--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ এটা কথা শুনিছে যে সকলো বস্তুৰে অতিমাত্ৰাটো বেয়া। আপুনি যিয়েই নকৰক কিয় সকলো সীমাৰ ভিতৰত ৰাখি কৰিব লাগে, সেয়া লাগিলে যিয়েই নহওক কিয়। ওজন কমাবৰ বাবে বহু মানুহেই নেমু ৰস সেৱন কৰে। নেমু আমাৰ শৰীৰৰ বাবে নিশ্চয়কৈ বহু প্ৰয়োজনীয় উপাদান। নেমুৱে আমাৰ শৰীৰত বহু উপকাৰিতা সাধন কৰে। কিন্তু প্ৰয়োজনতকৈ অধিক নেমু সেৱন কৰিলে আপোনাৰ শৰীৰৰ হ'ব পাৰে বৃহৎ ক্ষতি। প্ৰয়োজনতকৈ বেছি নেমু সেৱন কৰিলে এজন ব্যক্তিৰ হ’ব পাৰে ডাঙৰ সমস্যা।

নেমু অত্যধিক সেৱন কৰিলে কি কি ৭টা অপকাৰ হয় জানো আহক

১)পেটৰ বিষঃ পেটৰ বাবে আশীৰ্বাদ বুলি গণ্য কৰা নেমু যদি অতিৰিক্তভাৱে সেৱন কৰা হয়, তেন্তে ই উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিবলৈ আৰম্ভ কৰে। আচলতে পানীত বেছিকৈ নেমু চেপিলে গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স ডিজিজ (GIRD) আৰু এচিড ৰিফ্লাক্সৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। নেমুৰ দৰে এচিডিক খাদ্যৰ দ্বাৰা GERD আৰু এচিড ৰিফ্লাক্স আৰম্ভ হয়, আৰু ইয়াৰ ফলত পাচনতন্ত্ৰৰ বিঘিনি, স্নায়বিক, বমি আদিৰ সৃষ্টি হ’ব পাৰে।

২)ডিহাইড্ৰেচনঃ যেতিয়া আমি শক্তিৰ বাবে অধিক নেমুপানী খাওঁ, তেতিয়া আমাৰ সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত শৰীৰত ডিহাইড্ৰেচনৰ সম্ভাৱনা বৃদ্ধি পায়।

৩)দাঁতৰ বাবে ক্ষতিকাৰকঃ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনৰ মতে, নেমুত অতি এচিডিক থাকে। এইবোৰ অত্যধিক সেৱন কৰিলে আপোনাৰ দাঁতৰ ইনামেলৰ ক্ষতি হ’ব পাৰে। নেমুপানী বা তেনে কোনো বস্তু সেৱন কৰাৰ পিছত লগে লগে দাঁত ব্ৰাছ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু লগে লগে সাধাৰণ পানী খাব লাগে যাতে দাঁতৰ ইনামেল নষ্ট নহয় ।

৪)এচিডিটিৰ সমস্যাঃ নেমুত অধিক পৰিমাণৰ এচিড থাকে, যদি আপুনি ইয়াক অতিৰিক্তভাৱে সেৱন কৰে, তেন্তে শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি পায়, এনে অৱস্থাত এচিডিটিৰ সমস্যা হ’ব পাৰে।

৫)টনচিলৰ সমস্যাঃ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনৰ মতে, বেছিকৈ নেমুৰ পানী খালে আপোনাৰ ডিঙিত ঘাঁ হ’ব পাৰে। কেৱল এয়াই নহয়, অত্যধিক টেঙা বস্তু বা ফল-মূল সেৱন কৰিলে ডিঙিৰ বিষ আৰু টনচিলৰ সমস্যা হ’ব পাৰে। সেয়েহে সীমিত পৰিমাণতহে সেৱন কৰিব লাগে।

৬)বৃক্কত পাথৰ হোৱাৰ আশংকাঃ নেমুত চাইট্ৰিক এচিডৰ লগতে অক্সালেট থাকে, যাৰ ফলত অধিক পৰিমাণে সেৱন কৰিলে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা থাকে।

৭)মাইগ্ৰেইনঃ বছৰ বছৰ ধৰি কৰা কিছুমান অধ্যয়নে মাইগ্ৰেইন আৰু টেঙা ফলৰ মাজত এক সম্পৰ্ক অন্বেষণ কৰিছে। নেমুত টাইৰামাইন বেছি থাকে – এয়া এক প্ৰাকৃতিক মনোমাইন, যিটো প্ৰায়ে মূৰৰ বিষৰ সৈতে জড়িত। এই উপাদান আন ফলতকৈ নেমুত বেছিকৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক