--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোবল দৃঢ় হলে মানুহে যিকোনো কাম কৰিব পাৰে। জন্মতেই দুয়োখন হাত নাছিল এগৰাকী যুৱতীৰ কিন্তু যুৱতীগৰাকীৰ সপোন আঠিল গাড়ী চলোৱাৰ। তেওঁৰ নাম জিলুমোল মেৰিয়েট থমাছ। হাত নোহোৱাকৈ জন্ম লোৱা কেৰালাৰ জিলুমোলৰ সপোন অৱশেষত পূৰণ হ’ল। 

পালাক্কাডত এক কাৰ্যসূচীৰ সময়ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে জিলুমোলক ড্ৰাইভিং লাইচেন্স প্ৰদান কৰে। জিলুমোলৰ দুয়োখন হাত নাই যদিও ভৰিৰে গাড়ী চলাবলৈ শিকিছে আৰু এতিয়া ড্ৰাইভিং লাইচেন্সো পাইছে। 

জন্মৰ সময়ত তেওঁৰ হাত নাছিল যদিও মনত প্ৰবল ইচ্ছা আছিল যে এদিন তেওঁ গাড়ী চলাব আৰু আইন অনুসৰি তাৰ বাবে সম্পূৰ্ণ অনুমতি পাব।

ড্ৰাইভিং লাইচেন্সৰ বাবে ৬ বছৰৰ অক্লান্ত প্ৰচেষ্টা অৱশেষত ফল দিলে। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে নিজেই লাইচেন্সখন ৩২ বছৰীয়া বিশেষভাৱে সক্ষম জিলুমোল এম থমাছৰ হাতত গতাই দিয়ে। জন্মতে হাত নোহোৱা জিলুমোলে ভৰি ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ সপোন সদায় দেখিছিল যদিও কাৰিকৰী দোষত তেওঁৰ অনুৰোধক প্ৰত্যাহ্বান জনোৱা হয়।

জিলুমোলে কয়, ‘যাত্ৰা কৰাটো মোৰ আটাইতকৈ ডাঙৰ বাধা আছিল আৰু এতিয়া মই বৰ আনন্দিচ কাৰণ মই ড্ৰাইভিং লাইচেন্স পাইছো। এইদৰে মই মোৰ আটাইতকৈ ডাঙৰ বাধাটো অতিক্ৰম কৰিলোঁ। প্ৰথমটো বাধা অতিক্ৰম কৰিছিল যেতিয়া এৰ্নাকুলাম জিলাৰ বাদুথালাৰ এখন ড্ৰাইভিং স্কুলে তেওঁক ছাত্ৰী হিচাপে পঞ্জীয়ন কৰিবলৈ সন্মত হৈছিল।

ড্ৰাইভিং স্কুলৰ স্বত্বাধিকাৰী জোপনে কয়, ‘আমি বৰ আত্মবিশ্বাসী নাছিলো, কিন্তু তেওঁ নিজৰ ধৈৰ্য্য, দৃঢ়তা আৰু দায়বদ্ধতাৰে আমাৰ অনুমান ভুল প্ৰমাণ কৰিলে। অতি সোনকালে আমি বুজিলোঁ যে তাই কৰিব পাৰিব। কোচিৰ ভি ইনোভেচনছ প্ৰাইভেট লিমিটেডে সহায়ক প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ ২০১৮ চনৰ মাৰুতি চেলেৰিঅ’ত আকাংক্ষিত ইলেক্ট্ৰনিক পৰিৱৰ্তন কৰাও তেওঁলোকৰ কৃতিত্বত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যিক অক্ষমতা আয়োগৰ পৰাও বিপুল সমৰ্থন লাভ কৰিছিল, যিয়ে মটৰ গাড়ী বিভাগক অনুজ্ঞাপত্ৰৰ বাবে অনুমোদন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক