--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী গৌৰী খানৰ স’তে ভেলেণ্টাইন ডে’ কেনেদৰে কটায় শ্বাহৰুখ খানে? প্রথমবাৰ গৌৰীক প্ৰেমৰ দিনৰ কি উপহাৰ যাচিছিল বলিউডৰ বাদশ্বাহে। শেহতীয়াকৈ টুইটাৰযোগে সকলো কথা জনাইছে কিং খানে।

ভেলেণ্টাইন ডে’ৰ দিনা শ্বাহৰুখ খানে টুইটাৰযোগে অনুৰাগীৰ স’তে ভাৱ বিনিময় কৰিছে। অনুৰাগীসকলে গৌৰী আৰু তেওঁৰ ৩১ বছৰীয়া বিবাহিত জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিলে। বলিউডৰ এই জনপ্ৰিয় যুটিটোৱে প্ৰেমৰ দিনটো কেনেকৈ কটায়?

শেহতীয়াকৈ টুইটাৰত তেওঁ অনুৰাগীসকলৰ স’তে ভাৱ বিনিময় কৰিবলৈ ‘আস্ক মি এনিথিং’ত ভাগ লয়। এজন অনুৰাগীয়ে অভিনেতাজনক প্ৰশ্ন কৰে যে প্ৰেম দিৱসত তেওঁ প্ৰথমবাৰৰ বাবে গৌৰীক কি উপহাৰ দিছিল?

অভিনেতাগৰাকীয়ে কয় যে বহু বছৰৰ আগতে তেওঁ গৌৰীক ভেলেণ্টাইন ডে’ত এটা গোলাপী ৰঙৰ প্লাষ্টিকৰ লকেট কিনি দিছিল।

১৯৯১ চনত গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় শ্বাহৰুখ। ইয়াৰ এবছৰৰ পাছত তেওঁ ‘দীৱানা’ ছবিখনৰ জৰিয়তে বলিউডত কাম কৰিবলৈ আৰম্ভ কৰে। দীৰ্ঘদিনীয়া কৰ্মজীৱনত তেওঁৰ নামটো বলিউডত কেইবাগৰাকীও নায়িকাৰ সৈতে জড়িত হৈ আছে। ৰাণী মূখাৰ্জী, কাজল, জুহি চাওলা, সোণালী বেন্দ্ৰে, মাধুৰী দীক্ষিত, কৰীণা কাপুৰ, প্ৰিয়ংকা চোপ্ৰা দীপিকা পাডুকন, অনুষ্কা শৰ্মাকে ধৰি বহুতো নায়িকাৰ স’তে শ্বাহৰুখে কাম কৰিছে।

কিন্তু সেয়া চিনেমাৰ পৰ্দাতহে। বাস্তৱ জীৱনত শ্বাহৰুখৰ কাষত উৰে জীৱন কেৱল গৌৰীয়েই আছে। গৌৰী আৰু শ্বাহৰুখৰ দাম্পত্য জীৱন অত্যন্ত মধুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক