--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পৰ্কৰ অন্ত পৰিছে নেকি অভিনেত্ৰী ৰশ্মিকা মান্দানা আৰু দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডাৰ? ভেলেণ্টাইন ডে’ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক লৈ এই কৌতূহলৰ সৃষ্টি হৈছে। ৰশ্মিকাৰ শেহতীয়া এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী দেখি অনুৰাগীসকলে এই প্ৰশ্ন উত্থাপন কৰিছে।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অনুৰাগীসকলক প্ৰশ্ন কৰে যে, ''অনুমান কৰক মোৰ ভেলেণ্টাইন কোন?’’ কিন্তু বিজয় থাকোতেই কিয় এইদৰে প্ৰশ্ন কৰিলে অভিনেত্ৰীগৰাকীয়ে। এই লৈ হাহাকাৰ সৃষ্টি হৈছে অনুৰাগীসকলৰ মাজত।



দক্ষিণৰ অভিনেত্ৰী হিচাপে বলীউডত ভৰি দিছিল ৰশ্মিকা মান্দানাই। মুম্বাইলৈ অহাৰ পিছত ‘গুডবাই’, ‘মিছন মাজনু’  আদি ছবিত তেওঁৰ কামে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।\

কিন্তু কেৱল অভিনয়েই নহয়, প্ৰেম জীৱনৰ বাবেও চৰ্চা লাভ কৰি আছে অভিনেত্ৰীগৰাকীয়ে। বিজয় দেৱেৰাকোণ্ডাৰ সৈতে তেওঁৰ প্ৰেমৰ ফুচফুচানি বহুদিনৰ পৰাই চলি আহিছে।

কিছুদিন পূৰ্বে ডুবাইত তেওঁৰ মৰমৰ প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দেখা গৈছিল। ডুবাইত পাৰিবাৰিক ছুটীত গৈছিল দক্ষিণৰ তাৰকা অভিনেতাগৰাকী।

‘গীতগোবিন্দম’ ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল বিজয় আৰু ৰশ্মিকাই। ইয়াৰ পিছত ‘ডিয়েৰ কমৰেড’। চিনেমাৰ কামত একেলগে কাম কৰাৰ সময়ত বন্ধুত্ব গঢ় লয়। তাৰ পাছত প্ৰেম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক