--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়ংকৰ খৰাঙৰ কৱলত পৰিছে প্ৰযুক্তিৰ চহৰ বেংগালুৰু৷ খৰাং পৰিস্থিতিয়ে একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে বেংগালুৰুত। তীব্ৰ জলসংকটত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে কৰ্ণাটকৰ ৰাজধানী চহৰখনত। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বেংগালুৰুত এতিয়া এবাল্টি পানীৰ দাম হৈছেগৈ দুহাজাৰ টকা পৰ্যন্ত।

বিগত কিছুদিন ধৰি বেংগালুৰুত অব্যাহত জলসংকট। জলসংকটৰ পৰা সাৰি যোৱা নাই নায়ক, ৰাজনীতিবিদকে ধৰি হাইপ্ৰফাইল লোকো। বুধবাৰে কৰ্ণাটকৰ উপ–মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কৰিলে অসহায় স্বীকাৰোক্তি। খোদ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰতো দেখা দিছে তীব্ৰ জলসংকটে। বাধ্য হৈ আনকি পানীৰ ব্যৱহাৰ কমাইছে উপ–মুখ্যমন্ত্ৰীগৰাকীয়েও। 

সম্প্ৰতি বেংগালুৰুবাসীক পানীৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাইছে কৰ্ণাটক চৰকাৰে। প্ৰশাসনে আনকি এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা। দৈনিক ২০ শতাংশ পানীৰ খৰচ কমাবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। নিয়ম নামানিলে আনকি ৫ হাজাৰ টকাপৰ্যন্ত জৰিমনা বিহাৰো হুংকাৰ দিছে প্ৰশাসনে। পানীৰ সঠিক ব্যৱহাৰৰ বাবে বেংগালুৰু পানীযোগান আৰু নিষ্কাশন বোৰ্ডে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা৷ বাহন ধুৱাৰ ক্ষেত্ৰত পানী ব্যৱহাৰ কৰিব নোৱাৰিব বেংগালুৰুৰ কোনো লোকে৷ তাৰোপৰি নিৰ্মাণকাৰ্যৰ বাবেও পানী ব্যৱহাৰ কৰিব নোৱাৰিব বেংগালুৰুবাসীয়ে৷ 

আনহাতে চিনেমাহলত খোৱাপানীৰ বাহিৰে অন্য কামত অপচয় কৰিব নোৱাৰিব পানী৷ অন্যথা ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা৷ 

উল্লেখ্য যে, বেংগালুৰুত আছে ১.৩ কোটি বাসিন্দা৷ ১.৩ কোটি বাংগালুৰুবাসীৰ বাবে দৈনিক প্ৰয়োজন হয় ২৬০০ৰ পৰা ২৮০০ মিলিয়ন লিটাৰ পানী৷ ইপিনে পানীৰ তীব্ৰ নাটনিৰ সুবিধা গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে পানীৰ দাম। বেংগালুৰুত পূৰ্বতে ৫ হাজাৰ লিটাৰ পানীৰ দাম আছিল ৫০০ টকা। 

কিন্তু পানীৰ নাটনিৰ পৰিপ্ৰেক্ষিতত ৫ হাজাৰ লিটাৰ পানীৰ বৰ্তমান দাম বৃদ্ধি পাইছে দুহাজাৰ টকাপৰ্যন্ত। এনে পৰিস্থিতিত অসাধু ব্যৱসায়ীৰে মোকাবিলা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। ২০০ৰো অধিক ব্যক্তিগত টেংকাৰৰ সহায়েৰে পানী যোগানৰ ব্যৱস্থা কৰিছে বেংগালুৰুৰ প্ৰশাসনে। লগতে নিৰ্দিষ্ট দূৰত্বৰ ক্ষেত্ৰত ন্যূনতম নিৰিখ নিৰ্ধাৰণ কৰিছে প্ৰশাসনে। 

জলসংকটেৰে মোকাবিলা কৰিবলৈ স্থানীয় বিধায়কৰে চৰকাৰে গঠন কৰিছে টাস্ক ফ’ৰ্চ। বেংগালুৰুৰ প্ৰায় ২২৩টা এলেকাত সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে জলসংকটে। মূলতঃ খৰাং বতৰৰ বাবেই কৃত্ৰিম জলসংকটৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটকত উত্তৰ–পশ্চিম আৰু উত্তৰ–পূব মৌচুমী বতাহৰ আগমন নোহোৱাৰ বাবেই হোৱা নাই বৰষুণ। যাৰ ফলত চহৰখনত ভূগৰ্ভৰ জলস্তৰ হ্ৰাস পাইছে। ইয়াৰ ফলতেই জলসংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজধানী চহৰখনত। বৰষুণ নিদিলে আগন্তুক সময়ত জলসংকটে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰিছে চৰকাৰে। 

ইপিনে, পৰিস্থিতি নিয়ন্ত্ৰণত কৰ্ণাটক চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ আনিছে বিজেপিয়ে। কৰ্ণাটকৰ ছিদ্দাৰামায়া চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ বিজেপি সাংসদ তেজস্বী সূৰ্যৰ। শীঘ্ৰেই সমস্যাৰ সমাধান নহ’লে ৰাজপথত আন্দোলন কৰিব বুলি হুংকাৰ বিজেপি সাংসদগৰাকীৰ। সময়ত প্ৰয়োজনীয় ব্যৱস্থা নোলোৱাৰ বাবেই বাংগালুৰুত জলসংকটে দেখা দিয়া বুলি অভিযোগ তেজস্বী সূৰ্যৰ। 

ইফালে মহানগৰী গুৱাহাটীতো শেহতীয়াভাৱে দেখা দিছে জলসংকট৷ মহানগৰীত গঢ়ি ফ্লেটসমূহত জধে–মধে বৰিং কৰাৰ ফলত ক্ৰমাৎ হ্ৰাস পাইছে ভূ-গৰ্ভৰ জলস্তৰ৷ এই পৰিস্থিতিত জলসংকটত ভুগিবলগীয়া হৈছে মহানগৰবাসী৷ তাৰোপৰি গুৱাহাটীৰ এই পৰিস্থিতিত অবৈধভাৱে মুনাফা লুটিছে একাংশ অসাধু পানী ব্যৱসায়ীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু