--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :বেঙেনাৰ কিবা উপকাৰিতা আছেনে? প্ৰতিদিনে বেঙেনা খালে কি হয় জানেনে ?হয় বেঙেনাৰ আছে বহু উপকাৰি গুণ।আচলতে সুগন্ধি গোবিন্দভোগা চাউলৰ খিচিৰিয়েই হওক বা ঘূৰণীয়াকৈ কাটি ভজা বেঙেনাই হওক—এইবোৰ খাদ্যৰ নাম শুনিলেই জিভাখন পানী কৰি তোলে।

বেঙেনাৰ খেতি আৰু খোৱাৰ ব্যৱস্থা পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিয়পি পৰিছে। ফেনলিক এচিডৰ অধিক পৰিমাণ আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে ই শীৰ্ষ ১০ খন শাক-পাচলিৰ ভিতৰত স্থান লাভ কৰিছে। বেঙেনাৰ আকাৰ, আকৃতি, ৰং আৰু গঠনৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত বহু পৰিমাণে পাৰ্থক্য আছে। বগা আৰু সেউজীয়া বেঙেনাতকৈ বেঙুনীয়া ৰঙৰ বেঙেনাটো গ্ৰাহকে বেছি পছন্দ কৰে। বেঙেনাৰ প্ৰকাৰৰ তাৰতম্যৰ উপৰিও খেতি পদ্ধতি, ঋতু, পৰিপক্কতাৰ মাত্ৰা, আৰু সংৰক্ষণৰ অৱস্থাই বেঙেনাৰ গঠনত বিশেষ প্ৰভাৱ পেলায়। 

বেঙেনা ১০ ডিগ্ৰী চেলছিয়াছত সংৰক্ষণ কৰিলে গুণগত মানৰ অৱক্ষয়ৰ হাৰ লেহেমীয়াকৈ দেখা দিয়ে। বেঙেনাত থকা প্ৰধান ফেনলিক এচিড ক্ল’ৰজেনিক এচিড আৰু ই মানুহৰ দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে বুলি কোৱা হৈছে। বেঙুনীয়া ৰঙৰ বাকলিত নাছুনিন, এবিধ এন্থ’চাইনিন প্ৰচুৰ পৰিমাণে থাকে যিটো স্বাস্থ্যৰ গুণৰ সৈতেও জড়িত। 

বেঙেনাৰ স্বাস্থ্য উপকাৰিতা জানিলে সঁচাকৈয়ে আচৰিত হ’ব। ইয়াৰ পুষ্টিকৰ মূল্য কি জানো আহক :

১)বেঙেনাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে বেঙেনাৰ কলন কেন্সাৰৰ আক্ৰমণ ৰোধ কৰে।

২)বেঙেনাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে ভোক কমোৱাত সহায় কৰে। যিসকলে ওজন কমাবলৈ পৰিকল্পনা কৰিছে তেওঁলোকে দৈনন্দিন খাদ্য তালিকাত এই শাক-পাচলি ৰাখিব পাৰে।

৩)বেঙেনাত ভিটামিন বি-৬ নামৰ এবিধ ফ্লেভনয়ড থাকে যি হৃদযন্ত্ৰৰ বাবে উপকাৰী। এন্টিঅক্সিডেন্ট সমৃদ্ধ হোৱাৰ বাবে হৃদযন্ত্ৰৰ ধমনীসমূহ সুস্থ হৈ থাকে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়।

৪)পটাছিয়াম আৰু এন্থ’চাইনিনৰ বাবে বেঙেনা খালে ৰক্তচাপো নিয়ন্ত্ৰিত হয়।

৫)বেঙেনাত কাৰ্বহাইড্ৰেট কম থাকে আৰু ফাইবাৰ বেছি থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে সহজে ব্ৰঞ্জল খাব পাৰে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক