--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকফাষ্টক দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয়৷ব্ৰেকফাষ্ট কৰাৰ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি আৰু পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু নিয়মীয়াকৈ ব্ৰেকফাষ্ট এৰি দিলে কি হয়?

জাৰ্নেল অৱ জেনেৰেল ইণ্টাৰনেল মেডিচিনত প্ৰকাশিত চীনা গৱেষকসকলৰ এক অধ্যয়ন অনুসৰি ব্ৰেকফাষ্ট দৈনিকভাৱে খোৱা এৰি দিলে খাদ্যনলী, গেষ্ট্ৰিক, কলৰেক্টাল, লিভাৰ, পিত্তথলী, এক্সট্ৰাহেপাটিক পিত্তনলীৰ কৰ্কট ৰোগকে ধৰি গেষ্ট্ৰাইটিছ (GI) কেন্সাৰৰ সম্ভাৱনা অধিক।

মাৰ্চ মাহত প্ৰকাশ পোৱা এই অধ্যয়নত ৬২,৭৪৬ জন অংশগ্ৰহণকাৰী জড়িত আছিল, আটাইকেইজনেই চীনৰ নাগৰিক, যিসকল এটা বৃহৎ প্ৰকল্পৰ অংশ আছিল৷ অংশগ্ৰহণকাৰীসকলক গড়ে ৫.৬ বছৰ ধৰি অনুসৰণ কৰা হৈছিল।অধ্যয়নৰ শেষত অংশগ্ৰহণকাৰীসকলৰ মাজত জি আই কেন্সাৰৰ ৩৬৯টা ৰোগী চিনাক্ত কৰা হৈছিল, যিটো ব্ৰেকফাষ্ট এৰি দিয়া লোকসকলৰ মাজত অধিক।অধ্যয়নটোৰ গৱেষকসকলে লক্ষ্য কৰিছে যে, “অভ্যাসগতভাৱে ব্ৰেকফাষ্ট এৰি দিলে খাদ্যনলী, গেষ্ট্ৰিক, কলৰেক্টাল, যকৃত, পিত্তথলী, আৰু এক্সট্ৰাহেপাটিক পিত্তনলীৰ কেন্সাৰকে ধৰি জি আই কেন্সাৰৰ সম্ভাৱনা অধিক আছিল।”

কিন্তু এগৰাকী ভাৰতীয় বিজ্ঞানীয়ে কয় যে, “চীনৰ অধ্যয়নৰ পৰা পোৱা তথ্যসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ভাৰততো একেধৰণৰ বিশ্লেষণ কৰাটো উপযোগী হ’ব পাৰে, ব্ৰেকফাষ্ট এৰি দিয়াটো কিমান ক্ষতিকাৰক হ’ব পাৰে সেই কথা বুজিবলৈ সময়ৰ প্ৰয়োজন হ’ৱ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু