--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :বেঙেনাৰ কিবা উপকাৰিতা আছেনে? প্ৰতিদিনে বেঙেনা খালে কি হয় জানেনে ?হয় বেঙেনাৰ আছে বহু উপকাৰি গুণ।আচলতে সুগন্ধি গোবিন্দভোগা চাউলৰ খিচিৰিয়েই হওক বা ঘূৰণীয়াকৈ কাটি ভজা বেঙেনাই হওক—এইবোৰ খাদ্যৰ নাম শুনিলেই জিভাখন পানী কৰি তোলে।

বেঙেনাৰ খেতি আৰু খোৱাৰ ব্যৱস্থা পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিয়পি পৰিছে। ফেনলিক এচিডৰ অধিক পৰিমাণ আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে ই শীৰ্ষ ১০ খন শাক-পাচলিৰ ভিতৰত স্থান লাভ কৰিছে। বেঙেনাৰ আকাৰ, আকৃতি, ৰং আৰু গঠনৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত বহু পৰিমাণে পাৰ্থক্য আছে। বগা আৰু সেউজীয়া বেঙেনাতকৈ বেঙুনীয়া ৰঙৰ বেঙেনাটো গ্ৰাহকে বেছি পছন্দ কৰে। বেঙেনাৰ প্ৰকাৰৰ তাৰতম্যৰ উপৰিও খেতি পদ্ধতি, ঋতু, পৰিপক্কতাৰ মাত্ৰা, আৰু সংৰক্ষণৰ অৱস্থাই বেঙেনাৰ গঠনত বিশেষ প্ৰভাৱ পেলায়। 

বেঙেনা ১০ ডিগ্ৰী চেলছিয়াছত সংৰক্ষণ কৰিলে গুণগত মানৰ অৱক্ষয়ৰ হাৰ লেহেমীয়াকৈ দেখা দিয়ে। বেঙেনাত থকা প্ৰধান ফেনলিক এচিড ক্ল’ৰজেনিক এচিড আৰু ই মানুহৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে বুলি কোৱা হৈছে। বেঙুনীয়া ৰঙৰ বাকলিত নাছুনিন, এবিধ এন্থ’চাইনিন প্ৰচুৰ পৰিমাণে থাকে যিটো স্বাস্থ্যৰ গুণৰ সৈতেও জড়িত। 

বেঙেনাৰ স্বাস্থ্য উপকাৰিতা জানিলে সঁচাকৈয়ে আচৰিত হ’ব। ইয়াৰ পুষ্টিকৰ মূল্য কি জানো আহক :

১)বেঙেনাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে বেঙেনাৰ কলন কেন্সাৰৰ আক্ৰমণ ৰোধ কৰে।

২)বেঙেনাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে ভোক কমোৱাত সহায় কৰে। যিসকলে ওজন কমাবলৈ পৰিকল্পনা কৰিছে তেওঁলোকে দৈনন্দিন খাদ্য তালিকাত এই শাক-পাচলি ৰাখিব পাৰে।

৩)বেঙেনাত ভিটামিন বি-৬ নামৰ এবিধ ফ্লেভনয়ড থাকে যি হৃদযন্ত্ৰৰ বাবে উপকাৰী। এন্টিঅক্সিডেন্ট সমৃদ্ধ হোৱাৰ বাবে হৃদযন্ত্ৰৰ ধমনীসমূহ সুস্থ হৈ থাকে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়।

৪)পটাছিয়াম আৰু এন্থ’চাইনিনৰ বাবে বেঙেনা খালে ৰক্তচাপো নিয়ন্ত্ৰিত হয়।

৫)বেঙেনাত কাৰ্বহাইড্ৰেট কম থাকে আৰু ফাইবাৰ বেছি থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে সহজে ব্ৰঞ্জল খাব পাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব