--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাস্তাৰ কুকুৰৰ কামোৰত মৃত্যু ঘটে মধ্যপ্ৰদেশৰ এগৰাকী আদবয়সীয়া মহিলাৰ। প্ৰত্যক্ষদৰ্শীৰ মতে, ৰাস্তাৰ এদল কুকুৰে খেতিপথাৰলৈ ৰাতিপুৱাই উলাই যোৱা মহিলাগৰাকীক মাটিত পেলাই কামুৰি ছিৰাছিৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো কুকুৰে কামোৰাৰ ফলতেই যে মহিলাগৰাকীৰ মৃত্যু ঘটিছে সেয়া প্ৰকাশ পাইছে। আৰক্ষী বিষয়াই জনোৱা মতে, ৫৫ বছৰীয়া মহিলাগৰাকী মধ্যপ্ৰদেশৰ ছিবনী জিলাৰ মুন্দ্ৰাই গাঁৱৰ বাসিন্দা আছিল।

মৃত মহিলাগৰাকীৰ এজন আত্মীয়ই দাবী কৰা মতে, শনিবাৰে পুৱা প্ৰায় ৭ বজাত মহিলাগৰাকী ঘৰৰ সমীপৰ এখন পথাৰলৈ গৈ আছিল। তাত এজোপা গছৰ তলত ৰাস্তাৰ কুকুৰৰ দল এটাই তেওঁৰ ওপৰত আক্ৰমণ চলায়।

আশে-পাশে থকা লোকে জানিবলৈ দিয়ে যে কুকুৰবোৰে মহিলাগৰাকীক মাটিত পেলাই লৈ কামুৰিছিল। তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। কাঁহীৱাড়া থানা এলেকাৰ এই ঘটনা সন্দৰ্ভত বন বিভাগকো অৱগত কৰা হৈছে।

কাঁহীৱাড়া আৰক্ষী থানাই জানিবলৈ দিয়ে যে ‘'মৰণোত্তৰ পৰীক্ষাত মহিলাগৰাকীৰ মৃতদেহত জন্তুৱে কামোৰাৰ গভীৰ ঘা পোৱা গৈছে। কুকুৰে কামোৰাৰ ফলতেই অৱশ্যে আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ মৃতদেহ ফৰেনছিক বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।’’

অৱশ্যে আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ মৃতদেহ ফৰেনছিক বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ