--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলী খানে নিজৰ সৰলতাৰে সকলোৰে মন মুহি নিয়ে। সৰলতা যেন ছাৰাৰ অন্যতম এক অলংকাৰ।সহজ-সৰল ছাৰাৰ সৌন্দৰ্য্য আৰু সৰলতা দেখি সকলোৱে তেওঁৰ প্ৰতি আকৰ্ষিত হয়। বলীউডৰ ছুপাৰষ্টাৰ ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা হোৱাৰ পাছতো ছাৰাক প্ৰায়ে সাধাৰণ জনতাৰ মাজত সময় কটোৱা দেখা যায়। 

শেহতীয়াকৈ ছাৰাক মুম্বাইৰ ল'কেল ট্ৰেইনত যাত্ৰা কৰা দেখা গৈছিল। এই ভিডিঅ’টো ছাৰা আলী খানে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল। বৰ্তমান ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে ল'কেল ট্ৰেইনত বন্ধু-বান্ধৱীৰ সৈতে আৰু পাছলৈ অ’ট’ত যাত্ৰা কৰা দেখা গৈছে।


মুম্বাইৰ ল'কেল ট্ৰেইনত ছাৰা আলী খান (Sara Ali Khan)



ভিডিঅ'টোত ছাৰা আলী খানে লিখিছে, "নমস্কাৰ দৰ্শকসকল...আমি এতিয়া ল'কেল ট্ৰেইনত আছো। কাৰণ বাহিৰত বহুত যান-জঁট আছিল আৰু সেইবাবেই সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি ল'কেল ট্ৰেইনত উঠিলোঁ। কষ্ট নকৰাকৈ একো লাভ কৰা সম্ভৱ নহয়।"

ছাৰা আলী খানৰ এই পোষ্টটোত মানুহে বহুত কমেন্ট কৰি নিজৰ মতামত দিছে। সকলোৱে ছাৰাক প্ৰশংসা কৰিছে।

ভিডিঅ'টোত ছাৰা আলী খানক বহুত সাধাৰণকৈ থকা দেখা গৈছে। নীলা ৰঙৰ প্ৰিণ্টেড চুট পিন্ধিছে, লগতে চুলিখিনিও খোলা ৰখা হৈছে। ছাৰাৰ এই সহজ সৰল ৰূপে পুনৰবাৰ অনুৰাগীসকলৰ হৃদয় জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী