--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰ এখনত বাস কৰা লোকসকলৰ মাজত মিলা-প্ৰীতি, সুখ-আনন্দ বৃদ্ধিৰ বাবে ফেংছুইয়ে নানান বিধি দিছে। ফেংছুইৰ মতে  মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে।

 এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি। 

 জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক।জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ