--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদিনা এবিধ জনপ্ৰিয় সুগন্ধি বনৌষধি। ৰন্ধা-বঢ়াত পদিনা পাতৰ মূল্য আছে যদিও এই পাতবোৰ অতীজৰে পৰা ঔষধি সামগ্ৰী হিচাপে বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। পদিনা পাতৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে বহুতে নাজানে। পদিনা পাতৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে জানো আহক...

ব্যৱহাৰ:
১. মৌ আৰু নিমখ মিহলাই পদিনা বটা খালী পেটত খালে কৃমি ভাল হয়।
২. পদিনা পাত চৰ্দি আৰু কুষ্ঠ ৰোগত উপযোগী।

৩. পদিনা পাত থেতেলিয়াই শুকুৱাই লোৱা মৃগী ৰোগত উপকাৰী।

৪. বুটমাহৰ মৌৰ লগত সিজোৱা পদিনা পাত মিহলাই ভৰিৰ আলচাৰৰ বাবে উপকাৰী।

৫. পদিনা পাতৰ ৰস মৌৰ লগত মিহলাই খালে শৰীৰত জমা হোৱা মাটি ঘাম হৈ ওলাই আহে।

৬. পদিনা পাতৰ ৰস বাৰে বাৰে খৰৰ ওপৰত লগালে সহায়ক হয়।

৭. নাকৰ ভিতৰত পদিনা পাতৰ ৰস ১-২ টোপাল দিলে ঠাণ্ডা ভাল হয়।

৮. পদিনা পাত চোবাই কামোৰা ঠাইত লগালে কামোৰাৰ বিষ বা অস্বস্তিৰ পৰা উপশম পাব।

৯. পদিনা পাতৰ ছাইৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত হয়।

উপকাৰিতা-

১. যিকোনো বিষৰ পৰা তৎক্ষণাত সকাহ পাবলৈ পদিনা পাতৰ ৰস অতি উপযোগী। এই ৰস ছালৰ ভিতৰলৈ গৈ স্নায়ুত উপনীত হয়। গতিকে পদিনা পাত ব্যৱহাৰ কৰি মূৰৰ বিষ বা গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি। মূৰৰ বিষ হ’লে পদিনা পাতৰ চাহ খাব পাৰে। অথবা কিছু সতেজ পদিনা পাত চোবাই খাব পাৰে। গাঁঠিৰ বিষৰ বাবে পদিনা পাতৰ পেষ্ট লগাব পাৰে।

২. বহুতে চৰ্দি হ’লে নাক বন্ধ হৈ পৰা আৰু উশাহ-নিশাহ লোৱাৰ দৰে গুৰুতৰ সমস্যাৰ সন্মুখীন হয়। যদি আপুনি সেই সময়ত পদিনা পাতৰ ৰস খায়, তেন্তে আপুনি এই সমস্যাৰ পৰা নিমিষতে মুক্তি পাব। হাঁপানী আৰু কাহ ৰোগত আক্ৰান্ত লোকক তাৎক্ষণিক সকাহ দিয়াৰ ক্ষেত্ৰত পদিনা পাত অতি ফলপ্ৰসূ। উশাহ-নিশাহ আৰু কাহৰ অসুবিধা হ’লে পদিনা পাত গৰম পানীত সিজাই সেই পানীৰ ভাপ ল’ব পাৰে। ভাপ পোৱাত অসুবিধা হ’লে গাৰ্গল কৰাৰ অভ্যাস গঢ়ি তোলক।

৩. এই পাতৰ ৰসে এন্টিবায়টিক হিচাপে কাম কৰি ছালৰ যিকোনো সংক্ৰমণ ৰোধ কৰে। শুকান পদিনা পাত উতলাই পদিনা পানী বনাই ফ্ৰীজত ৰাখিব। এটা বাল্টি পানীত দহৰ পৰা পোন্ধৰ চামুচ পদিনা পানী মিহলাই গা ধুই লওক। গৰমৰ দিনত বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা শৰীৰৰ অপ্ৰীতিকৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ আপুনি ইয়াক চেষ্টা কৰিব পাৰে। কাৰণ পদিনাত এষ্ট্ৰিংজেণ্ট থাকে। আঁচোৰ, এলাৰ্জী নহ’ব।

৪. পদিনা পাতত এন্টি অক্সিডেন্ট আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে, যিয়ে পেটৰ যিকোনো সমস্যা অতি সোনকালে সমাধান কৰিব পাৰে। যিসকলে পাচনতন্ত্ৰৰ সমস্যা আৰু পেটৰ বিষ বা পেটৰ সমস্যাত ভুগি আছে, তেওঁলোকে খাদ্য খোৱাৰ পিছত ১কাপ পদিনা পাতৰ চাহ খাবলৈ চেষ্টা কৰক। গৰম পানীত ৬/৭ টা সতেজ পদিনা পাত উতলাই মৌ দি সহজে ঘৰতে পদিনা পাতৰ চাহ বনাব পাৰিব।

৫. গৰমৰ দিনত শৰীৰ শীতল কৰি ৰখাৰ বাবে পদিনাৰ ৰস অতি উত্তম। গা ধোৱাৰ আগতে কিছু পদিনা পাত পানীত পেলাই দিব। সেই পানীৰে গা ধুলে শৰীৰ আৰু মন মজবুত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement