--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও অশান্ত হৈ আছে মণিপুৰ। সংঘৰ্ষজৰ্জৰ মণিপুৰত সময়ে সময়ে সংঘটিত হৈ আছে বহুকেইটা বিক্ষিপ্ত ঘটনা। এইবাৰ ঘৰৰ পৰাই অপহৰণ কৰা হল সেনা বিষয়াক। 

মণিপুুৰৰ থৌবাল জিলাত আজি একাং লোকে ঘৰৰ পৰাই অপহৰণ কৰিছে ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিচনড অফিচাৰ (জেচিঅ’)ক।

অপহৃত বিষয়াজনৰ নাম কনছাম খেদা সিং। পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় এই অপহৰণৰ ঘটনা। চৰাংপট মামাং লেইকাইস্থিত সিঙৰ ঘৰত প্ৰৱেশ কৰি একাংশ লোকে তেওঁক অপহৰণ কৰে।

অচিনাক্ত দলটোৱে খেদা সিঙক এখন বাহনৰ ভিতৰত ভৰাই সেইস্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই ৰাজ্যখনৰ নিৰাপত্তাহীন ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

অপহৰণকাৰীয়ে ধন আদায়ৰ বাবে খেদা সিঙক অপহৰণ কৰিছে বুলি সন্দেহ কৰা হৈছে। ইতিপূৰ্বে সিঙৰ পৰিয়ালে এনে ভাবুকি লাভ কৰা বুলি বিষয়াসকলে লগতে সদৰী কৰিছে।

জে চি অ’ খেদা সিঙক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী