--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও অশান্ত হৈ আছে মণিপুৰ। সংঘৰ্ষজৰ্জৰ মণিপুৰত সময়ে সময়ে সংঘটিত হৈ আছে বহুকেইটা বিক্ষিপ্ত ঘটনা। এইবাৰ ঘৰৰ পৰাই অপহৰণ কৰা হল সেনা বিষয়াক। 

মণিপুুৰৰ থৌবাল জিলাত আজি একাং লোকে ঘৰৰ পৰাই অপহৰণ কৰিছে ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিচনড অফিচাৰ (জেচিঅ’)ক।

অপহৃত বিষয়াজনৰ নাম কনছাম খেদা সিং। পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় এই অপহৰণৰ ঘটনা। চৰাংপট মামাং লেইকাইস্থিত সিঙৰ ঘৰত প্ৰৱেশ কৰি একাংশ লোকে তেওঁক অপহৰণ কৰে।

অচিনাক্ত দলটোৱে খেদা সিঙক এখন বাহনৰ ভিতৰত ভৰাই সেইস্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই ৰাজ্যখনৰ নিৰাপত্তাহীন ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

অপহৰণকাৰীয়ে ধন আদায়ৰ বাবে খেদা সিঙক অপহৰণ কৰিছে বুলি সন্দেহ কৰা হৈছে। ইতিপূৰ্বে সিঙৰ পৰিয়ালে এনে ভাবুকি লাভ কৰা বুলি বিষয়াসকলে লগতে সদৰী কৰিছে।

জে চি অ’ খেদা সিঙক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু