--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকফাষ্ট দিনটোৰ প্ৰথম আহাৰ, গতিকে ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি আপুনি আপোনাৰ দিনটোৰ ভাল আৰম্ভণি বিচাৰে, তেন্তে আপুনি স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ ব্ৰেকফাষ্ট কৰা উচিত। ইয়াৰ লগে লগে শৰীৰে দিনটোৰ কামৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰে। কিন্তু কিছুমান মানুহে ব্ৰেকফাষ্ট কৰি থাকোঁতে সৰু সৰু ভুল কৰে, যাৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰে। কেৱল এয়াই নহয়, এই ভুলবোৰৰ বাবেই ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰৰ দৰে ৰোগে আগুৰি ধৰে। 

ব্ৰেকফাষ্ট কৰোতে এই ভুলবোৰ নকৰিব-

১) ব্ৰেকফাষ্টত প্ৰটিনৰ অভাৱঃ আমাৰ বেছিভাগেই ব্ৰেকফাষ্টত এনেকুৱা কিছুমান বস্তু অন্তৰ্ভুক্ত কৰে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আপুনি জানেনে আমাৰ শৰীৰৰ বাবে প্ৰটিন কিমান গুৰুত্বপূৰ্ণ। ইয়াক সেৱন কৰিলে পেটটো বহু সময়লৈকে ভৰপূৰ হৈ থাকে। সেইবাবেই প্ৰটিন সমৃদ্ধ বস্তু ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব লাগিব। ব্ৰেকফাষ্টত প্ৰটিন অন্তৰ্ভুক্ত কৰিলে পেশীৰ বিকাশ আৰু তেজৰ ছুগাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি খাব লাগিব কণী, আলমণ্ড, দুগ্ধজাত সামগ্ৰী, ৰঙালাও গুটি, পিনাট বাটাৰ(বাদাম বাটাৰ) আদি

২) ব্ৰেকফাষ্টত ফাইভাৰ নাথাকেঃ যদি আপুনি ব্ৰেকফাষ্টত ফাইবাৰ অন্তৰ্ভুক্ত নকৰে, তেন্তে ভুল কৰিছে। ই বহু সময়লৈকে পেট ভৰপূৰ কৰি ৰাখে। সেইবাবেই ব্ৰেকফাষ্টত ফাইবাৰ অন্তৰ্ভুক্ত কৰিব লাগে। ব্ৰেকফাষ্টত ফাইবাৰ সেৱন কৰিলে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। আৰু হজম শক্তিও শক্তিশালী হৈ উঠে। ইয়াৰ বাবে আপুনি খাব লাগিব অটছ, মটৰ, ব্ৰাউন ব্ৰেড, ফল, গোমধান, ৰুটী, ৰাজমাহ, বুট, 

৩) পেকেট জুচ সেৱন- যদি আপুনিও ব্ৰেকফাষ্টত পেকেট জুচ সেৱন কৰে, তেন্তে সেয়া ঠিক নহয়। তেনে কৰিলে আপোনাৰ ওজন বৃদ্ধি পাব পাৰে। ই আমাৰ শৰীৰত ছুগাৰৰ পৰিমাণ বৃদ্ধি কৰে, গতিকে পেক কৰা ৰস ব্ৰেকফাষ্টত খাব নালাগে। তাতকৈ ফল খাওক। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement