ডিজিটেল ডেস্কঃ ৰাস্তাৰ কুকুৰৰ কামোৰত মৃত্যু ঘটে মধ্যপ্ৰদেশৰ এগৰাকী আদবয়সীয়া মহিলাৰ। প্ৰত্যক্ষদৰ্শীৰ মতে, ৰাস্তাৰ এদল কুকুৰে খেতিপথাৰলৈ ৰাতিপুৱাই উলাই যোৱা মহিলাগৰাকীক মাটিত পেলাই কামুৰি ছিৰাছিৰ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো কুকুৰে কামোৰাৰ ফলতেই যে মহিলাগৰাকীৰ মৃত্যু ঘটিছে সেয়া প্ৰকাশ পাইছে। আৰক্ষী বিষয়াই জনোৱা মতে, ৫৫ বছৰীয়া মহিলাগৰাকী মধ্যপ্ৰদেশৰ ছিবনী জিলাৰ মুন্দ্ৰাই গাঁৱৰ বাসিন্দা আছিল।
মৃত মহিলাগৰাকীৰ এজন আত্মীয়ই দাবী কৰা মতে, শনিবাৰে পুৱা প্ৰায় ৭ বজাত মহিলাগৰাকী ঘৰৰ সমীপৰ এখন পথাৰলৈ গৈ আছিল। তাত এজোপা গছৰ তলত ৰাস্তাৰ কুকুৰৰ দল এটাই তেওঁৰ ওপৰত আক্ৰমণ চলায়।
আশে-পাশে থকা লোকে জানিবলৈ দিয়ে যে কুকুৰবোৰে মহিলাগৰাকীক মাটিত পেলাই লৈ কামুৰিছিল। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। কাঁহীৱাড়া থানা এলেকাৰ এই ঘটনা সন্দৰ্ভত বন বিভাগকো অৱগত কৰা হৈছে।
কাঁহীৱাড়া আৰক্ষী থানাই জানিবলৈ দিয়ে যে ‘'মৰণোত্তৰ পৰীক্ষাত মহিলাগৰাকীৰ মৃতদেহত জন্তুৱে কামোৰাৰ গভীৰ ঘা পোৱা গৈছে। কুকুৰে কামোৰাৰ ফলতেই অৱশ্যে আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ মৃতদেহ ফৰেনছিক বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।’’
অৱশ্যে আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ মৃতদেহ ফৰেনছিক বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।