--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলী খানে নিজৰ সৰলতাৰে সকলোৰে মন মুহি নিয়ে। সৰলতা যেন ছাৰাৰ অন্যতম এক অলংকাৰ।সহজ-সৰল ছাৰাৰ সৌন্দৰ্য্য আৰু সৰলতা দেখি সকলোৱে তেওঁৰ প্ৰতি আকৰ্ষিত হয়। বলীউডৰ ছুপাৰষ্টাৰ ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা হোৱাৰ পাছতো ছাৰাক প্ৰায়ে সাধাৰণ জনতাৰ মাজত সময় কটোৱা দেখা যায়। 

শেহতীয়াকৈ ছাৰাক মুম্বাইৰ ল'কেল ট্ৰেইনত যাত্ৰা কৰা দেখা গৈছিল। এই ভিডিঅ’টো ছাৰা আলী খানে নিজেই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল। বৰ্তমান ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে ল'কেল ট্ৰেইনত বন্ধু-বান্ধৱীৰ সৈতে আৰু পাছলৈ অ’ট’ত যাত্ৰা কৰা দেখা গৈছে।


মুম্বাইৰ ল'কেল ট্ৰেইনত ছাৰা আলী খান (Sara Ali Khan)



ভিডিঅ'টোত ছাৰা আলী খানে লিখিছে, "নমস্কাৰ দৰ্শকসকল...আমি এতিয়া ল'কেল ট্ৰেইনত আছো। কাৰণ বাহিৰত বহুত যান-জঁট আছিল আৰু সেইবাবেই সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ আমি ল'কেল ট্ৰেইনত উঠিলোঁ। কষ্ট নকৰাকৈ একো লাভ কৰা সম্ভৱ নহয়।"

ছাৰা আলী খানৰ এই পোষ্টটোত মানুহে বহুত কমেন্ট কৰি নিজৰ মতামত দিছে। সকলোৱে ছাৰাক প্ৰশংসা কৰিছে।

ভিডিঅ'টোত ছাৰা আলী খানক বহুত সাধাৰণকৈ থকা দেখা গৈছে। নীলা ৰঙৰ প্ৰিণ্টেড চুট পিন্ধিছে, লগতে চুলিখিনিও খোলা ৰখা হৈছে। ছাৰাৰ এই সহজ সৰল ৰূপে পুনৰবাৰ অনুৰাগীসকলৰ হৃদয় জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক