--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদিনা এবিধ জনপ্ৰিয় সুগন্ধি বনৌষধি। ৰন্ধা-বঢ়াত পদিনা পাতৰ মূল্য আছে যদিও এই পাতবোৰ অতীজৰে পৰা ঔষধি সামগ্ৰী হিচাপে বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। পদিনা পাতৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে বহুতে নাজানে। পদিনা পাতৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে জানো আহক...

ব্যৱহাৰ:
১. মৌ আৰু নিমখ মিহলাই পদিনা বটা খালী পেটত খালে কৃমি ভাল হয়।
২. পদিনা পাত চৰ্দি আৰু কুষ্ঠ ৰোগত উপযোগী।

৩. পদিনা পাত থেতেলিয়াই শুকুৱাই লোৱা মৃগী ৰোগত উপকাৰী।

৪. বুটমাহৰ মৌৰ লগত সিজোৱা পদিনা পাত মিহলাই ভৰিৰ আলচাৰৰ বাবে উপকাৰী।

৫. পদিনা পাতৰ ৰস মৌৰ লগত মিহলাই খালে শৰীৰত জমা হোৱা মাটি ঘাম হৈ ওলাই আহে।

৬. পদিনা পাতৰ ৰস বাৰে বাৰে খৰৰ ওপৰত লগালে সহায়ক হয়।

৭. নাকৰ ভিতৰত পদিনা পাতৰ ৰস ১-২ টোপাল দিলে ঠাণ্ডা ভাল হয়।

৮. পদিনা পাত চোবাই কামোৰা ঠাইত লগালে কামোৰাৰ বিষ বা অস্বস্তিৰ পৰা উপশম পাব।

৯. পদিনা পাতৰ ছাইৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত হয়।

উপকাৰিতা-

১. যিকোনো বিষৰ পৰা তৎক্ষণাত সকাহ পাবলৈ পদিনা পাতৰ ৰস অতি উপযোগী। এই ৰস ছালৰ ভিতৰলৈ গৈ স্নায়ুত উপনীত হয়। গতিকে পদিনা পাত ব্যৱহাৰ কৰি মূৰৰ বিষ বা গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি। মূৰৰ বিষ হ’লে পদিনা পাতৰ চাহ খাব পাৰে। অথবা কিছু সতেজ পদিনা পাত চোবাই খাব পাৰে। গাঁঠিৰ বিষৰ বাবে পদিনা পাতৰ পেষ্ট লগাব পাৰে।

২. বহুতে চৰ্দি হ’লে নাক বন্ধ হৈ পৰা আৰু উশাহ-নিশাহ লোৱাৰ দৰে গুৰুতৰ সমস্যাৰ সন্মুখীন হয়। যদি আপুনি সেই সময়ত পদিনা পাতৰ ৰস খায়, তেন্তে আপুনি এই সমস্যাৰ পৰা নিমিষতে মুক্তি পাব। হাঁপানী আৰু কাহ ৰোগত আক্ৰান্ত লোকক তাৎক্ষণিক সকাহ দিয়াৰ ক্ষেত্ৰত পদিনা পাত অতি ফলপ্ৰসূ। উশাহ-নিশাহ আৰু কাহৰ অসুবিধা হ’লে পদিনা পাত গৰম পানীত সিজাই সেই পানীৰ ভাপ ল’ব পাৰে। ভাপ পোৱাত অসুবিধা হ’লে গাৰ্গল কৰাৰ অভ্যাস গঢ়ি তোলক।

৩. এই পাতৰ ৰসে এন্টিবায়টিক হিচাপে কাম কৰি ছালৰ যিকোনো সংক্ৰমণ ৰোধ কৰে। শুকান পদিনা পাত উতলাই পদিনা পানী বনাই ফ্ৰীজত ৰাখিব। এটা বাল্টি পানীত দহৰ পৰা পোন্ধৰ চামুচ পদিনা পানী মিহলাই গা ধুই লওক। গৰমৰ দিনত বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা শৰীৰৰ অপ্ৰীতিকৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ আপুনি ইয়াক চেষ্টা কৰিব পাৰে। কাৰণ পদিনাত এষ্ট্ৰিংজেণ্ট থাকে। আঁচোৰ, এলাৰ্জী নহ’ব।

৪. পদিনা পাতত এন্টি অক্সিডেন্ট আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে, যিয়ে পেটৰ যিকোনো সমস্যা অতি সোনকালে সমাধান কৰিব পাৰে। যিসকলে পাচনতন্ত্ৰৰ সমস্যা আৰু পেটৰ বিষ বা পেটৰ সমস্যাত ভুগি আছে, তেওঁলোকে খাদ্য খোৱাৰ পিছত ১কাপ পদিনা পাতৰ চাহ খাবলৈ চেষ্টা কৰক। গৰম পানীত ৬/৭ টা সতেজ পদিনা পাত উতলাই মৌ দি সহজে ঘৰতে পদিনা পাতৰ চাহ বনাব পাৰিব।

৫. গৰমৰ দিনত শৰীৰ শীতল কৰি ৰখাৰ বাবে পদিনাৰ ৰস অতি উত্তম। গা ধোৱাৰ আগতে কিছু পদিনা পাত পানীত পেলাই দিব। সেই পানীৰে গা ধুলে শৰীৰ আৰু মন মজবুত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু