষ্টা অৱশেষত ফল দিলে। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে নিজেই লাইচেন্সখন ৩২ বছৰীয়া বিশেষভাৱে সক্ষম জিলুমোল এম থমাছৰ হাতত গতাই দিয়ে। জন্মতে হাত নোহোৱা জিলুমোলে ভৰি ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ সপোন সদায় দেখিছিল যদিও কাৰিকৰী দোষত তেওঁৰ অনুৰোধক প্ৰত্যাহ্বান জনোৱা হয়।

জিলুমোলে কয়, ‘যাত্ৰা কৰাটো মোৰ আটাইতকৈ ডাঙৰ বাধা আছিল আৰু এতিয়া মই বৰ আনন্দিচ কাৰণ মই ড্ৰাইভিং লাইচেন্স পাইছো। এইদৰে মই মোৰ আটাইতকৈ ডাঙৰ বাধাটো অতিক্ৰম কৰিলোঁ। প্ৰথমটো বাধা অতিক্ৰম কৰিছিল যেতিয়া এৰ্নাকুলাম জিলাৰ বাদুথালাৰ এখন ড্ৰাইভিং স্কুলে তেওঁক ছাত্ৰী হিচাপে পঞ্জীয়ন কৰিবলৈ সন্মত হৈছিল।

ড্ৰাইভিং স্কুলৰ স্বত্বাধিকাৰী জোপনে কয়, ‘আমি বৰ আত্মবিশ্বাসী নাছিলো, কিন্তু তেওঁ নিজৰ ধৈৰ্য্য, দৃঢ়তা আৰু দায়বদ্ধতাৰে আমাৰ অনুমান ভুল প্ৰমাণ কৰিলে। অতি সোনকালে আমি বুজিলোঁ যে তাই কৰিব পাৰিব। কোচিৰ ভি ইনোভেচনছ প্ৰাইভেট লিমিটেডে সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ ২০১৮ চনৰ মাৰুতি চেলেৰিঅ’ত আকাংক্ষিত ইলেক্ট্ৰনিক পৰিৱৰ্তন কৰাও তেওঁলোকৰ কৃতিত্বত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যিক অক্ষমতা আয়োগৰ পৰাও বিপুল সমৰ্থন লাভ কৰিছিল, যিয়ে মটৰ গাড়ী বিভাগক অনুজ্ঞাপত্ৰৰ বাবে অনুমোদন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক