--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছ-গছনিয়ে পৰিবেশ সুন্দৰ কৰি ৰখাত সহায় কৰে। গছৰ পৰাই মানৱ জীৱনৰ সঞ্জীৱনী স্বৰূপ অক্সিজেনৰ সৃষ্টি হয়। গছে সদায় প্ৰদূষণ ৰোধ কৰি মানুহক সুস্বাস্থ্য প্ৰদান কৰিছে। 

 এজোপা গছক দশ পুত্ৰৰ সৈতে তুলনা কৰি অহা হৈছে। গছৰ পৰাই মানুহে বিভিন্ন খাদ্য আহৰণ কৰাৰ উপৰি গৃহ নির্মাণকে ধৰি আন ঘৰুৱা আচবাব আদিৰ বাবে কাঠ আদি লাভ কৰি আহিছে। গছে সদায় পৰিৱেশ শীতল কৰি ৰাখে। সেইবাবেই মানৱ জীৱনত গছৰ ভূমিকা অতি বেছি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সেয়ে ঘৰৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰৰ চৌপাশে গছ ৰোপণ কৰিব লাগে বুলিয়েই যিকোনো দিশত যিকোনো গছ ৰোপণ কৰিলে তাৰ শুভ ফল লাভ নহ'বও পাৰে। গছ ৰোপণৰ ক্ষেত্ৰত যদি সঠিক দিশ নির্বাচন শুভৰ পৰিৱৰ্তে অশুভ ফলহে লাভ হ'ব। সেইবাবে গছ ৰোপণৰ সময়ত বাস্তুবিধি মানি চলাটো উচিত। 

বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিমএ বট  গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি  গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে। 

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে। 

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

 অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী