--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা ১৯৫জনীয়া প্ৰথমখন প্ৰাৰ্থী-তালিকাত আছে মাত্ৰ এজন মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থী৷ নাম তেওঁৰ আব্দুল ছালাম৷ দলটোৱে কেৰালাৰ মালাপ্পুৰম আসনৰ পৰা আব্দুল ছালামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছালাম কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য৷ সাংবাদিকে যেতিয়া ছালামক সুধিছিল যে বিজেপিয়ে কেতিয়াও কেৰালাত লোকসভা নিৰ্বাচনত জয়ী হোৱা নাই আৰু তাত দলটোৰ এজনো বিধায়ক নাই, তৎসত্ত্বেও সেই সমষ্টিটোত প্ৰাৰ্থী হোৱাটো কঠিন সিদ্ধান্ত নাছিল নেকি? 

এই প্ৰশ্নটোৰ সন্দৰ্ভত ছালামে কয়, এই সমষ্টিটোত বিজেপিৰ বাবে আমি শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। মই সম্পূৰ্ণৰূপে বুজি পাওঁ যে এয়া এটা অতি কঠিন ক্ষেত্ৰ। কিন্তু দলটোৱে ইয়াত কাম কৰিছে, সাংগঠনিক ভেটি সুদৃঢ় কৰিছে আৰু আমি নিৰন্তৰ কাম কৰিব লাগিব।

তেওঁ কয়, মুছলমানসকলে চৌদি আৰৱত সিমান স্বাধীনতা উপভোগ নকৰে, যিমান স্বাধীনতা ভাৰতত উপভোগ কৰে। ভাৰত মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে স্বৰ্গ। তেওঁলোকৰ বাবে পৃথিৱীত কোনো সুৰক্ষিত স্থান নাই। যেতিয়া আপুনি মুছলিম বিশ্ব বা ইউ.এ.ই. বা আন দেশলৈ যাব তেতিয়া আপোনালোকে এয়া বুজি পাব।

আব্দুল ছালামে লগতে কয়, যিসকলে কয় যে বিজেপি হিন্দুৰ দল তেওঁলোকে আৰ এছ এছ আৰু বিজেপিক সম্পূৰ্ণৰূপে বুজি নাপায়। তেওঁলোকে বুজিব পৰা নাই যে বিজেপিয়ে কেনেদৰে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰি আছে। বিজেপিয়ে সকলোৰে বিকাশৰ বাবে কাম কৰি আছে। বিজেপিয়ে কেতিয়াও বৈষম্য নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী