--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ এটা কথা শুনিছে যে সকলো বস্তুৰে অতিমাত্ৰাটো বেয়া। আপুনি যিয়েই নকৰক কিয় সকলো সীমাৰ ভিতৰত ৰাখি কৰিব লাগে, সেয়া লাগিলে যিয়েই নহওক কিয়। ওজন কমাবৰ বাবে বহু মানুহেই নেমু ৰস সেৱন কৰে। নেমু আমাৰ শৰীৰৰ বাবে নিশ্চয়কৈ বহু প্ৰয়োজনীয় উপাদান। নেমুৱে আমাৰ শৰীৰত বহু উপকাৰিতা সাধন কৰে। কিন্তু প্ৰয়োজনতকৈ অধিক নেমু সেৱন কৰিলে আপোনাৰ শৰীৰৰ হ'ব পাৰে বৃহৎ ক্ষতি। প্ৰয়োজনতকৈ বেছি নেমু সেৱন কৰিলে এজন ব্যক্তিৰ হ’ব পাৰে ডাঙৰ সমস্যা।

নেমু অত্যধিক সেৱন কৰিলে কি কি ৭টা অপকাৰ হয় জানো আহক

১)পেটৰ বিষঃ পেটৰ বাবে আশীৰ্বাদ বুলি গণ্য কৰা নেমু যদি অতিৰিক্তভাৱে সেৱন কৰা হয়, তেন্তে ই উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিবলৈ আৰম্ভ কৰে। আচলতে পানীত বেছিকৈ নেমু চেপিলে গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ডিজিজ (GIRD) আৰু এচিড ৰিফ্লাক্সৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। নেমুৰ দৰে এচিডিক খাদ্যৰ দ্বাৰা GERD আৰু এচিড ৰিফ্লাক্স আৰম্ভ হয়, আৰু ইয়াৰ ফলত পাচনতন্ত্ৰৰ বিঘিনি, স্নায়বিক, বমি আদিৰ সৃষ্টি হ’ব পাৰে।

২)ডিহাইড্ৰেচনঃ যেতিয়া আমি শক্তিৰ বাবে অধিক নেমুপানী খাওঁ, তেতিয়া আমাৰ সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত শৰীৰত ডিহাইড্ৰেচনৰ সম্ভাৱনা বৃদ্ধি পায়।

৩)দাঁতৰ বাবে ক্ষতিকাৰকঃ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনৰ মতে, নেমুত অতি এচিডিক থাকে। এইবোৰ অত্যধিক সেৱন কৰিলে আপোনাৰ দাঁতৰ ইনামেলৰ ক্ষতি হ’ব পাৰে। নেমুপানী বা তেনে কোনো বস্তু সেৱন কৰাৰ পিছত লগে লগে দাঁত ব্ৰাছ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু লগে লগে সাধাৰণ পানী খাব লাগে যাতে দাঁতৰ ইনামেল নষ্ট নহয় ।

৪)এচিডিটিৰ সমস্যাঃ নেমুত অধিক পৰিমাণৰ এচিড থাকে, যদি আপুনি ইয়াক অতিৰিক্তভাৱে সেৱন কৰে, তেন্তে শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি পায়, এনে অৱস্থাত এচিডিটিৰ সমস্যা হ’ব পাৰে।

৫)টনচিলৰ সমস্যাঃ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনৰ মতে, বেছিকৈ নেমুৰ পানী খালে আপোনাৰ ডিঙিত ঘাঁ হ’ব পাৰে। কেৱল এয়াই নহয়, অত্যধিক টেঙা বস্তু বা ফল-মূল সেৱন কৰিলে ডিঙিৰ বিষ আৰু টনচিলৰ সমস্যা হ’ব পাৰে। সেয়েহে সীমিত পৰিমাণতহে সেৱন কৰিব লাগে।

৬)বৃক্কত পাথৰ হোৱাৰ আশংকাঃ নেমুত চাইট্ৰিক এচিডৰ লগতে অক্সালেট থাকে, যাৰ ফলত অধিক পৰিমাণে সেৱন কৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে।

৭)মাইগ্ৰেইনঃ বছৰ বছৰ ধৰি কৰা কিছুমান অধ্যয়নে মাইগ্ৰেইন আৰু টেঙা ফলৰ মাজত এক সম্পৰ্ক অন্বেষণ কৰিছে। নেমুত টাইৰামাইন বেছি থাকে – এয়া এক প্ৰাকৃতিক মনোমাইন, যিটো প্ৰায়ে মূৰৰ বিষৰ সৈতে জড়িত। এই উপাদান আন ফলতকৈ নেমুত বেছিকৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব