--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা ১৯৫জনীয়া প্ৰথমখন প্ৰাৰ্থী-তালিকাত আছে মাত্ৰ এজন মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থী৷ নাম তেওঁৰ আব্দুল ছালাম৷ দলটোৱে কেৰালাৰ মালাপ্পুৰম আসনৰ পৰা আব্দুল ছালামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছালাম কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য৷ সাংবাদিকে যেতিয়া ছালামক সুধিছিল যে বিজেপিয়ে কেতিয়াও কেৰালাত লোকসভা নিৰ্বাচনত জয়ী হোৱা নাই আৰু তাত দলটোৰ এজনো বিধায়ক নাই, তৎসত্ত্বেও সেই সমষ্টিটোত প্ৰাৰ্থী হোৱাটো কঠিন সিদ্ধান্ত নাছিল নেকি? 

এই প্ৰশ্নটোৰ সন্দৰ্ভত ছালামে কয়, এই সমষ্টিটোত বিজেপিৰ বাবে আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। মই সম্পূৰ্ণৰূপে বুজি পাওঁ যে এয়া এটা অতি কঠিন ক্ষেত্ৰ। কিন্তু দলটোৱে ইয়াত কাম কৰিছে, সাংগঠনিক ভেটি সুদৃঢ় কৰিছে আৰু আমি নিৰন্তৰ কাম কৰিব লাগিব।

তেওঁ কয়, মুছলমানসকলে চৌদি আৰৱত সিমান স্বাধীনতা উপভোগ নকৰে, যিমান স্বাধীনতা ভাৰতত উপভোগ কৰে। ভাৰত মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গ। তেওঁলোকৰ বাবে পৃথিৱীত কোনো সুৰক্ষিত স্থান নাই। যেতিয়া আপুনি মুছলিম বিশ্ব বা ইউ.এ.ই. বা আন দেশলৈ যাব তেতিয়া আপোনালোকে এয়া বুজি পাব।

আব্দুল ছালামে লগতে কয়, যিসকলে কয় যে বিজেপি হিন্দুৰ দল তেওঁলোকে আৰ এছ এছ আৰু বিজেপিক সম্পূৰ্ণৰূপে বুজি নাপায়। তেওঁলোকে বুজিব পৰা নাই যে বিজেপিয়ে কেনেদৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰি আছে। বিজেপিয়ে সকলোৰে বিকাশৰ বাবে কাম কৰি আছে। বিজেপিয়ে কেতিয়াও বৈষম্য নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক