--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকফাষ্টক দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয়৷ব্ৰেকফাষ্ট কৰাৰ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি আৰু পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু নিয়মীয়াকৈ ব্ৰেকফাষ্ট এৰি দিলে কি হয়?

জাৰ্নেল অৱ জেনেৰেল ইণ্টাৰনেল মেডিচিনত প্ৰকাশিত চীনা গৱেষকসকলৰ এক অধ্যয়ন অনুসৰি ব্ৰেকফাষ্ট দৈনিকভাৱে খোৱা এৰি দিলে খাদ্যনলী, গেষ্ট্ৰিক, কলৰেক্টাল, লিভাৰ, পিত্তথলী, এক্সট্ৰাহেপাটিক পিত্তনলীৰ কৰ্কট ৰোগকে ধৰি গেষ্ট্ৰাইটিছ (GI) কেন্সাৰৰ সম্ভাৱনা অধিক।

মাৰ্চ মাহত প্ৰকাশ পোৱা এই অধ্যয়নত ৬২,৭৪৬ জন অংশগ্ৰহণকাৰী জড়িত আছিল, আটাইকেইজনেই চীনৰ নাগৰিক, যিসকল এটা বৃহৎ প্ৰকল্পৰ অংশ আছিল৷ অংশগ্ৰহণকাৰীসকলক গড়ে ৫.৬ বছৰ ধৰি অনুসৰণ কৰা হৈছিল।অধ্যয়নৰ শেষত অংশগ্ৰহণকাৰীসকলৰ মাজত জি আই কেন্সাৰৰ ৩৬৯টা ৰোগী চিনাক্ত কৰা হৈছিল, যিটো ব্ৰেকফাষ্ট এৰি দিয়া লোকসকলৰ মাজত অধিক।অধ্যয়নটোৰ গৱেষকসকলে লক্ষ্য কৰিছে যে, “অভ্যাসগতভাৱে ব্ৰেকফাষ্ট এৰি দিলে খাদ্যনলী, গেষ্ট্ৰিক, কলৰেক্টাল, যকৃত, পিত্তথলী, আৰু এক্সট্ৰাহেপাটিক পিত্তনলীৰ কেন্সাৰকে ধৰি জি আই কেন্সাৰৰ সম্ভাৱনা অধিক আছিল।”

কিন্তু এগৰাকী ভাৰতীয় বিজ্ঞানীয়ে কয় যে, “চীনৰ অধ্যয়নৰ পৰা পোৱা তথ্যসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ভাৰততো একেধৰণৰ বিশ্লেষণ কৰাটো উপযোগী হ’ব পাৰে, ব্ৰেকফাষ্ট এৰি দিয়াটো কিমান ক্ষতিকাৰক হ’ব পাৰে সেই কথা বুজিবলৈ সময়ৰ প্ৰয়োজন হ’ৱ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক