--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী গৌৰী খানৰ স’তে ভেলেণ্টাইন ডে’ কেনেদৰে কটায় শ্বাহৰুখ খানে? প্রথমবাৰ গৌৰীক প্ৰেমৰ দিনৰ কি উপহাৰ যাচিছিল বলিউডৰ বাদশ্বাহে। শেহতীয়াকৈ টুইটাৰযোগে সকলো কথা জনাইছে কিং খানে।

ভেলেণ্টাইন ডে’ৰ দিনা শ্বাহৰুখ খানে টুইটাৰযোগে অনুৰাগীৰ স’তে ভাৱ বিনিময় কৰিছে। অনুৰাগীসকলে গৌৰী আৰু তেওঁৰ ৩১ বছৰীয়া বিবাহিত জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিলে। বলিউডৰ এই জনপ্ৰিয় যুটিটোৱে প্ৰেমৰ দিনটো কেনেকৈ কটায়?

শেহতীয়াকৈ টুইটাৰত তেওঁ অনুৰাগীসকলৰ স’তে ভাৱ বিনিময় কৰিবলৈ ‘আস্ক মি এনিথিং’ত ভাগ লয়। এজন অনুৰাগীয়ে অভিনেতাজনক প্ৰশ্ন কৰে যে প্ৰেম দিৱসত তেওঁ প্ৰথমবাৰৰ বাবে গৌৰীক কি উপহাৰ দিছিল?

অভিনেতাগৰাকীয়ে কয় যে বহু বছৰৰ আগতে তেওঁ গৌৰীক ভেলেণ্টাইন ডে’ত এটা গোলাপী ৰঙৰ প্লাষ্টিকৰ লকেট কিনি দিছিল।

১৯৯১ চনত গৌৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় শ্বাহৰুখ। ইয়াৰ এবছৰৰ পাছত তেওঁ ‘দীৱানা’ ছবিখনৰ জৰিয়তে বলিউডত কাম কৰিবলৈ আৰম্ভ কৰে। দীৰ্ঘদিনীয়া কৰ্মজীৱনত তেওঁৰ নামটো বলিউডত কেইবাগৰাকীও নায়িকাৰ সৈতে জড়িত হৈ আছে। ৰাণী মূখাৰ্জী, কাজল, জুহি চাওলা, সোণালী বেন্দ্ৰে, মাধুৰী দীক্ষিত, কৰীণা কাপুৰ, প্ৰিয়ংকা চোপ্ৰা দীপিকা পাডুকন, অনুষ্কা শৰ্মাকে ধৰি বহুতো নায়িকাৰ স’তে শ্বাহৰুখে কাম কৰিছে।

কিন্তু সেয়া চিনেমাৰ পৰ্দাতহে। বাস্তৱ জীৱনত শ্বাহৰুখৰ কাষত উৰে জীৱন কেৱল গৌৰীয়েই আছে। গৌৰী আৰু শ্বাহৰুখৰ দাম্পত্য জীৱন অত্যন্ত মধুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু